Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: አዝ ዙኽሩፍ   አንቀጽ:

আঝ-ঝুখৰূফ

ከመዕራፉ ዓላማዎች:
التحذير من الافتتان بزخرف الحياة الدنيا؛ لئلا يكون وسيلة للشرك.
পাৰ্থিৱ জীৱনৰ সৌন্দৰ্যৰ ফিতনাত পতিত হোৱাৰ পৰা সতৰ্ক কৰা হৈছে, কিয়নো এইটো শ্বিৰ্কত পতিত হোৱাৰ মাধ্যম হ'ব পাৰে।

حٰمٓ ۟ۚۛ
(হা, মীম) এনেকুৱা আখৰৰ বিষয়ে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।
የአረብኛ ቁርኣን ማብራሪያ:
وَالْكِتٰبِ الْمُبِیْنِ ۟ۙۛ
আল্লাহে সত্যৰ পথ দেখুৱা কোৰআনৰ শপত খাইছে।
የአረብኛ ቁርኣን ማብራሪያ:
اِنَّا جَعَلْنٰهُ قُرْءٰنًا عَرَبِیًّا لَّعَلَّكُمْ تَعْقِلُوْنَ ۟ۚ
নিশ্চয় আমি এই কোৰআনখনক আৰবী ভাষাত প্ৰস্তুত কৰিছোঁ। যাতে তোমালোকে সহজেই বুজি পোৱা (হে সেই লোকসকল! যিসকলৰ ভাষাত এই কোৰআন অৱতীৰ্ণ হৈছে)। যাতে তোমালোকে ইয়াৰ অৰ্থ বুজি পোৱা আৰু ইয়াক অন্যান্য জাতিলৈ পৌঁচাই দিব পাৰা।
የአረብኛ ቁርኣን ማብራሪያ:
وَاِنَّهٗ فِیْۤ اُمِّ الْكِتٰبِ لَدَیْنَا لَعَلِیٌّ حَكِیْمٌ ۟ؕ
নিশ্চয় এই কোৰআন লওহে মাহফুজত লিপিবদ্ধ আছে। এইখন সুউচ্চ মৰ্যাদাৱান, তথা হিকমত ভৰা গ্ৰন্থ। ইয়াৰ মাজত থকা আদেশ-নিষেধৰ বিধি-বিধানসমূহ হৈছে সুদৃঢ়।
የአረብኛ ቁርኣን ማብራሪያ:
اَفَنَضْرِبُ عَنْكُمُ الذِّكْرَ صَفْحًا اَنْ كُنْتُمْ قَوْمًا مُّسْرِفِیْنَ ۟
তোমালোকে অধিক শ্বিৰ্ক আৰু গুনাহ কৰা বুলিয়ে আমি তোমালোকৰ প্ৰতি এই কোৰআন অৱতীৰ্ণ কৰা এৰি দিম নেকি? আমি এনেকুৱা কেতিয়াও নকৰোঁ। বৰং আমাৰ দয়াৰ দাবী হৈছে ইয়াৰ পৰিপন্থী।
የአረብኛ ቁርኣን ማብራሪያ:
وَكَمْ اَرْسَلْنَا مِنْ نَّبِیٍّ فِی الْاَوَّلِیْنَ ۟
পূৰ্বৱৰ্তী উম্মতবোৰৰ মাজতো আমি বহুত নবী প্ৰেৰণ কৰিছিলোঁ।
የአረብኛ ቁርኣን ማብራሪያ:
وَمَا یَاْتِیْهِمْ مِّنْ نَّبِیٍّ اِلَّا كَانُوْا بِهٖ یَسْتَهْزِءُوْنَ ۟
বিগত সেই উম্মতবোৰৰ মাজত আল্লাহৰ ফালৰ পৰা যেতিয়াই কোনো নবী আহিছিল, তেতিয়াই সিহঁতে সেই নবীক উপহাস কৰিছিল।
የአረብኛ ቁርኣን ማብራሪያ:
فَاَهْلَكْنَاۤ اَشَدَّ مِنْهُمْ بَطْشًا وَّمَضٰی مَثَلُ الْاَوَّلِیْنَ ۟
অৱশেষত আমি সেই শক্তিশালী উম্মতবোৰকো ধ্বংস কৰিছোঁ, গতিকে এই দুৰ্বল লোকসকলক ধ্বংস কৰাটো আমাৰ পক্ষে কোনো কঠিন বিষয় নহয় তথা আমি অপাৰগ নহয়। নিশ্চয় এই কোৰআনত পূৰ্বৱৰ্তী উম্মতবোৰৰ ধ্বংসৰ বৰ্ণনা কৰা হৈছে, যেনে- আদ, ছামূদ, লূত সম্প্ৰদায় আৰু মাদিয়ানৰ অধিবাসীসকলৰ বিষয়ে।
የአረብኛ ቁርኣን ማብራሪያ:
وَلَىِٕنْ سَاَلْتَهُمْ مَّنْ خَلَقَ السَّمٰوٰتِ وَالْاَرْضَ لَیَقُوْلُنَّ خَلَقَهُنَّ الْعَزِیْزُ الْعَلِیْمُ ۟ۙ
হে ৰাছুল! যদি আপুনি এই মুশ্বৰিকসকলক সোধে যে, আকাশমণ্ডলক কোনে সৃষ্টি কৰিছে? আৰু পৃথিৱীক কোনে সৃষ্টি কৰিছে? তেতিয়া নিশ্চয় সিহঁতে আপোনাৰ প্ৰশ্নৰ উত্তৰ দি ক’বঃ নিশ্চয় এইবোৰক সৰ্বশক্তিমানে সৃষ্টি কৰিছে, যাক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ সকলো বিষয়ে সৰ্বজ্ঞ।
የአረብኛ ቁርኣን ማብራሪያ:
الَّذِیْ جَعَلَ لَكُمُ الْاَرْضَ مَهْدًا وَّجَعَلَ لَكُمْ فِیْهَا سُبُلًا لَّعَلَّكُمْ تَهْتَدُوْنَ ۟ۚ
আল্লাহেই তোমালোকৰ বাবে পৃথিৱীখনক বসবাস যোগ্য বনাইছে। তথা ইয়াত চলাফুৰা কৰাৰ সুবিধা প্ৰদান কৰিছে। তেৱেঁই পাহাৰ-পৰ্বত, ভৈয়াম আদিত তোমালোকৰ বাবে পথ উলিয়াই দিছে। যাতে চলাফুৰাৰ সময়ত তোমালোকে সঠিক গন্তব্যস্থলত উপনীত হ’ব পাৰা।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• سمي الوحي روحًا لأهمية الوحي في هداية الناس، فهو بمنزلة الروح للجسد.
অহীক ‘ৰূহ’ নামেৰে নামকৰণ কৰা হৈছে, কাৰণ মানুহক সঠিক পথ দেখুৱাৰ ক্ষেত্ৰত অহীয়ে গুৰুত্বপূৰ্ণ ভূমিকা বহন কৰে। গতিকে ইয়াৰ স্থান শৰীৰত থকা প্ৰাণৰ দৰে।

• الهداية المسندة إلى الرسول صلى الله عليه وسلم هي هداية الإرشاد لا هداية التوفيق.
ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত সম্পৃক্ত হিদায়ত হৈছে, কেৱল পথপ্ৰদৰ্শন কৰা। সেইটো তাওফীক তথা সামৰ্থ প্ৰদান কৰাৰ হিদায়ত নহয়।

• ما عند المشركين من توحيد الربوبية لا ينفعهم يوم القيامة.
মুশ্বৰিকসকলে তাওহীদে ৰুবূবিয়্যত বিশ্বাস কৰিলেও কিয়ামতৰ দিনা ইয়াৰ দ্বাৰা কোনো লাভ নহ’ব।

 
የይዘት ትርጉም ምዕራፍ: አዝ ዙኽሩፍ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት