የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
23 : 45

اَفَرَءَیْتَ مَنِ اتَّخَذَ اِلٰهَهٗ هَوٰىهُ وَاَضَلَّهُ اللّٰهُ عَلٰی عِلْمٍ وَّخَتَمَ عَلٰی سَمْعِهٖ وَقَلْبِهٖ وَجَعَلَ عَلٰی بَصَرِهٖ غِشٰوَةً ؕ— فَمَنْ یَّهْدِیْهِ مِنْ بَعْدِ اللّٰهِ ؕ— اَفَلَا تَذَكَّرُوْنَ ۟

হে ৰাছুল! আপুনি সেই ব্যক্তিৰ পিনে লক্ষ্য কৰকচোন, যিয়ে নিজৰ প্ৰবৃত্তিৰ অনুসৰণ কৰে, আনকি সি নিজৰ প্ৰবৃত্তিক উপাস্য বনাই লৈছে তথা কেতিয়াও ইয়াৰ বিৰোধিতা নকৰে। তেনেকুৱা ব্যক্তিক আল্লাহে জানি বুজি পথভ্ৰষ্ট কৰি দিছে। কিয়নো সিহঁত পথভ্ৰষ্ট হোৱাৰেই যোগ্য আছিল। সিহঁতৰ অন্তৰত মোহৰ মাৰি দিছে, গতিকে সিহঁতে উপকৃত হোৱাৰ আশাত একো শুনিব নোৱাৰে। লগতে আল্লাহে সিহঁতৰ চকুৰ ওপৰত ৰাখি দিছে আৱৰণ, ফলত সিহঁতে সত্যক দেখা নাপায়। এতেকে কওকচোন, আল্লাহে সিহঁতক পথভ্ৰষ্ট কৰাৰ পিছত, কোনে সিহঁতক সত্যৰ তাওফীক প্ৰদান কৰিব? তোমালোকে প্ৰবৃত্তিৰ অনুসৰণৰ ক্ষতিকৰ দিশসমূহ আৰু আল্লাহৰ চৰীয়ত অনুসৰণৰ উপকাৰী দিশসমূহ বুজি নোপোৱানে? info
التفاسير:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• اتباع الهوى يهلك صاحبه، ويحجب عنه أسباب التوفيق.
প্ৰবৃত্তিৰ অনুসৰণে মানুহক ধ্বংস কৰে, লগতে হিদায়তৰ পথৰ পৰা মানুহক বঞ্চিত কৰে। info

• هول يوم القيامة.
কিয়ামতৰ ভয়াৱহতা। info

• الظن لا يغني من الحق شيئًا، خاصةً في مجال الاعتقاد.
অনুমানে কেতিয়াও সত্যৰ স্থান লব নোৱাৰে, বিশেষকৈ আক্বীদাৰ ক্ষেত্ৰত। info