የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
20 : 46

وَیَوْمَ یُعْرَضُ الَّذِیْنَ كَفَرُوْا عَلَی النَّارِ ؕ— اَذْهَبْتُمْ طَیِّبٰتِكُمْ فِیْ حَیَاتِكُمُ الدُّنْیَا وَاسْتَمْتَعْتُمْ بِهَا ۚ— فَالْیَوْمَ تُجْزَوْنَ عَذَابَ الْهُوْنِ بِمَا كُنْتُمْ تَسْتَكْبِرُوْنَ فِی الْاَرْضِ بِغَیْرِ الْحَقِّ وَبِمَا كُنْتُمْ تَفْسُقُوْنَ ۟۠

আল্লাহৰ লগত কুফৰী কৰা আৰু তেওঁৰ ৰাছুলসকলক অস্বীকাৰ কৰা লোকসকলক যিদিনা শাস্তি বিহিবলৈ জাহান্নামৰ সন্মুখত উপস্থিত কৰোৱা হ’ব, তেতিয়া সিহঁতক ভৰ্ৎসনা কৰি আৰু তিৰস্কাৰ কৰি কোৱা হ’বঃ তোমালোকে পৃথিৱীতেই তোমালোকৰ নেকীসমূহ বিনষ্ট কৰিছিলা, আৰু পাৰ্থিৱ জীৱনৰ ভোগ সামগ্ৰীক প্ৰাধান্য দি সেইবোৰকে উপভোগ কৰিছিলা। সেয়ে আজি তোমালোকক শাস্তি বিহা হ’ব, কাৰণ তোমালোকে পৃথিৱীত অন্যায়ভাৱে সত্যৰ পৰা অহংকাৰ কৰিছিলা, লগতে কুফৰী আৰু পাপকৰ্মৰ জৰিয়তে আল্লাহৰ আনুগত্যৰ পৰা ওলাই গৈছিলা। info
التفاسير: |
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• بيان مكانة بِرِّ الوالدين في الإسلام، بخاصة في حق الأم، والتحذير من العقوق.
ইছলামত পিতা-মাতাৰ সৈতে সদ্ব্যৱহাৰ কৰাৰ গুৰুত্ব প্ৰদান কৰা হৈছে, বিশেষকৈ মাকৰ সৈতে, আৰু তেওঁলোকৰ অবাধ্যতা কৰাৰ পৰা নিষেধ কৰা হৈছে। info

• بيان خطر التوسع في ملاذّ الدنيا؛ لأنها تشغل عن الآخرة.
পাৰ্থিৱ জীৱনৰ ভোগ-বিলাসক অগ্ৰাধিকাৰ দিয়াৰ ভয়াৱহতা, কিয়নো এইবোৰে মানুহক আখিৰাতৰ পৰা অমনোযোগী কৰি তোলে। info

• بيان الوعيد الشديد لأصحاب الكبر والفسوق.
অহংকাৰী আৰু পাপিষ্ঠসকলক কঠোৰভাৱে সতৰ্ক কৰা হৈছে। info