የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
32 : 46

وَمَنْ لَّا یُجِبْ دَاعِیَ اللّٰهِ فَلَیْسَ بِمُعْجِزٍ فِی الْاَرْضِ وَلَیْسَ لَهٗ مِنْ دُوْنِهٖۤ اَوْلِیَآءُ ؕ— اُولٰٓىِٕكَ فِیْ ضَلٰلٍ مُّبِیْنٍ ۟

আৰু মুহাম্মদে যি সত্যৰ পিনে আহ্বান কৰি আছে, সেইটোক যিয়ে স্বীকাৰ নকৰিব, সি পৃথিৱীত পলায়ন কৰি কেতিয়াও আল্লাহক অপাৰগ কৰিব নোৱাৰিব। আল্লাহৰ বাহিৰে সিহঁতৰ কোনো সহায়কো নাই, যিয়ে সিহঁতক শাস্তিৰ পৰা ৰক্ষা কৰিব। এনেকুৱা লোকেই সত্যৰ পৰা প্ৰকাশ্য পথভ্ৰষ্টত পতিত হৈ আছে। info
التفاسير: |
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• من حسن الأدب الاستماع إلى المتكلم والإنصات له.
উত্তম শিষ্টাচাৰৰ দাবী হৈছে বক্তাৰ কথা মনোযোগ সহকাৰে শুনা তথা কথা কোৱাৰ সময়ত মনে মনে থকা। info

• سرعة استجابة المهتدين من الجنّ إلى الحق رسالة ترغيب إلى الإنس.
জিনসকলে সত্য গ্ৰহণৰ ক্ষেত্ৰত যিদৰে আগ্ৰহ দেখুৱাইছে, সেইটোও দৰাচলতে মানুহৰ বাবে এটা প্ৰেৰণাদায়ক বাৰ্তা। info

• الاستجابة إلى الحق تقتضي المسارعة في الدعوة إليه.
সত্য স্বীকাৰ কৰাৰ লগে লগে তাৰ প্ৰতি অন্যান্য লোকসকলক আহ্বান কৰাৰ দায়িত্ব আহি পৰে। info

• الصبر خلق الأنبياء عليهم السلام.
ধৈৰ্য্য হৈছে নবীসকলৰ অন্যতম বৈশিষ্ট্য। info