የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
47 : 5

وَلْیَحْكُمْ اَهْلُ الْاِنْجِیْلِ بِمَاۤ اَنْزَلَ اللّٰهُ فِیْهِ ؕ— وَمَنْ لَّمْ یَحْكُمْ بِمَاۤ اَنْزَلَ اللّٰهُ فَاُولٰٓىِٕكَ هُمُ الْفٰسِقُوْنَ ۟

আল্লাহে ইঞ্জীলত অৱতীৰ্ণ কৰা বিধানসমূহৰ ওপৰত খৃষ্টানসকলে ঈমান ৰখা উচিত, তথা (নবী চাল্লাল্লাহু আলাইহি অছাল্লাম প্ৰেৰিত হোৱাৰ পূৰ্বে সিহঁতৰ মাজত যি সত্য শিক্ষা আছিল) সেই মতে মীমাংসা কৰা উচিত। আনহাতে যিসকলে আল্লাহৰ বিধান অনুযায়ী মীমাংসা নকৰে, সেই সকলেই আল্লাহৰ আনুগত্যৰ পৰা বহিষ্কৃত, সত্য পৰিত্যাগকাৰী আৰু বাতিলৰ পিনে ধাবিত। info
التفاسير: |
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• الأنبياء متفقون في أصول الدين مع وجود بعض الفروق بين شرائعهم في الفروع.
দ্বীনৰ মূল বিষয়বোৰত সকলো নবী একমত, কিন্তু শাখা-প্ৰশাখাসমূহত কিছু পাৰ্থক্য আছে। info

• وجوب تحكيم شرع الله والإعراض عمّا عداه من الأهواء.
আল্লাহৰ বিধান অনুযায়ী মীমাংসা কৰা তথা প্ৰবৃত্তিৰ অনুসৰণৰ পৰা বিৰত থকা অতি প্ৰয়োজন। info

• ذم التحاكم إلى أحكام أهل الجاهلية وأعرافهم.
অজ্ঞতা যুগৰ নীতি-নিয়ম তথা পৰম্পৰা অনুসাৰে মীমাংসা বিচৰাৰ ঘোৰ নিন্দা কৰা হৈছে। info