የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
49 : 5

وَاَنِ احْكُمْ بَیْنَهُمْ بِمَاۤ اَنْزَلَ اللّٰهُ وَلَا تَتَّبِعْ اَهْوَآءَهُمْ وَاحْذَرْهُمْ اَنْ یَّفْتِنُوْكَ عَنْ بَعْضِ مَاۤ اَنْزَلَ اللّٰهُ اِلَیْكَ ؕ— فَاِنْ تَوَلَّوْا فَاعْلَمْ اَنَّمَا یُرِیْدُ اللّٰهُ اَنْ یُّصِیْبَهُمْ بِبَعْضِ ذُنُوْبِهِمْ ؕ— وَاِنَّ كَثِیْرًا مِّنَ النَّاسِ لَفٰسِقُوْنَ ۟

হে ৰাছুল! আপোনাৰ ওপৰত আল্লাহে অৱতীৰ্ণ কৰা বিধান অনুযায়ী আপুনি সিহঁতৰ মাজত ফয়চালা কৰিব, আৰু সেই সকল ব্যক্তিৰ কথা মতে নচলিবা যিসকলে নিজৰ প্ৰবৃত্তিৰ অনুসৰণ কৰে। সিহঁতক এৰাই চলক, অন্যথা সিহঁতে আপোনাক কিছুমান বিধানৰ পৰা আঁতৰাই লৈ যাব, আৰু এই কামত সিহঁত যথোচিত চেষ্টা কৰিব। যদি সিহঁতে আপোনাৰ প্ৰতি অৱতীৰ্ণ কৰা আল্লাহৰ বিধান অনুযায়ী কৰা ফয়চালাক স্বীকাৰ নকৰে, তেন্তে জানি থওঁক যে, আল্লাহে পৃথিৱীতেই সিহঁতক সিহঁতৰ কিছুমান গুনাহৰ শাস্তি দিব বিচাৰে। আনহাতে বাকী গুনাহৰ শাস্তি আখিৰাতত প্ৰদান কৰিব। দৰাচলতে অধিকাংশ লোক আল্লাহৰ আনুগত্যৰ পৰা ওলাই গৈছে। info
التفاسير:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• الأنبياء متفقون في أصول الدين مع وجود بعض الفروق بين شرائعهم في الفروع.
দ্বীনৰ মূল বিষয়বোৰত সকলো নবী একমত, কিন্তু শাখা-প্ৰশাখাসমূহত কিছু পাৰ্থক্য আছে। info

• وجوب تحكيم شرع الله والإعراض عمّا عداه من الأهواء.
আল্লাহৰ বিধান অনুযায়ী মীমাংসা কৰা তথা প্ৰবৃত্তিৰ অনুসৰণৰ পৰা বিৰত থকা অতি প্ৰয়োজন। info

• ذم التحاكم إلى أحكام أهل الجاهلية وأعرافهم.
অজ্ঞতা যুগৰ নীতি-নিয়ম তথা পৰম্পৰা অনুসাৰে মীমাংসা বিচৰাৰ ঘোৰ নিন্দা কৰা হৈছে। info