Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (54) ምዕራፍ: አል-ማኢዳህ
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا مَنْ یَّرْتَدَّ مِنْكُمْ عَنْ دِیْنِهٖ فَسَوْفَ یَاْتِی اللّٰهُ بِقَوْمٍ یُّحِبُّهُمْ وَیُحِبُّوْنَهٗۤ ۙ— اَذِلَّةٍ عَلَی الْمُؤْمِنِیْنَ اَعِزَّةٍ عَلَی الْكٰفِرِیْنَ ؗ— یُجَاهِدُوْنَ فِیْ سَبِیْلِ اللّٰهِ وَلَا یَخَافُوْنَ لَوْمَةَ لَآىِٕمٍ ؕ— ذٰلِكَ فَضْلُ اللّٰهِ یُؤْتِیْهِ مَنْ یَّشَآءُ ؕ— وَاللّٰهُ وَاسِعٌ عَلِیْمٌ ۟
হে মুমিনসকল! তোমালোকৰ মাজৰ যিয়ে নিজৰ দ্বীন এৰি কুফুৰীৰ পিনে উভতি যাব, (সি জানি থোৱা উচিত যে, আল্লাহে সিহঁতৰ পৰিবৰ্তে) এনেকুৱা লোকক সৃষ্টি কৰিব, যিসকলক তেওঁ ভাল পাব, তথা তেওঁলোকেও তেওঁক ভাল পাব হিদায়তৰ পথত অটল থকাৰ কাৰণে। তেওঁলোক মুমিনসকলৰ প্ৰতি নম্ৰ হব আৰু কাফিৰসকলৰ প্ৰতি কঠোৰ হব। আল্লাহৰ পথত নিজৰ প্ৰাণ আৰু ধন-সম্পদৰ সৈতে যুদ্ধ কৰিব, যাতে আল্লাহৰ শব্দ উচ্চ হয়। আৰু কোনো ভৰ্ত্সনাকাৰীৰ ভৰ্ত্সনালৈ ভ্ৰুক্ষেপ নকৰিব। কিয়নো তেওঁলোকৰ দৃষ্টিত সৃষ্টিৰ সন্তুষ্টিতকৈ স্ৰষ্টাৰ সন্তুষ্টি ডাঙৰ। এয়া আল্লাহৰ দান, তেওঁ যাক ইচ্ছা কৰে দান কৰে। আল্লাহ অসীম অনু্গ্ৰহ তথা উপকাৰৰ অধিকাৰী। তেওঁ ভালকৈ জানে কোন তেওঁৰ অনুগ্ৰহ পোৱাৰ বেছি হকদাৰ, তেওঁ তাকেই প্ৰদান কৰে। আৰু কোন উপযুক্ত নহয়, তাক বঞ্চিত কৰে।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• التنبيه علي عقيدة الولاء والبراء التي تتلخص في الموالاة والمحبة لله ورسوله والمؤمنين، وبغض أهل الكفر وتجنُّب محبتهم.
অলা আৰু বাৰাআ সম্পৰ্কীয় আক্বীদাৰ প্ৰতি মনোযোগ আকৰ্ষণ কৰা। যাৰ সাৰাংশ হৈছেঃ আল্লাহ, তেওঁৰ ৰাছুল আৰু মুমিনসকলৰ লগত বন্ধুত্ব কৰা তথা কাফিৰসকলৰ লগত বিদ্বেষ পোষণ কৰা আৰু সিহঁতৰ লগত বন্ধুত্ব কৰাৰ পৰা বিৰত থকা।

• من صفات أهل النفاق: موالاة أعداء الله تعالى.
মুনাফিকসকলৰ এটা বৈশিষ্ট্য এই যে, সিহঁতে আল্লাহৰ শত্ৰুসকলৰ লগত বন্ধুত্ব কৰে।

• التخاذل والتقصير في نصرة الدين قد ينتج عنه استبدال المُقَصِّر والإتيان بغيره، ونزع شرف نصرة الدين عنه.
দ্বীনৰ সহায়ৰ ক্ষেত্ৰত অৱহেলা আৰু প্ৰবঞ্চনা কৰাৰ পৰিণতি এই যে, সিহঁতৰ স্থানত আন লোকক স্থাপন কৰিব। এইদৰে সিহঁতক দ্বীনৰ সহায়তাৰ সন্মানৰ পৰা বঞ্চিত কৰা হ'ব।

• التحذير من الساخرين بدين الله تعالى من الكفار وأهل النفاق، ومن موالاتهم.
মুনাফিক তথা কাফিৰসকলৰ বন্ধুত্বৰ পৰা সাৱধান কৰা হৈছে, যিসকলে আল্লাহৰ দ্বীনক উপহাস কৰে।

 
የይዘት ትርጉም አንቀጽ: (54) ምዕራፍ: አል-ማኢዳህ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት