የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ * - የትርጉሞች ማዉጫ

የይዘት ትርጉም ምዕራፍ: ሱረቱ አር ረሕማን   አንቀጽ:

ছুৰা আৰ-ৰহমান

ከመዕራፉ ዓላማዎች:
تذكير الجن والإنس بنعم الله الباطنة والظاهرة، وآثار رحمته في الدنيا والآخرة.
আল্লাহৰ প্ৰকাশ্য আৰু অপ্ৰকাশ্য নিয়ামতসমূহ সম্পৰ্কে জিন আৰু মানৱক অৱগত কৰোৱা, লগতে পৃথিৱী আৰু আখিৰাতত তেওঁৰ ৰহমতৰ যি প্ৰভাৱ আছে সেইটো অৱগত কৰোৱা।

اَلرَّحْمٰنُ ۟ۙ
কৰুণাময়, যিজন প্রশস্ত দয়াৰ অধিকাৰী।
የአረብኛ ቁርኣን ማብራሪያ:
عَلَّمَ الْقُرْاٰنَ ۟ؕ
তেৱেঁই মানুহৰ বাবে সহজ কৰি দিছে কোৰআন মুখস্থ কৰা আৰু ইয়াৰ অর্থ অনুধাৱন কৰা।
የአረብኛ ቁርኣን ማብራሪያ:
خَلَقَ الْاِنْسَانَ ۟ۙ
তেৱেঁই মানুহক পূর্ণাঙ্গ ৰূপে আৰু অতি সুন্দৰ সৌষ্ঠৱত সৃষ্টি কৰিছে।
የአረብኛ ቁርኣን ማብራሪያ:
عَلَّمَهُ الْبَیَانَ ۟
তেৱেঁই মানুহক কথা আৰু লিখাৰ মাধ্যমত মনৰ ভাৱ প্রকাশ কৰাৰ পদ্ধতি শিকাইছে।
የአረብኛ ቁርኣን ማብራሪያ:
اَلشَّمْسُ وَالْقَمَرُ بِحُسْبَانٍ ۟ۙ
তেৱেঁই সূর্য্য আৰু চন্দ্রক নির্ধাৰণ কৰিছে। উভয়ে নিপুণভাৱে পৰিচালিত। যাতে মানুহে বছৰৰ সংখ্যা আৰু হিচাপ ৰাখিব পাৰে।
የአረብኛ ቁርኣን ማብራሪያ:
وَّالنَّجْمُ وَالشَّجَرُ یَسْجُدٰنِ ۟
কাণ্ডহীন তৃণলতা আৰু বৃক্ষৰাজি উভয়েই মহান আল্লাহৰ উদ্দেশ্যে অনুগত আৰু অবনমিত হৈ ছাজদাহ কৰে।
የአረብኛ ቁርኣን ማብራሪያ:
وَالسَّمَآءَ رَفَعَهَا وَوَضَعَ الْمِیْزَانَ ۟ۙ
তেৱেঁই আকাশক পৃথিৱীৰ ওপৰত চাদ হিচাপে উত্থিত কৰিছে। লগতে পৃথিৱীত ন্যায় বিচাৰ স্থাপন কৰিছে আৰু বান্দাসকলক এই বিষয়ে নির্দেশও দিছে।
የአረብኛ ቁርኣን ማብራሪያ:
اَلَّا تَطْغَوْا فِی الْمِیْزَانِ ۟
তেওঁ ন্যায় বিচাৰ স্থাপন কৰিছে এইকাৰণে যে, হে মানৱ সমাজ! যাতে তোমালোকে অবিচাৰ কৰিব নোৱাৰা। লগতে যাতে ওজন আৰু মাপত তোমালোকে খিয়ানত কৰিব নোৱাৰা।
የአረብኛ ቁርኣን ማብራሪያ:
وَاَقِیْمُوا الْوَزْنَ بِالْقِسْطِ وَلَا تُخْسِرُوا الْمِیْزَانَ ۟
তোমালোকে পৰস্পৰৰ মাজত ওজন কৰি দিয়াৰ সময়ত ন্যায় প্ৰতিষ্ঠা কৰিবা, আনক ওজন কৰি দিওঁতে কমকৈ নিদিবা।
የአረብኛ ቁርኣን ማብራሪያ:
وَالْاَرْضَ وَضَعَهَا لِلْاَنَامِ ۟ۙ
তেৱেঁই সৃষ্টিৰ স্থিৰতাৰ উদ্দেশ্যে পৃথিৱীক বসবাস উপযোগী হিচাপে স্থাপন কৰিছে।
የአረብኛ ቁርኣን ማብራሪያ:
فِیْهَا فَاكِهَةٌ وَّالنَّخْلُ ذَاتُ الْاَكْمَامِ ۟ۖ
য’ত আছে ফলদায়ক বৃক্ষৰাজি আৰু শাখা বিশিষ্ট খেজুৰ গছ, য’ত জোকা জোকা খেজুৰ ফলে।
የአረብኛ ቁርኣን ማብራሪያ:
وَالْحَبُّ ذُو الْعَصْفِ وَالرَّیْحَانُ ۟ۚ
লগতে তাত আছে বাকলিযুক্ত শস্য যেনেঃ গম আৰু জৱ আদি, আৰু আছে সুগন্ধিযুক্ত তৃণলতা।
የአረብኛ ቁርኣን ማብራሪያ:
فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟
হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
የአረብኛ ቁርኣን ማብራሪያ:
خَلَقَ الْاِنْسَانَ مِنْ صَلْصَالٍ كَالْفَخَّارِ ۟ۙ
তেৱেঁই আদম (আলাইহিচ্ছালাম)ক পোৰা মাটি সদৃশ ঠনঠনীয়া শুকান মাটিৰে সৃষ্টি কৰিছে।
የአረብኛ ቁርኣን ማብራሪያ:
وَخَلَقَ الْجَآنَّ مِنْ مَّارِجٍ مِّنْ نَّارٍ ۟ۚ
আৰু জিনসকলৰ পিতাক ধোঁৱাবিহীন লেলিহান অগ্নিশিখাৰে সৃষ্টি কৰিছে।
የአረብኛ ቁርኣን ማብራሪያ:
فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟
হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
የአረብኛ ቁርኣን ማብራሪያ:
رَبُّ الْمَشْرِقَیْنِ وَرَبُّ الْمَغْرِبَیْنِ ۟ۚ
তেৱেঁই শীত আৰু গ্রীষ্মকালত সূর্যৰ দুয়ো উদয়াচল আৰু দুয়ো অস্তাচলৰ প্ৰতিপালক।
የአረብኛ ቁርኣን ማብራሪያ:
فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟
হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• كتابة الأعمال صغيرها وكبيرها في صحائف الأعمال.
সৰু-বৰ সকলো কৰ্ম আমলনামাত লিপিবদ্ধ থাকিব।

• ابتداء الرحمن بذكر نعمه بالقرآن دلالة على شرف القرآن وعظم منته على الخلق به.
দয়াময় আল্লাহে তেওঁৰ নিয়ামতসমূহ উল্লেখ কৰাৰ পূৰ্বে কোৰআনৰ বিষয়ে আলোচনা কৰিছে, এই বিষয়টোৱে কোৰআনৰ মর্যাদা প্ৰমাণ কৰে আৰু ইয়াৰ দ্বাৰা যে সৃষ্টিজগতৰ প্ৰতি মহা অনুগ্রহ কৰা হৈছে সেইটোকে প্রমাণ কৰে।

• مكانة العدل في الإسلام.
ইছলামত ন্যায় বিচাৰৰ আসন হৈছে সুউচ্চ।

• نعم الله تقتضي منا العرفان بها وشكرها، لا التكذيب بها وكفرها.
আল্লাহৰ নিয়ামতসমূহে আমাৰ পৰা স্বীকৃতি আৰু কৃতজ্ঞতা দাবী কৰে। সেইবোৰক অস্বীকাৰ কৰা অথবা কুফৰী কৰাৰ অৱকাশ নাই।

مَرَجَ الْبَحْرَیْنِ یَلْتَقِیٰنِ ۟ۙ
আল্লাহে মিঠা আৰু লুণীয়া উভয় সাগৰকে মিলিত কৰে, বাহ্যিক দৃষ্টিত মিশ্ৰিত দেখা যায়।
የአረብኛ ቁርኣን ማብራሪያ:
بَیْنَهُمَا بَرْزَخٌ لَّا یَبْغِیٰنِ ۟ۚ
কিন্তু দুয়ো সাগৰৰ মাজত আছে এনেকুৱা এখন পর্দা, যিখনে পৰস্পৰক মিশ্ৰিত হ’বলৈ বাধা দিয়ে। ফলত পানীৰ মিঠা অংশ মিঠা থাকে আৰু লুণীয়া অংশ লুণীয়া হৈয়ে থাকে।
የአረብኛ ቁርኣን ማብራሪያ:
فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟
হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
የአረብኛ ቁርኣን ማብራሪያ:
یَخْرُجُ مِنْهُمَا اللُّؤْلُؤُ وَالْمَرْجَانُ ۟ۚ
উভয় সাগৰৰ সঙ্গমস্থলত উৎপন্ন হয় সৰু-ডাঙৰ মুকুতা।
የአረብኛ ቁርኣን ማብራሪያ:
فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟
হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
የአረብኛ ቁርኣን ማብራሪያ:
وَلَهُ الْجَوَارِ الْمُنْشَاٰتُ فِی الْبَحْرِ كَالْاَعْلَامِ ۟ۚ
সাগৰৰ মাজত চলাচল কৰা পৰ্বত সদৃশ নৌযানবোৰ একমাত্ৰ পৱিত্ৰ আল্লাহৰেই নিয়ন্ত্ৰণাধীন।
የአረብኛ ቁርኣን ማብራሪያ:
فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟۠
হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
የአረብኛ ቁርኣን ማብራሪያ:
كُلُّ مَنْ عَلَیْهَا فَانٍ ۟ۚۖ
ভূপৃষ্ঠত থকা সকলো জীৱ-জন্তু নিশ্চিতভাৱে ধ্বংসশীল।
የአረብኛ ቁርኣን ማብራሪያ:
وَّیَبْقٰی وَجْهُ رَبِّكَ ذُو الْجَلٰلِ وَالْاِكْرَامِ ۟ۚ
হে ৰাছুল! কেৱল আপোনাৰ প্ৰতিপালকৰ চেহেৰাই অৱশিষ্ট থাকিব। তেওঁ নিজ বান্দাসকলৰ ওপৰত মহিমাময় আৰু মহা অনুগ্রহশীল। ফলত তেওঁক কেতিয়াও ধ্বংসই স্পৰ্শ নকৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟
হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
የአረብኛ ቁርኣን ማብራሪያ:
یَسْـَٔلُهٗ مَنْ فِی السَّمٰوٰتِ وَالْاَرْضِ ؕ— كُلَّ یَوْمٍ هُوَ فِیْ شَاْنٍ ۟ۚ
তেওঁৰ ওচৰতেই আকাশৰ সকলো ফিৰিস্তা আৰু পৃথিৱীৰ সকলো জিন আৰু মানৱে নিজৰ নিজৰ প্রয়োজন প্ৰাৰ্থনা কৰে। তেওঁ প্ৰতিটো মুহূৰ্ততে বান্দাসকলৰ জীৱন, মৰণ, জীৱিকা অথবা অন্যান্য গুৰুত্বপূৰ্ণ কামত নিয়োজিত থাকে।
የአረብኛ ቁርኣን ማብራሪያ:
فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟
হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
የአረብኛ ቁርኣን ማብራሪያ:
سَنَفْرُغُ لَكُمْ اَیُّهَ الثَّقَلٰنِ ۟ۚ
হে মানৱ আৰু জিনজাতি! অচিৰেই আমি তোমালোকৰ হিচাপ-নিকাচৰ প্ৰতি মনোনিবেশ কৰিম। ফলত প্রত্যেককে প্ৰাপ্য অনুযায়ী ছোৱাব অথবা শাস্তি প্রদান কৰা হ’ব।
የአረብኛ ቁርኣን ማብራሪያ:
فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟
হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
የአረብኛ ቁርኣን ማብራሪያ:
یٰمَعْشَرَ الْجِنِّ وَالْاِنْسِ اِنِ اسْتَطَعْتُمْ اَنْ تَنْفُذُوْا مِنْ اَقْطَارِ السَّمٰوٰتِ وَالْاَرْضِ فَانْفُذُوْا ؕ— لَا تَنْفُذُوْنَ اِلَّا بِسُلْطٰنٍ ۟ۚ
আল্লাহে কিয়ামতৰ দিনা মানৱ আৰু জিন জাতিক সমৱেত কৰি কব: হে মানৱ আৰু জিনজাতি! তোমালোকে যদি আকাশমণ্ডল আৰু পৃথিৱীৰ কোনো কোণৰ পৰা ওলাব পাৰা তেন্তে ওলাই যোৱা। কিন্তু তোমালোকে শক্তি আৰু প্রমাণ নোহোৱাকৈ কেতিয়াও এইটো কৰিব নোৱাৰিবা। আৰু এইটো তোমালোকে পাবা ক’ত?
የአረብኛ ቁርኣን ማብራሪያ:
فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟
হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
የአረብኛ ቁርኣን ማብራሪያ:
یُرْسَلُ عَلَیْكُمَا شُوَاظٌ مِّنْ نَّارٍ ۙ۬— وَّنُحَاسٌ فَلَا تَنْتَصِرٰنِ ۟ۚ
হে মানৱ আৰু জিনজাতি! তোমালোকৰ ওপৰত ধোঁৱাবিহীন অগ্নিৰ লেলিহান শিখা প্রেৰণ কৰা হ’ব, আৰু প্রেৰণ কৰা হ’ব শিখাবিহীন ধোঁৱা। ফলত তোমালোকে সেইটোক প্রতিৰোধ কৰিব নোৱাৰিবা।
የአረብኛ ቁርኣን ማብራሪያ:
فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟
হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
የአረብኛ ቁርኣን ማብራሪያ:
فَاِذَا انْشَقَّتِ السَّمَآءُ فَكَانَتْ وَرْدَةً كَالدِّهَانِ ۟ۚ
যেতিয়া আকাশখন বিদীৰ্ণ হ’ব, যাতে ফিৰিস্তাসকল অৱতৰণ কৰিব পাৰে, তেতিয়া ই তেলৰ দৰে ৰঙা হৈ পৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟
হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
የአረብኛ ቁርኣን ማብራሪያ:
فَیَوْمَىِٕذٍ لَّا یُسْـَٔلُ عَنْ ذَنْۢبِهٖۤ اِنْسٌ وَّلَا جَآنٌّ ۟ۚ
এই মহা ভয়াংকৰ দিৱসত কোনো মানৱ অথবা জিনক সিহঁতৰ পাপ সম্পর্কে সোধ-পোচ কৰা নহ’ব। যিহেতু আল্লাহে সিহঁতৰ আমল সম্পর্কে অৱগত।
የአረብኛ ቁርኣን ማብራሪያ:
فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟
হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
የአረብኛ ቁርኣን ማብራሪያ:
یُعْرَفُ الْمُجْرِمُوْنَ بِسِیْمٰهُمْ فَیُؤْخَذُ بِالنَّوَاصِیْ وَالْاَقْدَامِ ۟ۚ
কিয়ামতৰ দিনা অপৰাধীসকলক সিহঁতৰ চিহ্নৰ দ্বাৰা চিনি পোৱা যাব। কিয়নো সেইদিনা সিহঁতৰ মুখমণ্ডল ক’লা পৰিব আৰু চকুৰ ৰং নীলা হ’ব। ফলত সিহঁতৰ কপালক ভৰিৰ সৈতে বান্ধি জাহান্নামত নিক্ষেপ কৰা হ’ব।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الجمع بين البحر المالح والعَذْب دون أن يختلطا من مظاهر قدرة الله تعالى.
লুণীয়া সাগৰ আৰু মিঠা সাগৰৰ পানীক মিশ্ৰিত নোহোৱাকৈ একত্ৰিত কৰাটো হৈছে আল্লাহৰ ক্ষমতাৰ পৰিচায়ক।

• ثبوت الفناء لجميع الخلائق، وبيان أن البقاء لله وحده حضٌّ للعباد على التعلق بالباقي - سبحانه - دون من سواه.
সকলো সৃষ্টিজগত ধ্বংস হোৱাটো সুসাব্যস্ত বিষয়। তথা এই কথা বৰ্ণনা কৰা হৈছে যে, অৱশিষ্ট থাকিব একমাত্ৰ আল্লাহৰ সত্তা। সেয়ে বান্দাসকলক সকলো ত্যাগ কৰি একমাত্ৰ চিৰঞ্জীৱ সত্তাৰ সৈতে সম্পৰ্ক স্থাপন কৰাৰ প্ৰেৰণা দিয়া হৈছে।

• إثبات صفة الوجه لله على ما يليق به سبحانه دون تشبيه أو تمثيل.
আল্লাহৰ বাবে তেওঁৰ উপযুক্ত চেহেৰা প্ৰমাণিত। ইয়াৰ সৈতে সামঞ্জস্য অথবা কোনো ধৰণৰ তুলনাৰ অৱকাশ নাই।

• تنويع عذاب الكافر.
কাফিৰসকলক বিভিন্ন প্ৰকাৰৰ শাস্তি দিয়া হ’ব।

فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟
হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
የአረብኛ ቁርኣን ማብራሪያ:
هٰذِهٖ جَهَنَّمُ الَّتِیْ یُكَذِّبُ بِهَا الْمُجْرِمُوْنَ ۟ۘ
সিহঁতক ভৰ্ৎসনা কৰি কোৱা হ’বঃ এইখনেই সেই জাহান্নাম যিখনক অপৰাধীসকলে পৃথিৱীত অস্বীকাৰ কৰিছিল। যিখন আজি সিহঁতৰ চকুৰ সন্মুখত, আজি সিহঁতে কোনো পধ্যেই ইয়াক অবিশ্বাস কৰিব নোৱাৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
یَطُوْفُوْنَ بَیْنَهَا وَبَیْنَ حَمِیْمٍ اٰنٍ ۟ۚ
সিহঁতে সেই জাহান্নামৰ মাজত প্ৰচণ্ড উতলা পানীত ঘূৰপাক খাব।
የአረብኛ ቁርኣን ማብራሪያ:
فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟۠
হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
የአረብኛ ቁርኣን ማብራሪያ:
وَلِمَنْ خَافَ مَقَامَ رَبِّهٖ جَنَّتٰنِ ۟ۚ
আৰু যি ব্যক্তিয়ে পৰকালত নিজ প্ৰতিপালকৰ সন্মুখত দণ্ডায়মান হোৱাক ভয় কৰে তথা ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তাৰ বাবে আছে দুটা জান্নাত।
የአረብኛ ቁርኣን ማብራሪያ:
فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟ۙ
হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
የአረብኛ ቁርኣን ማብራሪያ:
ذَوَاتَاۤ اَفْنَانٍ ۟ۚ
এই দুয়োটা জান্নাত বহু সতেজ ডাল-পাত আৰু ফলবিশিষ্ট।
የአረብኛ ቁርኣን ማብራሪያ:
فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟
হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
የአረብኛ ቁርኣን ማብራሪያ:
فِیْهِمَا عَیْنٰنِ تَجْرِیٰنِ ۟ۚ
উভয় জান্নাতত আছে প্রবাহমান পানীবিশিষ্ট দুটা ঝর্না।
የአረብኛ ቁርኣን ማብራሪያ:
فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟
হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
የአረብኛ ቁርኣን ማብራሪያ:
فِیْهِمَا مِنْ كُلِّ فَاكِهَةٍ زَوْجٰنِ ۟ۚ
উভয়তে আছে প্ৰত্যেক ফল-মূলৰ দুটা দুটা প্ৰকাৰ।
የአረብኛ ቁርኣን ማብራሪያ:
فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟
হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
የአረብኛ ቁርኣን ማብራሪያ:
مُتَّكِـِٕیْنَ عَلٰی فُرُشٍ بَطَآىِٕنُهَا مِنْ اِسْتَبْرَقٍ ؕ— وَجَنَا الْجَنَّتَیْنِ دَانٍ ۟ۚ
তেওঁলোকে বিছনাত আউজি বহিব। যিখন বিছনাৰ ভিতৰভাগ হৈছে মোটা ৰেচমৰ দ্বাৰা তৈয়াৰী। তথা উভয় জান্নাতৰ ফল-মূল ইমান নিকটৱৰ্তী থাকিব যে, থিয় হৈ, বহি আৰু আউজি বহিও পাৰি খাব পৰা যাব।
የአረብኛ ቁርኣን ማብራሪያ:
فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟
হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
የአረብኛ ቁርኣን ማብራሪያ:
فِیْهِنَّ قٰصِرٰتُ الطَّرْفِ ۙ— لَمْ یَطْمِثْهُنَّ اِنْسٌ قَبْلَهُمْ وَلَا جَآنٌّ ۟ۚ
তাত থাকিব এনেকুৱা নাৰীসকল, যিসকলৰ দৃষ্টি একমাত্ৰ তেওঁলোকৰ স্বামীৰ প্রতিহে সীমাবদ্ধ। তেওঁলোকৰ সতীত্বক নিজৰ স্বামীৰ পূর্বে কোনো জিন আৰু মানৱে স্পৰ্শ কৰা নাই।
የአረብኛ ቁርኣን ማብራሪያ:
فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟
হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
የአረብኛ ቁርኣን ማብራሪያ:
كَاَنَّهُنَّ الْیَاقُوْتُ وَالْمَرْجَانُ ۟ۚ
সৌন্দৰ্য আৰু পৰিচ্ছন্নতাত তেওঁলোক যেনিবা মণি-মুকুতা।
የአረብኛ ቁርኣን ማብራሪያ:
فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟
হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
የአረብኛ ቁርኣን ማብራሪያ:
هَلْ جَزَآءُ الْاِحْسَانِ اِلَّا الْاِحْسَانُ ۟ۚ
যি ব্যক্তিয়ে সুন্দৰভাৱে নিজ প্ৰতিপালকৰ আনুগত্য কৰে, তাৰ প্রতিদান ইয়াৰ বাহিৰে আৰু কি হ’ব পাৰে যে, আল্লাহে তাক উত্তম প্রতিদান দান কৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟
হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
የአረብኛ ቁርኣን ማብራሪያ:
وَمِنْ دُوْنِهِمَا جَنَّتٰنِ ۟ۚ
উল্লেখিত জান্নাত দুটাৰ বাহিৰেও আৰু দুখন জান্নাত আছে।
የአረብኛ ቁርኣን ማብራሪያ:
فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟ۙ
হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
የአረብኛ ቁርኣን ማብራሪያ:
مُدْهَآمَّتٰنِ ۟ۚ
সেই দুখন অতি ঘন সেউজীয়া।
የአረብኛ ቁርኣን ማብራሪያ:
فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟ۚ
হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
የአረብኛ ቁርኣን ማብራሪያ:
فِیْهِمَا عَیْنٰنِ نَضَّاخَتٰنِ ۟ۚ
এই দুয়োখন জান্নাতত আছে অতি উচ্ছলিত পানীৰ দুটা ঝর্না। যি ঝৰ্নাত পানীৰ গতি কেতিয়াও বন্ধ নহ’ব।
የአረብኛ ቁርኣን ማብራሪያ:
فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟ۚ
হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
የአረብኛ ቁርኣን ማብራሪያ:
فِیْهِمَا فَاكِهَةٌ وَّنَخْلٌ وَّرُمَّانٌ ۟ۚ
এই দুয়োখন জান্নাতত আছে প্রচুৰ ফল-মূল, লগতে আছে বৃহৎ খেজুৰ গছ আৰু ডালিম।
የአረብኛ ቁርኣን ማብራሪያ:
فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟ۚ
হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• أهمية الخوف من الله واستحضار رهبة الوقوف بين يديه.
আল্লাহক ভয় কৰাৰ গুৰুত্ব, আৰু তেওঁৰ সন্মুখত দণ্ডায়মান হোৱাৰ কথাক সদায় স্মৰণ কৰা।

• مدح نساء الجنة بالعفاف دلالة على فضيلة هذه الصفة في المرأة.
জান্নাতী নাৰীসকলক সতী-সাধ্বী বুলি প্রশংসা কৰা হৈছে, গতিকে এইটোৱে উক্ত বৈশিষ্ট্যৰ অধিকাৰিণী নাৰীসকলৰ মর্যাদাৰ প্রমাণ বহন কৰে।

• الجزاء من جنس العمل.
যেনেকুৱা কৰ্ম তেনেকুৱা ফল।

فِیْهِنَّ خَیْرٰتٌ حِسَانٌ ۟ۚ
উক্ত জান্নাতসমূহত আছে উত্তম চৰিত্র আৰু ৰূপহী, ৰমণী নাৰীসকল।
የአረብኛ ቁርኣን ማብራሪያ:
فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟
হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
የአረብኛ ቁርኣን ማብራሪያ:
حُوْرٌ مَّقْصُوْرٰتٌ فِی الْخِیَامِ ۟ۚ
চামিয়ানাবোৰত সংৰক্ষণৰ উদ্দেশ্যে হুৰসকল পৰ্দাত থাকিব।
የአረብኛ ቁርኣን ማብራሪያ:
فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟
হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
የአረብኛ ቁርኣን ማብራሪያ:
لَمْ یَطْمِثْهُنَّ اِنْسٌ قَبْلَهُمْ وَلَا جَآنٌّ ۟ۚ
নিজৰ স্বামীৰ পূর্বে কোনো মানৱ অথবা জিনে তেওঁলোকৰ নিকটৱৰ্তী হোৱা নাছিল।
የአረብኛ ቁርኣን ማብራሪያ:
فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟
হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
የአረብኛ ቁርኣን ማብራሪያ:
مُتَّكِـِٕیْنَ عَلٰی رَفْرَفٍ خُضْرٍ وَّعَبْقَرِیٍّ حِسَانٍ ۟ۚ
তেওঁলোকে সেউজীয়া দলিচা আৰু সুন্দৰ চাদৰৰ দ্বাৰা বেষ্টিত গাদীত আউজি অৱস্থান কৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟
হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
የአረብኛ ቁርኣን ማብራሪያ:
تَبٰرَكَ اسْمُ رَبِّكَ ذِی الْجَلٰلِ وَالْاِكْرَامِ ۟۠
অতি মাহাত্ম্য আৰু প্রাচুৰ্যপূৰ্ণ আপোনাৰ প্ৰতিপালকৰ নাম। তেওঁ মহামহিম, নিজ বান্দাসকলৰ প্রতি অনুগ্রহশীল আৰু কৃপাশীল।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• دوام تذكر نعم الله وآياته سبحانه موجب لتعظيم الله وحسن طاعته.
আল্লাহৰ নিয়ামত আৰু তেওঁৰ নিদৰ্শনবোৰ সদায় স্মৰণ কৰিলে আল্লাহৰ মহানতাৰ অনুভৱ হয় তথা তেওঁৰ আনুগত্যত আগ্ৰহ জাগে।

• انقطاع تكذيب الكفار بمعاينة مشاهد القيامة.
কাফিৰসকলৰ অবিশ্বাসৰ এই ধাৰাবাহিকতা কিয়ামতৰ ভয়াৱহ দৃশ্যবোৰ প্ৰত্যক্ষ কৰাৰ লগে লগে বন্ধ হৈ পৰিব।

• تفاوت درجات أهل الجنة بتفاوت أعمالهم.
আমল অনুসাৰে জান্নাতীসকলৰ মৰ্যাদা ভিন ভিন হ’ব।

የይዘት ትርጉም ምዕራፍ: ሱረቱ አር ረሕማን
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ - የትርጉሞች ማዉጫ

የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ ቋንቋ፡ ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት