የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: ሱረቱ አል ሙጃደላ   አንቀጽ:

ছুৰা আল-মুজাদালাহ

ከመዕራፉ ዓላማዎች:
إظهار علم الله الشامل وإحاطته البالغة، تربيةً لمراقبته، وتحذيرًا من مخالفته.
এই কথা প্ৰকাশ কৰা যে আল্লাহৰ জ্ঞান ব্যাপক আৰু তেওঁ সকলো বস্তুক নিজৰ জ্ঞানেৰে আয়ত্ব কৰি ৰাখিছে। যাতে এই কথা মনত থাকে যে, আমি আল্লাহৰ নিৰীক্ষণত আছো, লগতে যাতে মানুহে তেওঁৰ বিৰুদ্ধে যাবলৈ সাৱধান থাকে।

قَدْ سَمِعَ اللّٰهُ قَوْلَ الَّتِیْ تُجَادِلُكَ فِیْ زَوْجِهَا وَتَشْتَكِیْۤ اِلَی اللّٰهِ ۖۗ— وَاللّٰهُ یَسْمَعُ تَحَاوُرَكُمَا ؕ— اِنَّ اللّٰهَ سَمِیْعٌ بَصِیْرٌ ۟
হে ৰাছুল! আল্লাহ তাআলাই নিশ্চয় সেই নাৰী (অৰ্থাৎ খাওলা বিনতে ছা'লাবা)ৰ কথা শুনিছে যিয়ে তাইৰ স্বামী (অৰ্থাৎ আউছ বিন ছাবিত)ৰ বিষয়ে আপোনাৰ লগত বাদানুবাদ কৰি আছিল, যেতিয়া তাইৰ স্বামীয়ে তাইৰ লগত যিহাৰ কৰিছিল। আৰু তাইৰ স্বামীয়ে যি কৰিছে সেই বিষয়ে আল্লাহৰ ওচৰত ফৰিয়াদ কৰি আছিল। আৰু আল্লাহে তোমালোক দুয়োৰে কথোপকথন শুনি আছিল। সেই আলোচনাৰ কোনো কথাই আল্লাহৰ পৰা গোপন নহয়। নিশ্চয় আল্লাহে তেওঁৰ বান্দাসকলৰ কথাসমূহ শ্ৰৱণকাৰী আৰু তেওঁলোকৰ কৰ্মবোৰ পৰিদৰ্শনকাৰী। এই সম্পৰ্কীয় কোনো কথাই আল্লাহৰ পৰা গোপন নহয়।
የአረብኛ ቁርኣን ማብራሪያ:
اَلَّذِیْنَ یُظٰهِرُوْنَ مِنْكُمْ مِّنْ نِّسَآىِٕهِمْ مَّا هُنَّ اُمَّهٰتِهِمْ ؕ— اِنْ اُمَّهٰتُهُمْ اِلَّا الّٰٓـِٔیْ وَلَدْنَهُمْ ؕ— وَاِنَّهُمْ لَیَقُوْلُوْنَ مُنْكَرًا مِّنَ الْقَوْلِ وَزُوْرًا ؕ— وَاِنَّ اللّٰهَ لَعَفُوٌّ غَفُوْرٌ ۟
যিসকলে নিজৰ স্ত্ৰীৰ সৈতে জিহাৰ কৰে। উদাহৰণ স্বৰূপে যদি কোনোবাই তেওঁৰ স্ত্ৰীক এইদৰে কয়ঃ “তুমি মোৰ বাবে মোৰ মাৰ পিঠি স্বৰূপ” তেন্তে সিহঁতে নিজৰ কথাত মিছলীয়া। কিয়নো সিহঁতৰ স্ত্ৰীসকলে সিহঁতৰ মা হ'ব নোৱাৰে। সিহঁতৰ মা কেৱল সেইসকল মহিলা যিসকলে সিহঁতক জন্ম দিছে। দৰাচলতে সিহঁতে এইদৰে কেৱল ঘৃণনীয় আৰু মিছা কথাহে কয়। নিশ্চয় আল্লাহ ক্ষমাকাৰী, মাৰ্জনাশীল। এই কাৰণে যে, তেওঁ সিহঁতক পাপ কৰ্মৰ পৰা পৱিত্ৰ কৰিবলৈ কাফ্ফাৰা আদায়ৰ নিৰ্দেশ দিছে।
የአረብኛ ቁርኣን ማብራሪያ:
وَالَّذِیْنَ یُظٰهِرُوْنَ مِنْ نِّسَآىِٕهِمْ ثُمَّ یَعُوْدُوْنَ لِمَا قَالُوْا فَتَحْرِیْرُ رَقَبَةٍ مِّنْ قَبْلِ اَنْ یَّتَمَآسَّا ؕ— ذٰلِكُمْ تُوْعَظُوْنَ بِهٖ ؕ— وَاللّٰهُ بِمَا تَعْمَلُوْنَ خَبِیْرٌ ۟
যিসকলে এনেকুৱা ঘৃণনীয় কথা কয় আৰু নিজৰ জিহাৰ কৰা স্ত্ৰীৰ লগত সহবাস কৰিব বিচাৰে সিহঁতে তেওঁলোকৰ লগত সহবাস কৰাৰ আগত কাফ্ফাৰা হিচাপে এজন দাসমুক্ত কৰিব লাগিব। এই আদেশ তোমালোকক জিহাৰৰ পৰা বিৰত ৰাখিবলৈ দিয়া হৈছে। আৰু আল্লাহ তোমালোকৰ কাৰ্য সম্পৰ্কে অৱগত। তোমালোকৰ কোনো আমল তেওঁৰ পৰা গোপন নহয়।
የአረብኛ ቁርኣን ማብራሪያ:
فَمَنْ لَّمْ یَجِدْ فَصِیَامُ شَهْرَیْنِ مُتَتَابِعَیْنِ مِنْ قَبْلِ اَنْ یَّتَمَآسَّا ۚ— فَمَنْ لَّمْ یَسْتَطِعْ فَاِطْعَامُ سِتِّیْنَ مِسْكِیْنًا ؕ— ذٰلِكَ لِتُؤْمِنُوْا بِاللّٰهِ وَرَسُوْلِهٖ ؕ— وَتِلْكَ حُدُوْدُ اللّٰهِ ؕ— وَلِلْكٰفِرِیْنَ عَذَابٌ اَلِیْمٌ ۟
ইয়াৰ পিছত তোমালোকৰ কোনোবাই যদি দাসমু্ক্ত কৰিবলৈ কোনো দাস নাপায় তেন্তে জিহাৰ কৰা স্ত্ৰীৰৰ সৈতে সহবাস কৰাৰ আগত দুমাহ একেৰাহে ছিয়াম ৰাখিব লাগিব। আনহাতে যিয়ে একেৰাহে দুমাহ ছিয়াম ৰাখিবলৈ সক্ষম নহয় তেন্তে তেওঁ ষাঠিজন মিছকিনক আহাৰ খোৱাব লাগিব। এই আদেশ যিটো আমি জাৰি কৰিছোঁ, এই কাৰণে দিছোঁ যে, যাতে তোমালোকে এই কথাৰ বিশ্বাস কৰা যে আল্লাহে ইয়াৰ আদেশ দিছে আৰু তোমালোকে আল্লাহৰ আদেশ পালন কৰা আৰু তেওঁৰ ৰাছুলৰ অনুসৰণ কৰা। আৰু এই সকলো আদেশ যিবোৰ তোমালোকৰ বাবে জাৰি কৰিছোঁ সেয়া হৈছে আল্লাহৰ সীমাৰেখা, যিবোৰ আল্লাহে নিৰ্ধাৰণ কৰিছে। এতেকে ইয়াক উলংঘা নকৰিবা। কাফিৰসকলৰ বাবে আৰু আল্লাহে নিৰ্ধাৰণ কৰা সীমাসমূহ উলংঘনকাৰী বিলাকৰ বাবে কষ্টদায়ক শাস্তি আছে।
የአረብኛ ቁርኣን ማብራሪያ:
اِنَّ الَّذِیْنَ یُحَآدُّوْنَ اللّٰهَ وَرَسُوْلَهٗ كُبِتُوْا كَمَا كُبِتَ الَّذِیْنَ مِنْ قَبْلِهِمْ وَقَدْ اَنْزَلْنَاۤ اٰیٰتٍۢ بَیِّنٰتٍ ؕ— وَلِلْكٰفِرِیْنَ عَذَابٌ مُّهِیْنٌ ۟ۚ
নিশ্চয় যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সৈতে শত্ৰুতা পোষণ কৰে সিহঁতক সেইদৰেই অপমানিত আৰু লাঞ্ছিত কৰা হ'ব যিদৰে বিগত জাতিসমূহক শত্ৰুতা পোষণ কৰাৰ কাৰণে অপমানিত আৰু লাঞ্ছিত কৰা হৈছে। অৱশ্যে আমি স্পষ্ট নিদৰ্শনৱালী প্ৰেৰণ কৰিছো। আল্লাহ, তেওঁৰ ৰাছুল তথা তেওঁৰ নিদৰ্শনাৱলীক অস্বীকাৰ কৰা ব্যক্তিসকলৰ বাবে অপমানজনক শাস্তি আছে।
የአረብኛ ቁርኣን ማብራሪያ:
یَوْمَ یَبْعَثُهُمُ اللّٰهُ جَمِیْعًا فَیُنَبِّئُهُمْ بِمَا عَمِلُوْا ؕ— اَحْصٰىهُ اللّٰهُ وَنَسُوْهُ ؕ— وَاللّٰهُ عَلٰی كُلِّ شَیْءٍ شَهِیْدٌ ۟۠
যিদিনাখন আল্লাহে সেই সকলো লোকক একত্ৰিত কৰিব। সিহঁতৰ মাজৰ কাকো নেৰিব। তাৰ পিছত সিহঁতক পৃথিৱীত কৰা সিহঁতৰ নিকৃষ্ট কৰ্মসমূহৰ বিষয়ে অৱগত কৰাব। আল্লাহে সিহঁতৰ সকলো কৰ্ম গণনা কৰি ৰাখিছে। সিহঁতৰ কোনো কাম তেওঁৰ পৰা বাদ নপৰে। অথচ সিহঁত নিজেই সেয়া পাহৰি যাব আৰু নিজ কৰ্মপত্ৰত লিখিত পাব। যিটো প্ৰত্যেক সৰু- ডাঙৰ কৰ্ম সুৰক্ষিত কৰি ৰাখে।আল্লাহে প্ৰত্যেক বস্তু সম্পৰ্কে অৱগত আৰু তেওঁৰ পৰা সিহঁতৰ কোনো কৰ্ম গোপন নহয়।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• لُطْف الله بالمستضعفين من عباده من حيث إجابة دعائهم ونصرتهم.
আল্লাহে তেওঁৰ দুৰ্বল বান্দাসকলৰ দুআ কবুল কৰি তথা সিহঁতক সহায়-সহযোগ কৰি সিহঁতৰ লগত দয়াৰ ব্যৱহাৰ কৰে।

• من رحمة الله بعباده تنوع كفارة الظهار حسب الاستطاعة ليخرج العبد من الحرج.
বান্দাসকলৰ প্ৰতি আল্লাহৰ দয়াৰ এক উদাহৰণ হৈছে যে, তেওঁ সক্ষমতা অনুসৰি জিহাৰৰ কাফ্ফাৰাৰ ভিন্নতা প্ৰদান কৰিছে। যাতে বান্দাসকলৰ কোনো অসুবিধা নহয়।

• في ختم آيات الظهار بذكر الكافرين؛ إشارة إلى أنه من أعمالهم، ثم ناسب أن يورد بعض أحوال الكافرين.
জিহাৰৰ আয়াতৰ অন্তত আল্লাহে কাফিৰবিলাকৰ কথা উল্লেখ কৰিছে, এই কথাই প্ৰমাণ কৰে যে, এয়া সিহঁতৰেই কাম। সেয়ে ইয়াৰ পিছত কাফিৰবিলাকৰ বিষয়ে কিছু কথা উল্লেখ কৰা উচিত।

اَلَمْ تَرَ اَنَّ اللّٰهَ یَعْلَمُ مَا فِی السَّمٰوٰتِ وَمَا فِی الْاَرْضِ ؕ— مَا یَكُوْنُ مِنْ نَّجْوٰی ثَلٰثَةٍ اِلَّا هُوَ رَابِعُهُمْ وَلَا خَمْسَةٍ اِلَّا هُوَ سَادِسُهُمْ وَلَاۤ اَدْنٰی مِنْ ذٰلِكَ وَلَاۤ اَكْثَرَ اِلَّا هُوَ مَعَهُمْ اَیْنَ مَا كَانُوْا ۚ— ثُمَّ یُنَبِّئُهُمْ بِمَا عَمِلُوْا یَوْمَ الْقِیٰمَةِ ؕ— اِنَّ اللّٰهَ بِكُلِّ شَیْءٍ عَلِیْمٌ ۟
হে ৰাছুল, আপুনি দেখা নাইনে যে আল্লাহ আকাশসমূহ তথা পৃথিৱীৰ সকলো বস্তু সম্পৰ্কে অৱগত। উভয়ৰ মাজত থকা কোনো বস্তুৱে তেওঁৰ পৰা গোপন নহয়। যেতিয়াই তিনিজনৰ মাজত কোনো গোপন কথাপোকথন হয় তেতিয়া আল্লাহে তেওঁৰ জ্ঞানৰ সৈতে সিহঁতৰ চতুৰ্থজন হিচাপে থাকে। আৰু যেতিয়া পাঁচজনে কোনো গোপন কথা কয়, তেতিয়া আল্লাহ সিহঁতৰ ষষ্ঠজন হিচাপে থাকে। আৰু সংখ্যা ইয়াতকৈ অধিক হওঁক বা কম। সিহঁত যতেই নাথাকক কিয়, তেওঁ সিহঁতৰ লগতে থাকে জ্ঞানৰ সৈতে। সিহঁতৰ কোনো কথাই তেওঁৰ পৰা গোপন নহয়। এতেকে আল্লাহে সিহঁতক ক্বিয়ামতৰ দিনা সিহঁতৰ কৰ্ম সম্পৰ্কে অৱগত কৰাব। নিশ্চয় আল্লাহ প্ৰত্যেক বস্তু সম্পৰ্কে জ্ঞাত। তেওঁৰ পৰা কোনো বস্তু গোপন নহয়।
የአረብኛ ቁርኣን ማብራሪያ:
اَلَمْ تَرَ اِلَی الَّذِیْنَ نُهُوْا عَنِ النَّجْوٰی ثُمَّ یَعُوْدُوْنَ لِمَا نُهُوْا عَنْهُ وَیَتَنٰجَوْنَ بِالْاِثْمِ وَالْعُدْوَانِ وَمَعْصِیَتِ الرَّسُوْلِ ؗ— وَاِذَا جَآءُوْكَ حَیَّوْكَ بِمَا لَمْ یُحَیِّكَ بِهِ اللّٰهُ ۙ— وَیَقُوْلُوْنَ فِیْۤ اَنْفُسِهِمْ لَوْلَا یُعَذِّبُنَا اللّٰهُ بِمَا نَقُوْلُ ؕ— حَسْبُهُمْ جَهَنَّمُ ۚ— یَصْلَوْنَهَا ۚ— فَبِئْسَ الْمَصِیْرُ ۟
হে ৰাছুল, আপুনি সেই ইহুদীসকলক দেখিছেনে, যিহঁতে কোনো মুমিনক দেখিলে কানাফুছি আৰম্ভ কৰিছিল। সেয়েহে আল্লাহে সিহঁতক কানাফুছিৰ পৰা বাধা প্ৰদান কৰিছে। কিন্তু তাৰ পিছতো সিহঁতে সেই কাম কৰিছিল, যিটো কৰিবলৈ সিহঁতক বাধা প্ৰদান কৰা হৈছিল। আৰু সিহঁতে পৰস্পৰে এনেকুৱা কানাফুছি কৰে যিটো কৰাত পাপ আছে। যেনে মুছলিমসকলৰ গিবত কৰা, তথা এনেকুৱা গোপন পৰামৰ্শ যিটোত থাকে মুছলমানৰ প্ৰতি অত্যাচাৰ আৰু ৰাছুলৰ অৱজ্ঞা। হে ৰাছুল! যেতিয়া সিহঁতে আপোনাৰ ওচৰত আহে তেতিয়া সিহঁতে আপোনাক এনেকুৱা শব্দৰে ছালাম কৰে যিটোৰে আল্লাহে আপোনাক ছালাম কৰা নাই। গতিকে সিহঁতে কয়ঃ আছ্ছামু আলাইকা, ইয়াত সিহঁতৰ উদ্দেশ্য হৈছে মৃত্যু (অৰ্থাৎ আপোনাৰ মৃত্যু হওঁক)। আৰু সিহঁতে আল্লাহৰ ৰাছুলক অস্বীকাৰ কৰি কয়ঃ আমি যি কওঁ, সেই কথাৰ পৰিবৰ্তে আল্লাহে আমাক শাস্তি নিদিয়ে কিয়। কিয়নো যদি তেওঁ সত্য নবী হলহেঁতেন তেন্তে আল্লাহে আমাক আমাৰ এই কথাবোৰৰ বাবে শাস্তি বিহিলেহেঁতেন। (শুনক) সিহঁতৰ এই কথাবোৰৰ বাবে জাহান্নামৰ শাস্তিয়েই যথেষ্ট। সিহঁতে তাৰ উষ্ণতাৰ সন্মুখীন হ'ব। অতি নিকৃষ্ট বাসস্থান হৈছে সিহঁতৰ বাসস্থান।
የአረብኛ ቁርኣን ማብራሪያ:
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْۤا اِذَا تَنَاجَیْتُمْ فَلَا تَتَنَاجَوْا بِالْاِثْمِ وَالْعُدْوَانِ وَمَعْصِیَتِ الرَّسُوْلِ وَتَنَاجَوْا بِالْبِرِّ وَالتَّقْوٰی ؕ— وَاتَّقُوا اللّٰهَ الَّذِیْۤ اِلَیْهِ تُحْشَرُوْنَ ۟
হে আল্লাহৰ প্ৰতি ঈমান পোষনকাৰী আৰু তেওঁৰ চৰীয়তৰ প্ৰতি আমলকাৰীসকল! এনেকুৱা কানাফুছি নকৰিবা যিটোত পাপ অথবা অত্যাচাৰ নাইবা ৰাছুলৰ অৱজ্ঞা কৰা হয়। যাতে তোমালোকে ইহুদীসকলৰ দৰে হৈ নোযোৱা। বৰং এনেকুৱা কানাফুছি কৰিবা যিটো আল্লাহৰ আজ্ঞা পালন আৰু তেওঁৰ অৱজ্ঞাৰ পৰা বাধা প্ৰধানৰ বাবে কৰা হয়। এতেকে আল্লাহৰ আদেশসমূহ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি আল্লাহক ভয় কৰা। কিয়নো কেৱল তেওঁৰ ওচৰতেই তোমালোকক ক্বিয়ামতৰ দিনা হিচাপ- নিকাচ আৰু পৰিণামৰ বাবে একত্ৰিত কৰা হ'ব।
የአረብኛ ቁርኣን ማብራሪያ:
اِنَّمَا النَّجْوٰی مِنَ الشَّیْطٰنِ لِیَحْزُنَ الَّذِیْنَ اٰمَنُوْا وَلَیْسَ بِضَآرِّهِمْ شَیْـًٔا اِلَّا بِاِذْنِ اللّٰهِ ؕ— وَعَلَی اللّٰهِ فَلْیَتَوَكَّلِ الْمُؤْمِنُوْنَ ۟
নিশ্চতৰূপে পাপ, অন্যায়-অত্যাচাৰ আৰু ৰাছুলৰ অৱজ্ঞাযুক্ত কানাফুছি চয়তানৰ তৰফৰ পৰা তাৰ বন্ধুসকলৰ অন্তৰত বেয়া কথাক সুন্দৰকৈ প্ৰস্তুত কৰি আৰু সিহঁতৰ অন্তৰত কুধাৰণা সৃষ্টি কৰাৰ ফলত সংঘটিত হয়। সি ঈমান্দাৰ সকলৰ অন্তৰত এই কথাৰ চিন্তা সোমাই দিব বিচাৰে যে, তেওঁলোকৰ বিৰুদ্ধে ষড়যন্ত্ৰ চলি আছে। কিন্তু চয়তানে আৰু তাৰ কুমন্ত্ৰণায় ঈমান্দৰসকলক কোনো ক্ষতি কৰিব নোৱাৰিব, আল্লাহে ইচ্ছা কৰিলে সেয়া সুকীয়া কথা। এতেকে মুমিনসকলে সকলো কামতে আল্লাহৰ প্ৰতি ভৰসা কৰা উচিত।
የአረብኛ ቁርኣን ማብራሪያ:
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْۤا اِذَا قِیْلَ لَكُمْ تَفَسَّحُوْا فِی الْمَجٰلِسِ فَافْسَحُوْا یَفْسَحِ اللّٰهُ لَكُمْ ۚ— وَاِذَا قِیْلَ انْشُزُوْا فَانْشُزُوْا یَرْفَعِ اللّٰهُ الَّذِیْنَ اٰمَنُوْا مِنْكُمْ ۙ— وَالَّذِیْنَ اُوْتُوا الْعِلْمَ دَرَجٰتٍ ؕ— وَاللّٰهُ بِمَا تَعْمَلُوْنَ خَبِیْرٌ ۟
হে আল্লাহৰ প্ৰতি ঈমান পোষনকাৰী সকল আৰু তেওঁৰ চৰীয়তৰ প্ৰতি আমলকাৰী সকল! যেতিয়া তোমালোকক বৈঠকত ঠাই প্ৰসাৰিত কৰিবলৈ কোৱা হয়, তেতিয়া তাত ঠাই প্ৰসাৰিত কৰিবা। আল্লাহে তোমালোকৰ পাৰ্থিৱ জীৱন আৰু পৰকালত প্ৰসাৰতা কৰি দিব। আৰু যেতিয়া তোমালোকক কোৱা হয় যে উঠা, যাতে তাত জ্ঞানী তথা সন্মানিত লোক বহিব পাৰে। তেতিয়া উঠিবা। আল্লাহে তোমালোকৰ মাজৰ সেই সকলৰ মৰ্যদা উচ্চ কৰিব দিব যিসকলে ঈমান আনিছে আৰু যিসকলক জ্ঞান দান কৰা হৈছে। আৰু আল্লাহ তোমালোকৰ কাৰ্য সম্পৰ্কে অৱগত। তেওঁৰ পৰা তোমালোকৰ কোনো কামেই গোপন নহয়। আৰু তেওঁ তোমালোকক তোমালোকৰ কৰ্মৰ পৰিণামো প্ৰদান কৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• مع أن الله عالٍ بذاته على خلقه؛ إلا أنه مطَّلع عليهم بعلمه لا يخفى عليه أي شيء.
আল্লাহৰ সত্তা তেওঁৰ সৃষ্টিসমূহৰ পৰা বহুঊৰ্দ্ধত। কিন্তু তেওঁ নিজৰ জ্ঞানৰ দ্বাৰা সকলো বিষয়ে অৱগত। তেওঁৰ পৰা কোনো বস্তু গোপন নহয়।

• لما كان كثير من الخلق يأثمون بالتناجي أمر الله المؤمنين أن تكون نجواهم بالبر والتقوى.
যিহেতু বহুত লোকে কানাফুছিৰ মাধ্যমত পাপত লিপ্ত হয়। গতিকে আল্লাহে ঈমান্দাৰসকলক আদেশ দিছে যে, তেওঁলোকে যাতে কানাফুছি কেৱল কল্যাণ আৰু ভাল কামত কৰে।

• من آداب المجالس التوسيع فيها للآخرين.
বৈঠক বা সভাৰ আদব হৈছে অন্য লোকৰ বাবেও ঠাই প্ৰশস্ত কৰি দিয়া।

یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْۤا اِذَا نَاجَیْتُمُ الرَّسُوْلَ فَقَدِّمُوْا بَیْنَ یَدَیْ نَجْوٰىكُمْ صَدَقَةً ؕ— ذٰلِكَ خَیْرٌ لَّكُمْ وَاَطْهَرُ ؕ— فَاِنْ لَّمْ تَجِدُوْا فَاِنَّ اللّٰهَ غَفُوْرٌ رَّحِیْمٌ ۟
যেতিয়া বেছিভাগ চাহাবাই নবী চাল্লাল্লাহু আলাইহি অছাল্লামক কাণে কাণে আহি প্ৰশ্ন কৰা আৰম্ভ কৰিলে তেতিয়া আল্লাহ তাআলাই ক'লেঃ হে ঈমান্দাৰসকল, যেতিয়া তোমালোকে ৰাছুলৰ সৈতে অকলশৰীয়াকৈ গোপন কথা ক'ব বিচৰা তেতিয়া তাৰ আগতে ছাদকাহ আদায় দিবা। এই ছাদকাহ আগবঢ়োৱাটো তোমালোকৰ বাবে অধিক উত্তম আৰু পৱিত্ৰ। কিয়নো ইয়াত আল্লাহৰ আদেশৰ অনুপালন হ'ব। যিয়ে অন্তৰ পৱিত্ৰ কৰে। যদি ছাদকাহ কৰিবলৈ একোৱে নোপোৱা তেন্তে তেখেতৰ লগত অকলে গোপন কথা কোৱাত কোনো পাপ নহয়। কিয়নো আল্লাহে নিশ্চয় তেওঁৰ বান্দাসকলৰ পাপসমুহ ক্ষমাকাৰী। সিহঁতৰ প্ৰতি অতি দয়ালু। এই কাৰণেই তেওঁ সিহঁতৰ প্ৰতি সেই দায়িত্ব প্ৰদান কৰিছে, যিটো সিহঁতে কৰিবলৈ সক্ষম।
የአረብኛ ቁርኣን ማብራሪያ:
ءَاَشْفَقْتُمْ اَنْ تُقَدِّمُوْا بَیْنَ یَدَیْ نَجْوٰىكُمْ صَدَقٰتٍ ؕ— فَاِذْ لَمْ تَفْعَلُوْا وَتَابَ اللّٰهُ عَلَیْكُمْ فَاَقِیْمُوا الصَّلٰوةَ وَاٰتُوا الزَّكٰوةَ وَاَطِیْعُوا اللّٰهَ وَرَسُوْلَهٗ ؕ— وَاللّٰهُ خَبِیْرٌ بِمَا تَعْمَلُوْنَ ۟۠
তোমালোকে ৰাছুলৰ সৈতে অকলশৰে কথা কোৱাৰ আগতে ছাদকাহ দিয়া বিষয়টোৱে কষ্ট দি আছে নেকি, এতিয়া যদি তোমালোকে আল্লাহৰ আদেশ পালন কৰিব নোৱাৰা আৰু যদি আল্লাহে তোমালোকক সেয়া নিদিয়াৰ অনুমতি দিছে তেন্তে উত্তমৰূপে ছালাত আদায় কৰা। নিজৰ ধনৰ যাকাত দিয়া। আৰু আল্লাহ তথা ৰাছুলৰ অনুসৰণ কৰা। আৰু আল্লাহ তোমালোকৰ কাৰ্য সম্পৰ্কে অৱগত। তেওঁৰ পৰা তোমালোকৰ কোনো কামেই গোপন নহয়। তেৱেঁই তোমালোকৰ কৰ্মৰ পৰিণাম দিব।
የአረብኛ ቁርኣን ማብራሪያ:
اَلَمْ تَرَ اِلَی الَّذِیْنَ تَوَلَّوْا قَوْمًا غَضِبَ اللّٰهُ عَلَیْهِمْ ؕ— مَا هُمْ مِّنْكُمْ وَلَا مِنْهُمْ ۙ— وَیَحْلِفُوْنَ عَلَی الْكَذِبِ وَهُمْ یَعْلَمُوْنَ ۟ۚ
হে ৰাছুল! আপুনি সেই মুশ্বৰিকসকলক দেখা নাইনে যিহঁতে ইহুদীসকলক বন্ধু বনাই লৈছে। যিহঁতৰ ওপৰত কুফুৰী আৰু পাপ কৰ্মৰ কাৰণে আল্লাহৰ প্ৰকোপ পৰিছে। এই মুনাফিকসকল মুমিনসকলৰো অন্তৰ্ভুক্ত নহয় আৰু ইহুদীসকলৰো নহয়। বৰং সিহঁত এই দুয়োৰে মাজত সন্দেহত লিপ্ত হৈছে। ইফালৰো নহয় সিফালৰো নহয়। আৰু সিহঁতে শপত খাই কয় যে, সিহঁত মুছলমান। আৰু সিহঁতে মুছলমানসকলৰ খবৰসমূহ ইহুদীসকলক পৌঁচাই দিয়া নাই। সিহঁতৰ শপত একেবাৰে মিছা।
የአረብኛ ቁርኣን ማብራሪያ:
اَعَدَّ اللّٰهُ لَهُمْ عَذَابًا شَدِیْدًا ؕ— اِنَّهُمْ سَآءَ مَا كَانُوْا یَعْمَلُوْنَ ۟
আল্লাহে সিহঁতৰ বাবে কঠোৰ শাস্তি প্ৰস্তুত কৰি ৰাখিছে। কিয়নো সিহঁতে জাহান্নামৰ সৰ্বনিম্ন স্তৰত প্ৰৱেশ কৰিব। কুফৰৰ সেই কামসমূহ অতি বেয়া আছিল যিবোৰ সিহঁতে পৃথিৱীত কৰিছে।
የአረብኛ ቁርኣን ማብራሪያ:
اِتَّخَذُوْۤا اَیْمَانَهُمْ جُنَّةً فَصَدُّوْا عَنْ سَبِیْلِ اللّٰهِ فَلَهُمْ عَذَابٌ مُّهِیْنٌ ۟
সিহঁতে খোৱা নিজৰ শপতসমূহক, কুফুৰৰ কাৰণে হত্যা হোৱাৰ পৰা বাচিবলৈ ঢাল হিচাপে লৈছে। কিয়নো সিহঁতে শপতবোৰৰ জৰিয়তে নিজৰ ধন-সম্পত্তি আৰু প্ৰাণ ৰক্ষাৰ কৰিবলৈ ইছলাম গ্ৰহণ কৰা বুলি প্ৰকাশ কৰিছিল। আৰু মানুহক সত্যৰ পৰা ঘূৰাই দিছিল। কিয়নো তাৰ মাজত একধৰণৰ মুছলমানক অপমান কৰা হৈছিল। সেয়েহে সিহঁতৰ বাবে অপমানকাৰী শাস্তি আছে। যিটো সিহঁতক অপমানিত আৰু লাঞ্ছিত কৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
لَنْ تُغْنِیَ عَنْهُمْ اَمْوَالُهُمْ وَلَاۤ اَوْلَادُهُمْ مِّنَ اللّٰهِ شَیْـًٔا ؕ— اُولٰٓىِٕكَ اَصْحٰبُ النَّارِ ؕ— هُمْ فِیْهَا خٰلِدُوْنَ ۟
সিহঁতৰ ধন-সম্পত্তি আৰু সিহঁতৰ সন্তান আল্লাহৰ ওচৰত কোনো কামত নাহিব। সিহঁতেই জাহান্নামী। সিহঁতে তাৰ ভিতৰত প্ৰৱেশ কৰিব আৰু চিৰদিন থাকিব। সিহঁতৰ শাস্তিৰ ধাৰাবাহিকতা কেতিয়াও বিচ্ছিন্ন নহ'ব।
የአረብኛ ቁርኣን ማብራሪያ:
یَوْمَ یَبْعَثُهُمُ اللّٰهُ جَمِیْعًا فَیَحْلِفُوْنَ لَهٗ كَمَا یَحْلِفُوْنَ لَكُمْ وَیَحْسَبُوْنَ اَنَّهُمْ عَلٰی شَیْءٍ ؕ— اَلَاۤ اِنَّهُمْ هُمُ الْكٰذِبُوْنَ ۟
যেতিয়া আল্লাহে সকলোকে প্ৰতিফলৰ বাবে পুনৰ্জীৱিত কৰিব, সিহঁতৰ কাকো এৰি নিদিব, তেতিয়া সিহঁতে আল্লাহৰ আগত শপত খাই কব যে, সিহঁতে কুফুৰী আৰু নিফাকৰ ওপৰত নাছিল। বৰং আল্লাহৰ সন্তুষ্টি প্ৰাপ্তৰ বাবে কাম কৰা মুমিন আছিল। সিহঁতে আখিৰাতৰ দিনা আল্লাহৰ আগতো শপত কৰিব, হে মুমিনসকল! যিদৰে সিহঁতে পৃথিৱীত তোমালোকৰ আগত শপত খাই কয় যে, আমি মুছলমান। সিহঁতে ধাৰণা কৰিব যে, সিহঁতে আল্লাহৰ আগত কৰা শপতে সিহঁতক উপকাৰ কৰিব অথবা কোনো ক্ষয়-ক্ষতিৰ পৰা ৰক্ষা কৰিব। শুনা! সিহঁত পৃথিৱীতো প্ৰকৃত মিছা শপতকাৰী আৰু পৰকালতো।
የአረብኛ ቁርኣን ማብራሪያ:
اِسْتَحْوَذَ عَلَیْهِمُ الشَّیْطٰنُ فَاَنْسٰىهُمْ ذِكْرَ اللّٰهِ ؕ— اُولٰٓىِٕكَ حِزْبُ الشَّیْطٰنِ ؕ— اَلَاۤ اِنَّ حِزْبَ الشَّیْطٰنِ هُمُ الْخٰسِرُوْنَ ۟
চয়তানে সিহঁতক আৱৰি ধৰিছে আৰু সিহঁতক কুমন্ত্ৰণাৰ জৰিয়তে আল্লাহৰ স্মৰণ পাহৰাই দিছে। এই কাৰণেই সিহঁতে আল্লাহক সন্তুষ্ট কৰিব পৰা কোনো কাম কৰা নাই। বৰং আল্লাহক অসন্তুষ্ট কৰা কাম কৰিছে। এইবোৰ বৈশিষ্ট্যৰ গৰাকীসকলেই ইবলিছৰ সৈন্যবাহিনী আৰু তাৰ অনুসাৰী। সাৱধান! নিশ্চয় ইবলিছৰ সেনাসকল আৰু তাৰ অনুসাৰীসকল পৃথিৱীত আৰু আখিৰাতত ক্ষতিগ্ৰস্ত হ'ব। কিয়নো সিহঁতে হিদায়তক পথভ্ৰষ্টতাৰ পৰিৱৰ্তে আৰু জান্নাতক জাহান্নামৰ পৰিৱৰ্তে বিক্ৰি কৰি দিছে।
የአረብኛ ቁርኣን ማብራሪያ:
اِنَّ الَّذِیْنَ یُحَآدُّوْنَ اللّٰهَ وَرَسُوْلَهٗۤ اُولٰٓىِٕكَ فِی الْاَذَلِّیْنَ ۟
নিশ্চয় যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ লগত শত্ৰুতা পোষণ কৰে, সিহঁত সেই কাফিৰ জাতিৰ অন্তৰ্ভুক্ত, যিসকলক আল্লাহে পৃ্থিৱী আৰু আখিৰাতত অপমানিত আৰু লাঞ্ছিত কৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
كَتَبَ اللّٰهُ لَاَغْلِبَنَّ اَنَا وَرُسُلِیْ ؕ— اِنَّ اللّٰهَ قَوِیٌّ عَزِیْزٌ ۟
আল্লাহে পূৰ্বৰ জ্ঞানৰ জৰিয়তে নিৰ্ণয় কৰি ৰাখিছে যে, নিশ্চিতৰূপে মই আৰু মোৰ ৰাছুলেই প্ৰমাণ আৰু শক্তিৰ ক্ষেত্ৰত নিজৰ শত্ৰুৰ ওপৰত বিজয়ী হম। নিশ্চয় আল্লাহ তেওঁৰ ৰাছুলসকলৰ প্ৰতি সহায় কৰাৰ ক্ষমতা ৰাখে, তেওঁ প্ৰভাৱশালী, নিজৰ শত্ৰুৰ পৰা পৰিশোধ লয়।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• لطف الله بنبيه صلى الله عليه وسلم؛ حيث أدَّب صحابته بعدم المشقَّة عليه بكثرة المناجاة.
আল্লাহে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি দয়া কৰি তেওঁৰ ছাহাবীসকলক শিকাইছে যে, অধিক কানাফুছি কৰি তেওঁক বিৰক্ত নকৰিবা।

• ولاية اليهود من شأن المنافقين.
ইহুদীসকলৰ সৈতে বন্ধুত্ব ৰখা মুনাফিকসকলৰ কাম।

• خسران أهل الكفر وغلبة أهل الإيمان سُنَّة إلهية قد تتأخر، لكنها لا تتخلف.
কাফিৰসকল ক্ষতিৰ সন্মুখীন হোৱা আৰু মুমিনসকলৰ প্ৰভুত্ব প্ৰতিষ্ঠা হোৱাটো আল্লাহৰ এটা অন্যতম ৰীতি। যদিও পলম হ'ব পাৰে কিন্তু অন্ধকাৰ নহয়।

لَا تَجِدُ قَوْمًا یُّؤْمِنُوْنَ بِاللّٰهِ وَالْیَوْمِ الْاٰخِرِ یُوَآدُّوْنَ مَنْ حَآدَّ اللّٰهَ وَرَسُوْلَهٗ وَلَوْ كَانُوْۤا اٰبَآءَهُمْ اَوْ اَبْنَآءَهُمْ اَوْ اِخْوَانَهُمْ اَوْ عَشِیْرَتَهُمْ ؕ— اُولٰٓىِٕكَ كَتَبَ فِیْ قُلُوْبِهِمُ الْاِیْمَانَ وَاَیَّدَهُمْ بِرُوْحٍ مِّنْهُ ؕ— وَیُدْخِلُهُمْ جَنّٰتٍ تَجْرِیْ مِنْ تَحْتِهَا الْاَنْهٰرُ خٰلِدِیْنَ فِیْهَا ؕ— رَضِیَ اللّٰهُ عَنْهُمْ وَرَضُوْا عَنْهُ ؕ— اُولٰٓىِٕكَ حِزْبُ اللّٰهِ ؕ— اَلَاۤ اِنَّ حِزْبَ اللّٰهِ هُمُ الْمُفْلِحُوْنَ ۟۠
হে ৰাছুল! আল্লাহ আৰু আখিৰাতৰ প্ৰতি বিশ্বাস স্থাপন কৰা এনে কোনো সম্প্ৰদায় আপুনি বিচাৰি নাপাব, যিসকলে এনে লোকক ভালপায় যিহঁতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰুদ্ধাচাৰণ কৰে। যদিও আল্লাহ আৰু তেওঁৰ ৰাছুলৰ শত্ৰুসকল সিহঁতৰ পুত্ৰ বা ভাই নাইবা বংশ-পৰিয়ালৰ মানুহেই নহওঁক কিয়, যাৰ সৈতে সিহঁতৰ গভীৰ সম্বন্ধ থাকে। কিয়নো প্ৰকৃত ঈমানে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ শত্ৰুসকলৰ সৈতে মিত্ৰতা ৰাখিবলৈ বাধা প্ৰদান কৰে। আৰু ঈমানৰ সম্বন্ধ সকলো সম্বন্ধতকৈ উত্তম আৰু উচ্চ। আৰু তুলনাৰ সময়ত এয়া তাতকৈ মহত্বপূৰ্ণ হ'ব। এনেকুৱা লোকেই আল্লাহ আৰু তেওঁৰ ৰাছুৰ শত্ৰুসকলৰ লগত মিত্ৰতা পোষণ নকৰে (যদিও সিহঁতৰ নিকট আত্মীয় নহওক কিয়)।এওঁলোকৰ অন্তৰত আল্লাহে ঈমান দৃঢ় কৰি দিছে। সেয়েহে এতিয়া তাৰ ভিতৰত কোনো পৰিৱৰ্তন নহ'ব। আৰু তেওঁলোকক নিজৰ প্ৰমাণ আৰু জ্যোতিৰ দ্বাৰা শক্তিশালী কৰিছে। আৰু তেওঁলোকক ক্বিয়ামতৰ দিনা চিৰস্থায়ী জান্নাতত প্ৰৱেশ কৰাব। যাৰ অট্টালিকা আৰু পাহাৰসমূহৰ তলেদি নিজৰা প্ৰবাহিত হব। তেওঁলোকে তাত চিৰকাল থাকিব। তাৰ নিয়ামতবোৰৰ ধাৰাবাহিকতা কেতিয়াও শেষ নহ'ব। আল্লাহে তেওঁলোকৰ প্ৰতি এনেকুৱা সন্তুষ্ট হ'ব যে, তাৰ পিছত আৰু কেতিয়াও তেওঁলোকৰ ওপৰত অসন্তুষ্ট নহ'ব। আৰু তেওঁলোকেও আল্লাহৰ প্ৰতি সন্তুষ্ট হ'ব। কিয়নো তেওঁলোকক এনেকুৱা নিয়ামত দিয়া হৈছে যিবোৰ কেতিয়াও শেষ নহ'ব, ইয়াৰ অন্যতম নিয়ামত হৈছে আল্লাহৰ দীদাৰ। এইবোৰ বৈশিষ্ট্যৰ গৰাকী সকলেই হৈছে আল্লাহৰ সৈন্য বাহিনী। যিসকলে আল্লাহৰ আদেশৰ অনুপালন কৰে আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকে। জানি থোৱা! আল্লাহৰ সেনাসকলে সেই বস্তুবোৰ পাবলৈ সফল হ'ব যিবোৰ তেওঁলোকে পাব লাগিছিল, আৰু সেইবোৰ বস্তুৰ পৰা বিৰত থকাত সফল হ'ব যাৰ পৰা তেওঁলোকে পৃথিৱী আৰু আখিৰাতত ভয় আছিল।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• المحبة التي لا تجعل المسلم يتبرأ من دين الكافر ويكرهه، فإنها محرمة، أما المحبة الفطرية؛ كمحبة المسلم لقريبه الكافر، فإنها جائزة.
যি ভালপোৱাৰ ফলত এজন মুছলিমে কাফিৰৰ ধৰ্মৰ পৰা নিজকে পৃথক নকৰে অথবা তাক অপছন্দ নকৰে তেনেকুৱা মুহাব্বত হাৰাম। আনহাতে স্বভাৱগত মুহাব্বত বৈধ, যেনে, এজন মুছলিমে পৰিচিত কাফিৰসকলক ভালপায়।

• رابطة الإيمان أوثق الروابط بين أهل الإيمان.
ঈমান্দাৰসকলৰ মাজত সৱাতোকৈ মজবুত সম্পৰ্ক হৈছে ঈমানৰ সম্পৰ্ক।

• قد يعلو أهل الباطل حتى يُظن أنهم لن ينهزموا، فتأتي هزيمتهم من حيث لا يتوقعون.
কেতিয়াবা বাতিলপন্থীসকল ইমান শক্তিশালী হৈ পৰে এনেকুৱা লাগে যেন সিহঁত কেতিয়াও পৰাজিত নহ'ব। কিন্তু হঠাৎ পৰাজয় এনেকুৱা দিশৰ পৰা আহি যায় যে, সিহঁতে কল্পনাও কৰিব নোৱাৰে।

• من قدر الله في الناس دفع المصائب بوقوع ما دونها من المصائب.
আল্লাহে মানুহৰ ডাঙৰ বিপদক সৰু বিপদৰ জৰিয়তে দূৰ কৰি দিয়ে।

 
የይዘት ትርጉም ምዕራፍ: ሱረቱ አል ሙጃደላ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ - የትርጉሞች ማዉጫ

የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ ቋንቋ፡ ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት