የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
90 : 6

اُولٰٓىِٕكَ الَّذِیْنَ هَدَی اللّٰهُ فَبِهُدٰىهُمُ اقْتَدِهْ ؕ— قُلْ لَّاۤ اَسْـَٔلُكُمْ عَلَیْهِ اَجْرًا ؕ— اِنْ هُوَ اِلَّا ذِكْرٰی لِلْعٰلَمِیْنَ ۟۠

এইসকল নবী তথা তেওঁলোকৰ লগত উল্লেখিত তেওঁলোকৰ পিতৃ, সন্তান আৰু ভাতৃসকলেই প্ৰকৃত হিদায়ত প্ৰাপ্ত। এতেকে তেওঁলোকৰ অনুসৰণ কৰক আৰু তেওঁলোকক আদৰ্শ হিচাপে লওঁক। আৰু হে নবী! আপুনি আপোনাৰ সম্প্ৰদায়ক কৈ দিয়ক যে, কোৰআন পৌঁচাই দিয়াৰ বিনিময়ত মই তোমালোকৰ পৰা কোনো প্ৰতিদান নিবিচাৰো। কোৰআন হৈছে শিক্ষা সামগ্ৰী, পৃথিৱীত বসবাসকাৰী মানৱ আৰু জিন জাতিৰ বাবে, যাতে সিহঁতে ইয়াৰ দ্বাৰা পোন পথ আৰু সঠিক পথ লাভ কৰিব পাৰে। info
التفاسير:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• من فضائل التوحيد أنه يضمن الأمن للعبد، خاصة في الآخرة حين يفزع الناس.
তাওহীদৰ এটা অন্যতম বৈশিষ্ট্য এই যে, তাওহীদে মানুহক নিৰাপত্তাৰ গেৰান্টী দিয়ে, বিশেষকৈ আখিৰাতত, যেতিয়া সকলোৱে ভীত-সন্ত্ৰস্ত হৈ থাকিব। info

• تُقَرِّر الآيات أن جميع من سبق من الأنبياء إنما بَلَّغوا دعوتهم بتوفيق الله تعالى لا بقدرتهم.
এই আয়াতসমূহৰ দ্বাৰা প্ৰমাণিত হয় যে, পূৰ্বৱৰ্তী নবী সকলে তেওঁলোকৰ দাৱাত কেৱল আল্লাহৰ তাওফীকতহে পৌঁচাবলৈ সক্ষম হৈছিল, নিজৰ সামৰ্থত নহয়। info

• الأنبياء يشتركون جميعًا في الدعوة إلى توحيد الله تعالى مع اختلاف بينهم في تفاصيل التشريع.
নবীসকলৰ চৰীয়তৰ পদ্ধতি যদিও বেলেগ বেলেগ আছিল কিন্তু তেওঁলোক সকলোৱে এক আল্লাহৰ তাওহীদৰ পিনেই মানুহক আহ্বান কৰিছিল। info

• الاقتداء بالأنبياء سنة محمودة، وخاصة في أصول التوحيد.
নবীসকলৰ অনুসৰণ এক প্ৰশংসনীয় বৈশিষ্ট্য, বিশেষকৈ তাওহীদৰ মৌলিক বিষয়বোৰত। info