Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (2) ምዕራፍ: አል ጁሙዓህ
هُوَ الَّذِیْ بَعَثَ فِی الْاُمِّیّٖنَ رَسُوْلًا مِّنْهُمْ یَتْلُوْا عَلَیْهِمْ اٰیٰتِهٖ وَیُزَكِّیْهِمْ وَیُعَلِّمُهُمُ الْكِتٰبَ وَالْحِكْمَةَ ۗ— وَاِنْ كَانُوْا مِنْ قَبْلُ لَفِیْ ضَلٰلٍ مُّبِیْنٍ ۟ۙ
তেৱেঁই আৰবীয়ানসকলৰ মাজত, যিসকলে লিখা-পঢ়া একোৱে জনা নাছিল, সিহঁতৰ মাজৰ পৰাই এজন ৰাছুল প্ৰেৰণ কৰিলে। যিজনে সিহঁতক তেওঁ অৱতীৰ্ণ কৰা আয়াতসমূহ পাঠ কৰি শুনায়। আৰু তেওঁ সিহঁতক কুফৰ তথা কু-ব্যৱহাৰৰ পৰা পৱিত্ৰ কৰে, লগতে কোৰআন শিকায় আৰু ছুন্নাহৰ শিক্ষা প্ৰদান কৰে। তেওঁৰ নুবুওৱতৰ পূৰ্বে সিহঁত স্পষ্টৰূপে সত্যৰ পৰা পথভ্ৰষ্ট হৈ আছিল। ফলত সিহঁতে মূৰ্তি পূজা কৰিছিল, ৰক্ত প্ৰবাহিত কৰিছিল আৰু আত্মীয়তাৰ সম্পৰ্ক বিচ্ছিন্ন কৰিছিল।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• عظم منة النبي صلى الله عليه وسلم على البشرية عامة وعلى العرب خصوصًا، حيث كانوا في جاهلية وضياع.
নবী চাল্লাল্লাহু আলাইহি অছাল্লাম মানৱ জাতিৰ প্ৰতি আৰু বিশেষকৈ আৰববাসীসকলৰ প্ৰতি বৰ ডাঙৰ উপকাৰ। কিয়নো সিহঁত জাহিলিয়্যাত (অজ্ঞতা) আৰু ধ্বংসৰ যুগ অতিক্ৰম কৰি আছিল।

• الهداية فضل من الله وحده، تطلب منه وتستجلب بطاعته.
হিদায়ত কেৱল আল্লাহৰ অনুগ্ৰহৰ ফলত প্ৰাপ্ত হয়। গতিকে হিদায়ত কেৱল তেওঁৰ ওচৰতেই বিচৰা উচিত আৰু কেৱল তেওঁৰেই আদেশ পালন কৰি অৰ্জন কৰা উচিত।

• تكذيب دعوى اليهود أنهم أولياء الله؛ بتحدّيهم أن يتمنوا الموت إن كانوا صادقين في دعواهم لأن الولي يشتاق لحبيبه.
ইয়াহুদীসকলৰ এই দাবীৰ খণ্ডন কৰা যে, সিহঁত আল্লাহৰ অলী। সিহঁতক এই চেলেঞ্জ দিয়া হৈছে যে, যদি সিহঁত নিজৰ দাবীত সত্যবাদী তেন্তে মৃত্যু কামনা কৰি দেখুৱাওক। কিয়নো বন্ধুৱে বন্ধুৰ লগত সাক্ষাৎ কৰিবলৈ বৰ ইচ্ছুক হৈ থাকে।

 
የይዘት ትርጉም አንቀጽ: (2) ምዕራፍ: አል ጁሙዓህ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት