Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: አል ሙናፊቁን   አንቀጽ:

আল-মুনাফিকূন

ከመዕራፉ ዓላማዎች:
بيان حقيقة المنافقين والتحذير منهم.
মুনাফিকসকলৰ বাস্তৱতা বৰ্ণনা কৰা হৈছে আৰু সিহঁতৰ পৰা সতৰ্ক কৰা হৈছে।

اِذَا جَآءَكَ الْمُنٰفِقُوْنَ قَالُوْا نَشْهَدُ اِنَّكَ لَرَسُوْلُ اللّٰهِ ۘ— وَاللّٰهُ یَعْلَمُ اِنَّكَ لَرَسُوْلُهٗ ؕ— وَاللّٰهُ یَشْهَدُ اِنَّ الْمُنٰفِقِیْنَ لَكٰذِبُوْنَ ۟ۚ
হে ৰাছুল! মুনাফিক যিসকলে ইছলাম গ্ৰহণ কৰা বুলি ভাৱ দেখুৱায় কিন্তু অন্তৰত কুফুৰ লোকাই ৰাখে, সিহঁত যেতিয়া আপোনাৰ ওচৰত আহে তেতিয়া কয়ঃ আমি সাক্ষী দিওঁ যে, আপুনি সঁচাই আল্লাহৰ ৰাছুল। অথচ আল্লাহে জানে যে, আপুনি তেওঁৰ প্ৰকৃত ৰাছুল। আৰু আল্লাহে সাক্ষ্য দিয়ে যে, সিহঁত নিজৰ দাবী কৰা সাক্ষ্যত মিছলীয়া যে, সিহঁতে নিজৰ অন্তৰৰ গভীৰতাৰ পৰা সাক্ষ্য দিয়ে আপুনি আল্লাহৰ ৰাছুল।
የአረብኛ ቁርኣን ማብራሪያ:
اِتَّخَذُوْۤا اَیْمَانَهُمْ جُنَّةً فَصَدُّوْا عَنْ سَبِیْلِ اللّٰهِ ؕ— اِنَّهُمْ سَآءَ مَا كَانُوْا یَعْمَلُوْنَ ۟
সিহঁতে ঈমান দাবী কৰিবলৈ খোৱা শপতবোৰক হত্যা আৰু গ্ৰেপ্তাৰৰ পৰা বাচিবলৈ ঢাল বনাই লৈছে। আৰু সন্দেহ বিয়পাই মানুহক ঈমানৰ পৰা বিৰত ৰাখিছে। প্ৰকৃততে নিফাকৰ ওপৰত অবিচল থকা আৰু মিছা শপত খোৱা আদিবোৰ বহুত বেয়া কাম, যিবোৰ সিহঁতে কৰি আছে।
የአረብኛ ቁርኣን ማብራሪያ:
ذٰلِكَ بِاَنَّهُمْ اٰمَنُوْا ثُمَّ كَفَرُوْا فَطُبِعَ عَلٰی قُلُوْبِهِمْ فَهُمْ لَا یَفْقَهُوْنَ ۟
ইয়াৰ কাৰণ হৈছে, সিহঁতে মানুহক দেখুৱাবলৈ ঈমান আনিছে আৰু সিহঁতৰ অন্তৰত ঈমান ঢুকি পোৱা নাই। তাৰ পিছত গোপনীয়তাৰে আল্লাহৰ লগত কুফুৰী কৰিছে। সেয়েহে আল্লাহে সিহঁতৰ কুফুৰীৰ কাৰণে সিহঁতৰ অন্তৰত মোহৰ মাৰি দিছে। গতিকে এতিয়া সিহঁতৰ অন্তৰত ঈমান সোমাব নোৱাৰে। এই মোহৰ লগাৰ কাৰণে সিহঁতে বুজিব নোৱাৰে যে, কোনটোত সিহঁতৰ বাবে কল্যাণ আছে তথা হিদায়ত আছে।
የአረብኛ ቁርኣን ማብራሪያ:
وَاِذَا رَاَیْتَهُمْ تُعْجِبُكَ اَجْسَامُهُمْ ؕ— وَاِنْ یَّقُوْلُوْا تَسْمَعْ لِقَوْلِهِمْ ؕ— كَاَنَّهُمْ خُشُبٌ مُّسَنَّدَةٌ ؕ— یَحْسَبُوْنَ كُلَّ صَیْحَةٍ عَلَیْهِمْ ؕ— هُمُ الْعَدُوُّ فَاحْذَرْهُمْ ؕ— قَاتَلَهُمُ اللّٰهُ ؗ— اَنّٰی یُؤْفَكُوْنَ ۟
হে দৰ্শনকাৰী! তুমি যেতিয়া সিহঁতক দেখিবা, সিহঁতৰ সতেজ আৰু নিয়ামতসমূহৰ মাজত লালিত-পালিত ৰূপ ৰেখাই তোমালোকক আকৰ্ষিত কৰিব। আৰু যদি সিহঁতে কথা কবলৈ ধৰে তেন্তে তোমালোকে সিহঁতৰ শুৱলা কথাবোৰ শুনিয়ে থাকিবা। হে ৰাছুল! সিহঁতে আপোনাৰ বৈঠকত এনেদৰে বহে যেন বেৰৰ সহায়ত থিয় হৈ থকা খুটা। সিহঁতে একো নুশুনেও আৰু বুজিও নাপায়। বৰং সিহঁতৰ কাপুৰুষতাৰ চৰম অৱস্থা এই যে, সিহঁতে প্ৰত্যেক কথাকে নিজৰ বিৰুদ্ধে ভাৱে। দৰাচলতে সিহঁতেই শত্ৰু। এতেকে হে ৰাছুল! আপুনি সিহঁতৰ পৰা সাৱধান থাকিব, যাতে সিহঁতে আপোনাৰ গোপন কৌশল প্ৰকাশ নকৰে, অথবা আপোনাৰ বিৰুদ্ধে কোনো চক্ৰান্ত নকৰে। সিহঁতৰ প্ৰতি আল্লাহৰ অভিসম্পাত। সিহঁতক ঈমানৰ পৰা কেনেকৈ বিমুখ কৰা হৈছে, অথচ ইয়াৰ প্ৰমাণ স্পষ্ট আৰু দলিল প্ৰকাশ্য।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• وجوب السعي إلى الجمعة بعد النداء وحرمة ما سواه من الدنيا إلا لعذر.
আজানৰ পিছত জুমআৰ ছালাতৰ বাবে ওলাই যোৱা বাঞ্চনীয়। কোনো উচিত কাৰণ নোহোৱাকৈ আজানৰ পিছত অইন কোনো কাম কৰা হাৰাম।

• تخصيص سورة للمنافقين فيه تنبيه على خطورتهم وخفاء أمرهم.
মুনাফিক সম্পৰ্কে এটি পৰিপূৰ্ণ ছুৰা অৱতীৰ্ণ হোৱাটো এই কথা প্ৰমাণ কৰে যে, সিহঁতৰ অনিষ্টতাৰ পৰা সাৱধান থকা উচিত, লগতে সিহঁতৰ বিষয়টো গোপনীয়।

• العبرة بصلاح الباطن لا بجمال الظاهر ولا حسن المنطق.
ইছলামৰ উদ্দেশ্য হৈছে অন্তৰাত্মাক সংশোধন কৰা। বাহ্যিক সৌন্দৰ্য চৰ্চা তথা আকৰ্ষণীয় কথাৰে মোহিত কৰা নহয়।

 
የይዘት ትርጉም ምዕራፍ: አል ሙናፊቁን
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት