Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: አጥ ጠላቅ   አንቀጽ:
اَسْكِنُوْهُنَّ مِنْ حَیْثُ سَكَنْتُمْ مِّنْ وُّجْدِكُمْ وَلَا تُضَآرُّوْهُنَّ لِتُضَیِّقُوْا عَلَیْهِنَّ ؕ— وَاِنْ كُنَّ اُولَاتِ حَمْلٍ فَاَنْفِقُوْا عَلَیْهِنَّ حَتّٰی یَضَعْنَ حَمْلَهُنَّ ۚ— فَاِنْ اَرْضَعْنَ لَكُمْ فَاٰتُوْهُنَّ اُجُوْرَهُنَّ ۚ— وَاْتَمِرُوْا بَیْنَكُمْ بِمَعْرُوْفٍ ۚ— وَاِنْ تَعَاسَرْتُمْ فَسَتُرْضِعُ لَهٗۤ اُخْرٰی ۟ؕ
হে স্বামীসকল! তোমালোকে সিহঁতক নিজৰ সক্ষম অনুযায়ী সেই ঠাইত অৱস্থান কৰোৱা, যত তোমালোকে অৱস্থান কৰা। আল্লাহে তোমালোকক ইয়াতকৈ অধিক বোজা অৰ্পন নকৰে। তথা সিহঁতক বিৰক্ত কৰিবলৈ থকা, খোৱাৰ অধিকাৰৰ ক্ষেত্ৰত কষ্ট নিদিবা। আৰু যদি তালাকপ্ৰাপ্তা স্ত্ৰী গৰ্ভ অৱস্থাত থাকে তেন্তে প্ৰসৱ নকৰালৈকে তাইৰ খৰচ বহন কৰিবা। প্ৰসৱৰ পাছত যদি তাই তোমাৰ সন্তানক পিয়াহ খুওৱায় তেন্তে তাইক পাৰিশ্ৰমিক দিবা। পাৰিশ্ৰমিকৰ ক্ষেত্ৰত উত্তম নীতি অৱলম্বন কৰিবা। কিন্তু যদি স্ত্ৰীয়ে দাবী কৰা পাৰিশ্ৰমিক প্ৰদানত স্বামীয়ে কৃপণালি কৰে, আনহাতে স্বামীয়ে প্ৰদান কৰা পাৰিশ্ৰমিকত যদি স্ত্ৰী মান্তি নহয় তেন্তে শিশুৰ পিতৃয়ে অইন কোনো পিয়াহ খুওৱোৱা নাৰীৰ জৰিয়তে শিশুক দুগ্ধ পান কৰাব।
የአረብኛ ቁርኣን ማብራሪያ:
لِیُنْفِقْ ذُوْ سَعَةٍ مِّنْ سَعَتِهٖ ؕ— وَمَنْ قُدِرَ عَلَیْهِ رِزْقُهٗ فَلْیُنْفِقْ مِمَّاۤ اٰتٰىهُ اللّٰهُ ؕ— لَا یُكَلِّفُ اللّٰهُ نَفْسًا اِلَّا مَاۤ اٰتٰىهَا ؕ— سَیَجْعَلُ اللّٰهُ بَعْدَ عُسْرٍ یُّسْرًا ۟۠
আল্লাহে যাক সম্পদৰ ক্ষেত্ৰত প্ৰশস্ততা প্ৰদান কৰিছে, সি নিজৰ সামৰ্থ অনুযায়ী তাৰ তালাক দিয়া স্ত্ৰী আৰু সন্তানৰ ওপৰত ব্যয় কৰা উচিত। আৰু যাক সম্পদৰ ক্ষেত্ৰত সংকীৰ্ণতা প্ৰদান কৰিছে সিও নিজৰ সামৰ্থ অনুযায়ী তাৰ পৰা ব্যয় কৰা উচিত। আল্লাহে কাকো তাৰ সাধ্যাতীত কোনো বোজা অৰ্পন নকৰে। সাধ্যতকৈ অধিক ভাৰ কেতিয়াও অৰ্পন নকৰে। যিটো সি নোৱাৰিব সেইটোও প্ৰদান নকৰে। অনতিপলমে আল্লাহে তাক সংকীৰ্ণতাৰ পিছত প্ৰশস্ততা আৰু প্ৰাচুৰ্যতা প্ৰদান কৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
وَكَاَیِّنْ مِّنْ قَرْیَةٍ عَتَتْ عَنْ اَمْرِ رَبِّهَا وَرُسُلِهٖ فَحَاسَبْنٰهَا حِسَابًا شَدِیْدًا وَّعَذَّبْنٰهَا عَذَابًا نُّكْرًا ۟
অতীতৰ এনেকুৱা বহুতো জনপদবাসীয়ে নিজ প্ৰতিপালকৰ আদেশ অমান্য কৰিছিল আৰু তেওঁৰ ৰাছুলসকলৰ অবাধ্যতা কৰিছিল, তেতিয়া আমি সিহঁতৰ বেয়া কৰ্মৰ কঠিন হিচাপ লৈছিলো, লগতে পৃথিৱী আৰু আখিৰাতত সিহঁতক কঠোৰ শাস্তি বিহিছো।
የአረብኛ ቁርኣን ማብራሪያ:
فَذَاقَتْ وَبَالَ اَمْرِهَا وَكَانَ عَاقِبَةُ اَمْرِهَا خُسْرًا ۟
সিহঁতে নিজৰ বেয়া কৰ্মৰ পৰিণাম ভোগ কৰিছে। এতেকে সিহঁতৰ পৃথিৱীৰ পৰিণামো হৈছে ক্ষতি আৰু আখিৰাতৰ পৰিণামো হৈছে ক্ষতি।
የአረብኛ ቁርኣን ማብራሪያ:
اَعَدَّ اللّٰهُ لَهُمْ عَذَابًا شَدِیْدًا ۙ— فَاتَّقُوا اللّٰهَ یٰۤاُولِی الْاَلْبَابِ— الَّذِیْنَ اٰمَنُوْا ۛۚ— قَدْ اَنْزَلَ اللّٰهُ اِلَیْكُمْ ذِكْرًا ۟ۙ
আল্লাহে সিহঁতৰ বাবে বৰ কঠোৰ শাস্তি প্ৰস্তুত কৰি ৰাখিছে। এতেকে হে বিবেকবান লোকসকল, যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰিছা! আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা। যাতে তোমালোকে সেই শাস্তি সন্মুখীন হ'ব নালাগে যিটোৰ সন্মুখীন সিহঁত হৈছিল। আল্লাহে তোমালোকৰ প্ৰতি উপদেশ অৱতীৰ্ণ কৰিছে, যিটোৱে তোমালোকক তেওঁৰ অবাধ্যতাৰ বেয়া পৰিণামৰ পৰা সাৱধান কৰে আৰু তেওঁৰ আদেশ পালনত প্ৰেৰণা যোগায়।
የአረብኛ ቁርኣን ማብራሪያ:
رَّسُوْلًا یَّتْلُوْا عَلَیْكُمْ اٰیٰتِ اللّٰهِ مُبَیِّنٰتٍ لِّیُخْرِجَ الَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ مِنَ الظُّلُمٰتِ اِلَی النُّوْرِ ؕ— وَمَنْ یُّؤْمِنْ بِاللّٰهِ وَیَعْمَلْ صَالِحًا یُّدْخِلْهُ جَنّٰتٍ تَجْرِیْ مِنْ تَحْتِهَا الْاَنْهٰرُ خٰلِدِیْنَ فِیْهَاۤ اَبَدًا ؕ— قَدْ اَحْسَنَ اللّٰهُ لَهٗ رِزْقًا ۟
এই উপদেশ দৰাচলতে তোমালোকৰ ওচৰত আল্লাহৰ ৰাছুলৰ ৰূপত আহিছে, যিয়ে তোমালোকৰ সন্মুখত আল্লাহৰ স্পষ্ট আয়াতসমূহ তিলাৱত কৰে, যিবোৰৰ মাজত কোনো সন্দেহ নাই। যাতে সেইসকল লোকক পথভ্ৰষ্টতাৰ অন্ধকাৰৰ পৰা হিদায়তৰ পোহৰলৈ আনিব পাৰে যিসকলে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰিছে আৰু তেওঁৰ ৰাছুলক সত্য বুলি স্বীকাৰ কৰিছে আৰু নেক আমল কৰিছে। এতেকে যিয়ে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰিব আৰু নেক আমল কৰিব আল্লাহে তাক এনেকুৱা জান্নাতত প্ৰৱেশ কৰাব, যাৰ অট্টালিকা আৰু বৃক্ষসমূহৰ তলেদি নিজৰাসমূহ প্ৰবাহিত। তেওঁলোকে তাত চিৰকাল থাকিব। নিশ্চয় আল্লাহে তাৰ বাবে উত্তম জীৱিকা প্ৰস্তুত কৰি ৰাখিছে। সেই কাৰণেই তেওঁ এনেকুৱা জান্নাতত প্ৰৱেশ কৰাব, যাৰ নিয়ামত কেতিয়াও সমাপ্ত নহয়।
የአረብኛ ቁርኣን ማብራሪያ:
اَللّٰهُ الَّذِیْ خَلَقَ سَبْعَ سَمٰوٰتٍ وَّمِنَ الْاَرْضِ مِثْلَهُنَّ ؕ— یَتَنَزَّلُ الْاَمْرُ بَیْنَهُنَّ لِتَعْلَمُوْۤا اَنَّ اللّٰهَ عَلٰی كُلِّ شَیْءٍ قَدِیْرٌ ۙ— وَّاَنَّ اللّٰهَ قَدْ اَحَاطَ بِكُلِّ شَیْءٍ عِلْمًا ۟۠
আল্লাহ তেৱেঁই, যিয়ে সাতখন আকাশ সৃষ্টি কৰিছে আৰু অনুৰূপ সাতখন পৃথিৱীও। তাত আল্লাহৰ সাংসাৰিক আৰু ধাৰ্মিক আদেশসমূহ অৱতীৰ্ণ হয়। যাতে তোমালোকে জানিব পাৰা যে, নিশ্চয় আল্লাহ সকলো বিষয়ত সামৰ্থৱান। তেওঁক কোনেও অপাৰগ কৰিব নোৱাৰে। আৰু তেওঁ সকলো বস্তুকে তেওঁৰ জ্ঞানৰ আওতাত ৰাখিছে। সেয়ে আকাশমণ্ডল আৰু পৃথিৱীৰ কোনো বিষয় তেওঁৰ পৰা গোপন নহয়।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• عدم وجوب الإرضاع على الحامل إذا طلقت.
গৰ্ভৱতী মহিলাক তালাক প্ৰদান কৰিলে, তাইৰ বাবে শিশুক দুগ্ধ পান কৰোৱা বাধ্যতামূলক নহয়।

• التكليف لا يكون إلا بالمستطاع.
দায়িত্ব কেৱল সেইটোৱে দিব পৰা যায়, যিটো কৰাৰ ক্ষমতা তাৰ আছে।

• الإيمان بقدرة الله وإحاطة علمه بكل شيء سبب للرضا وسكينة القلب.
আল্লাহৰ পূৰ্ণক্ষমতা আৰু তেওঁৰ অসীম জ্ঞানৰ প্ৰতি ঈমান পোষণে মানুহক সন্তুষ্টি আৰু আন্তৰিক প্ৰশান্তি প্ৰদান কৰে।

 
የይዘት ትርጉም ምዕራፍ: አጥ ጠላቅ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት