Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: አት ተህሪም   አንቀጽ:
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا تُوْبُوْۤا اِلَی اللّٰهِ تَوْبَةً نَّصُوْحًا ؕ— عَسٰی رَبُّكُمْ اَنْ یُّكَفِّرَ عَنْكُمْ سَیِّاٰتِكُمْ وَیُدْخِلَكُمْ جَنّٰتٍ تَجْرِیْ مِنْ تَحْتِهَا الْاَنْهٰرُ ۙ— یَوْمَ لَا یُخْزِی اللّٰهُ النَّبِیَّ وَالَّذِیْنَ اٰمَنُوْا مَعَهٗ ۚ— نُوْرُهُمْ یَسْعٰی بَیْنَ اَیْدِیْهِمْ وَبِاَیْمَانِهِمْ یَقُوْلُوْنَ رَبَّنَاۤ اَتْمِمْ لَنَا نُوْرَنَا وَاغْفِرْ لَنَا ۚ— اِنَّكَ عَلٰی كُلِّ شَیْءٍ قَدِیْرٌ ۟
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়তৰ প্ৰতি আমলকাৰীসকল! তোমালোকে নিজৰ গুনাহৰ পৰা আল্লাহৰ ওচৰত সত্য তাওবা কৰা। আশা কৰা যায় তোমালোকৰ প্ৰতিপালকে তোমালোকৰ গুনাহসমূহ ক্ষমা কৰিব আৰু তোমালোকক ক্বিয়ামতৰ দিনা এনেকুৱা জান্নাতত প্ৰৱেশ কৰাব, যাৰ অট্টালিকা আৰু বৃক্ষসমূহৰ তলত নদীসমূহ প্ৰবাহিত। সিদিনা আল্লাহে নবীক আৰু মুমিনসকলক জাহান্নামত প্ৰৱেশ কৰি অপমানিত নকৰিব। তেওঁলোকৰ জ্যোতি চিৰাতৰ ওপৰত তেওঁলোকৰ সন্মুখত আৰু সোঁফালে দৌৰি ফুৰিব। তেতিয়া তেওঁলোকে ক'বঃ হে আমাৰ প্ৰতিপালক! আমাৰ বাবে আমাৰ জ্যোতি পৰিপূৰ্ণ কৰি দিয়া, যাতে আমি জান্নাতত প্ৰৱেশ কৰিব পাৰো। আৰু যাতে মুনাফিকসকলৰ দৰে হৈ নাযাওঁ, যিসকলৰ জ্যোতি চিৰাতৰ ওপৰত নুমাই যাব। তথা আমাৰ গুনাহসমূহ ক্ষমা কৰি দিয়া। নিশ্চয় তুমি সকলো বস্তুৰ ওপৰত ক্ষমতাৱান। এতেকে আমাৰ জ্যোতি পৰিপূৰ্ণ কৰা আৰু আমাৰ গুনাহসমূহ ক্ষমা কৰা তোমাৰ বাবে কোনো ডাঙৰ কথা নহয়।
የአረብኛ ቁርኣን ማብራሪያ:
یٰۤاَیُّهَا النَّبِیُّ جَاهِدِ الْكُفَّارَ وَالْمُنٰفِقِیْنَ وَاغْلُظْ عَلَیْهِمْ ؕ— وَمَاْوٰىهُمْ جَهَنَّمُ ؕ— وَبِئْسَ الْمَصِیْرُ ۟
হে ৰাছুল! কাফিৰসকলৰ লগত তৰোৱালৰ সহায়ত যুদ্ধ কৰা, আনহাতে মুনাফিকসকলৰ লগত মৌখিকভাৱে আৰু বিধান প্ৰতিষ্ঠা কৰি জিহাদ কৰা। সিহঁতৰ লগত কঠোৰ ব্যৱহাৰ কৰিব যাতে সিহঁতে আপোনাক ভয় কৰে। আৰু ক্বিয়ামতৰ দিনা সিহঁতৰ ঠিকনা হ'ব জাহান্নাম। কিমান যে নিকৃষ্ট সিহঁতৰ ঠিকনা, য’ত সিহঁতে প্ৰত্যাৱৰ্তন কৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
ضَرَبَ اللّٰهُ مَثَلًا لِّلَّذِیْنَ كَفَرُوا امْرَاَتَ نُوْحٍ وَّامْرَاَتَ لُوْطٍ ؕ— كَانَتَا تَحْتَ عَبْدَیْنِ مِنْ عِبَادِنَا صَالِحَیْنِ فَخَانَتٰهُمَا فَلَمْ یُغْنِیَا عَنْهُمَا مِنَ اللّٰهِ شَیْـًٔا وَّقِیْلَ ادْخُلَا النَّارَ مَعَ الدّٰخِلِیْنَ ۟
আল্লাহ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰকাৰী সকলৰ বাবে আল্লাহে এটা উদাহৰণ দাঙি ধৰিছে, যিটো প্ৰমাণ কৰে যে, মুমিনসকলৰ লগত সিহঁতৰ সুসম্পৰ্কই কোনো উপকাৰ সাধন নকৰিব। আল্লাহে উদাহৰণ দিছে দুজন নবীৰ স্ত্ৰীৰ, নূহ আৰু লূত আলাইহিমাছ ছালামৰ স্ত্ৰীৰ। দুয়োজনী নাৰী দুজন নেক বান্দাৰ স্ত্ৰী আছিল। কিন্তু দুয়ো গৰাকী নাৰীয়ে নিজ নিজ স্বামীৰ সৈতে বিশ্বাসঘাতকতা কৰিছিল আৰু আল্লাহৰ পথত বাধা সৃষ্টি কৰিছিল তথা কাফিৰসকলক সহায় কৰিছিল। এতেকে দুয়ো গৰাকী নাৰী দুজন নেক বান্দাৰ স্ত্ৰী হোৱাৰ পিছতো সেই সম্পৰ্কই সিহঁতক কোনো উপকাৰ কৰিব নোৱাৰিলে। আৰু সিহঁতক কোৱা হ'লঃ কাফিৰ ফাছিক্বসকলৰ লগত তোমালোকেও জাহান্নামত প্ৰৱেশ কৰা।
የአረብኛ ቁርኣን ማብራሪያ:
وَضَرَبَ اللّٰهُ مَثَلًا لِّلَّذِیْنَ اٰمَنُوا امْرَاَتَ فِرْعَوْنَ ۘ— اِذْ قَالَتْ رَبِّ ابْنِ لِیْ عِنْدَكَ بَیْتًا فِی الْجَنَّةِ وَنَجِّنِیْ مِنْ فِرْعَوْنَ وَعَمَلِهٖ وَنَجِّنِیْ مِنَ الْقَوْمِ الظّٰلِمِیْنَ ۟ۙ
লগতে আল্লাহৰ প্ৰতি আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণকাৰী সকলৰ বাবে আল্লাহে ফিৰআউনৰ স্ত্ৰীৰ উদাহৰণ দাঙি ধৰিছে। এই কথা সাব্যস্ত কৰাৰ বাবে যে, কাফিৰসকলৰ লগত সুসম্পৰ্ক থকাৰ পিছতো কোনো ক্ষতি নহয়, যেতিয়ালৈকে তেওঁ সত্যৰ ওপৰত প্ৰতিষ্ঠিত থাকিব। যেতিয়া তেওঁ কৈছিলঃ হে মোৰ প্ৰতিপালক! মোৰ বাবে তোমাৰ ওচৰত জান্নাতত এটা গৃহ নিৰ্মাণ কৰা। লগতে মোক ফিৰআউনৰ অত্যাচাৰ আৰু তাৰ কুকৰ্মৰ পৰা ৰক্ষা কৰা, তথা মোক সেইসকল লোকৰ পৰা ৰক্ষা কৰা যিসকলে অন্যায়-অত্যাচাৰত তাক অনুসৰণ কৰি নিজৰেই ক্ষতি সাধন কৰে।
የአረብኛ ቁርኣን ማብራሪያ:
وَمَرْیَمَ ابْنَتَ عِمْرٰنَ الَّتِیْۤ اَحْصَنَتْ فَرْجَهَا فَنَفَخْنَا فِیْهِ مِنْ رُّوْحِنَا وَصَدَّقَتْ بِكَلِمٰتِ رَبِّهَا وَكُتُبِهٖ وَكَانَتْ مِنَ الْقٰنِتِیْنَ ۟۠
আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণকাৰী সকলৰ বাবে আল্লাহে মাৰয়াম বিন্তে ইমৰাণৰ উদাহৰণ দাঙি ধৰিছে, যিয়ে নিজৰ লজ্জাস্থান ব্যভিচাৰৰ পৰা সুৰক্ষিত ৰাখিছিল। তেতিয়া আল্লাহে জিব্ৰীলক তেওঁৰ ভিতৰত ফুঁ মাৰিবলৈ আদেশ দিলে। ফলত তেওঁ আল্লাহৰ আদেশত ঈছা আলাইহিছ ছালামক পিতৃ অবিহনেই গৰ্ভত ধাৰণ কৰিলে। তথা তেওঁ আল্লাহৰ চৰীয়তক আৰু ৰাছুলৰ ওপৰত অৱতীৰ্ণ কিতাপসমূহক সত্য বুলি মানি লৈছিল। আৰু তেওঁ আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ আনুগত্যকাৰী সকলৰ অন্তৰ্ভুক্ত আছিল।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• التوبة النصوح سبب لكل خير.
প্ৰকৃত তাওবা সকলো ধৰণৰ কল্যাণ লাভৰ কাৰণ।

• في اقتران جهاد العلم والحجة وجهاد السيف دلالة على أهميتهما وأنه لا غنى عن أحدهما.
জ্ঞানৰ জিহাদ আৰু তৰোৱালৰ জিহাদ একেলগে উল্লেখ কৰি এই কথা প্ৰমাণ কৰিছে যে, দুয়োটা বিষয়ৰে নিজ নিজ স্থানত গুৰুত্ব আছে। ইয়াৰ কোনো এটাক অমনোযোগী কৰা উচিত নহ'ব।

• القرابة بسبب أو نسب لا تنفع صاحبها يوم القيامة إذا فرّق بينهما الدين.
আত্মীয়তাৰ সম্পৰ্ক হওঁক অথবা বন্ধুত্বৰ সম্পৰ্ক, ক্বিয়ামতৰ দিনা একোৱেই উপকাৰ নকৰিব, যেতিয়ালৈকে ধৰ্মৰ সম্পৰ্কই দুয়োকে সংযোগ নকৰিব।

• العفاف والبعد عن الريبة من صفات المؤمنات الصالحات.
পৱিত্ৰ থকা আৰু সন্দেহৰ পৰা আঁতৰত থকা মুমিনা নাৰীৰ অন্যতম বৈশিষ্ট্য।

 
የይዘት ትርጉም ምዕራፍ: አት ተህሪም
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት