Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: አል ሙልክ   አንቀጽ:
وَاَسِرُّوْا قَوْلَكُمْ اَوِ اجْهَرُوْا بِهٖ ؕ— اِنَّهٗ عَلِیْمٌۢ بِذَاتِ الصُّدُوْرِ ۟
হে মানৱ, তোমালোকে নিজৰ কথা গোপন কৰা বা ব্যক্ত কৰা আল্লাহ তাআলা সেই বিষয়ে অৱগত। তেওঁ তেওঁৰ বান্দাসকলৰ অন্তৰৰ কথা জানে। তেওঁৰ পৰা কোনো বস্তু গোপন নহয়।
የአረብኛ ቁርኣን ማብራሪያ:
اَلَا یَعْلَمُ مَنْ خَلَقَ ؕ— وَهُوَ اللَّطِیْفُ الْخَبِیْرُ ۟۠
যিয়ে গোটেই সৃষ্টিজগতক সৃষ্টি কৰিছে তেওঁ গোপন আৰু গোপনতকৈ গোপন সম্পৰ্কে নাজানিব নে? অথচ তেওঁ নিজৰ বান্দাসকলৰ বিষয়ে সূক্ষ্মদৰ্শী আৰু বান্দাসকলৰ অৱস্থা সম্পৰ্কেও সম্যক অৱগত। তেওঁৰ পৰা কোনো বস্তু গোপন নহয়।
የአረብኛ ቁርኣን ማብራሪያ:
هُوَ الَّذِیْ جَعَلَ لَكُمُ الْاَرْضَ ذَلُوْلًا فَامْشُوْا فِیْ مَنَاكِبِهَا وَكُلُوْا مِنْ رِّزْقِهٖ ؕ— وَاِلَیْهِ النُّشُوْرُ ۟
তেৱেঁই যিজনে পৃথিৱী সৃষ্টি কৰিছে আৰু তোমালোকৰ বাবে ইয়াক থকাৰ উপযোগী বনাইছে। সেয়েহে তোমালোকে তাৰ বিভিন্ন প্ৰান্তত পৰিভ্ৰমণ কৰা আৰু তোমালোকৰ বাবে পৃথিৱীত ৰাখি থোৱা জীৱিকাবোৰৰ পৰা আহাৰ কৰা। আৰু কেৱল তেওঁৰ ফালেই হিচাপ- নিকাচৰ বাবে প্ৰত্যাগমন কৰিব লাগিব।
የአረብኛ ቁርኣን ማብራሪያ:
ءَاَمِنْتُمْ مَّنْ فِی السَّمَآءِ اَنْ یَّخْسِفَ بِكُمُ الْاَرْضَ فَاِذَا هِیَ تَمُوْرُ ۟ۙ
তোমালোকে সেই আল্লাহৰ পৰা নিৰ্ভয় হৈছা নেকি যিয়ে আকাশত বিৰাজমান, তেওঁ তোমালোকৰ তলৰ মাটি ফাট মেলাই দিব যিদৰে কাৰুনৰ তলৰ পৰা মাটি ফাট মেলাই দিছিল। যিহেতু প্ৰথমে সমভূমি আছিল আৰু থকা-মেলাৰ যোগ্য আছিল। তাৰ পিছত হঠাৎ তোমালোকৰ সৈতে থৰথৰকৈ কঁপিবলৈ ধৰিলে?
የአረብኛ ቁርኣን ማብራሪያ:
اَمْ اَمِنْتُمْ مَّنْ فِی السَّمَآءِ اَنْ یُّرْسِلَ عَلَیْكُمْ حَاصِبًا ؕ— فَسَتَعْلَمُوْنَ كَیْفَ نَذِیْرِ ۟
তোমালোকে সেই আল্লাহৰ পৰা নিৰ্ভয় হৈছা নেকি যিয়ে আকাশত বিৰাজমান, তেওঁ তোমালোকৰ ওপৰত আকাশৰ পৰা শিল বৰ্ষণ কৰিব পাৰে যিদৰে লুত আলাইহিছ ছালামৰ সম্প্ৰদায়ৰ ওপৰত বৰ্ষণ কৰিছিল? তোমালোকে নিজ চকুৰে মোৰ শাস্তি চাই লোৱাৰ পিছত নিশ্চয় মোৰ এই সতৰ্কতাৰ বাস্তৱতা জানিবলৈ পাবা। কিন্তু শাস্তি চাই লোৱাৰ পিছত তোমালোকৰ ঈমান কোনো কামত নাহিব।
የአረብኛ ቁርኣን ማብራሪያ:
وَلَقَدْ كَذَّبَ الَّذِیْنَ مِنْ قَبْلِهِمْ فَكَیْفَ كَانَ نَكِیْرِ ۟
এই মুশ্বৰিকসকলৰ আগৰ জাতিবোৰেও অস্বীকাৰ কৰিছিল। যেতিয়া সিবিলাকে নিজৰ কুফুৰী আৰু অস্বীকাৰৰ প্ৰতি প্ৰতিষ্ঠিত আছিল তেতিয়া সিবিলাকৰ ওপৰত শাস্তি অৱতীৰ্ণ হৈছিল। গতিকে মোৰ পক্ষৰ পৰা সিবিলাকৰ শাস্তি কেনেকুৱা আছিল? এই গ্ৰেপ্তাৰী আছিল অতি কঠোৰ।
የአረብኛ ቁርኣን ማብራሪያ:
اَوَلَمْ یَرَوْا اِلَی الطَّیْرِ فَوْقَهُمْ صٰٓفّٰتٍ وَّیَقْبِضْنَ ؕۘؔ— مَا یُمْسِكُهُنَّ اِلَّا الرَّحْمٰنُ ؕ— اِنَّهٗ بِكُلِّ شَیْءٍ بَصِیْرٌ ۟
এই অস্বীকাৰকাৰী বিলাকে নিজৰ ওপৰত চৰাইবোৰক উৰি থকা লক্ষ্য কৰা নাই নে, যিবোৰে কেতিয়াবা শুন্যত পাখী মেলি দিয়ে আৰু কেতিয়া সংকুচিত কৰে। আল্লাহ তাআলাই এইবোৰক পৰি নোযোৱাকৈ আকাশত স্থিৰ কৰি ৰাখে। নিশ্চয় তেওঁ সকলো বস্তুৰ সম্যক দ্ৰষ্টা। তেওঁৰ পৰা কোনো বস্তু গোপন নহয়।
የአረብኛ ቁርኣን ማብራሪያ:
اَمَّنْ هٰذَا الَّذِیْ هُوَ جُنْدٌ لَّكُمْ یَنْصُرُكُمْ مِّنْ دُوْنِ الرَّحْمٰنِ ؕ— اِنِ الْكٰفِرُوْنَ اِلَّا فِیْ غُرُوْرٍ ۟ۚ
হে কাফিৰ সকল, যদি আল্লাহ তাআলাই তোমালোকক শাস্তি দিব বিচাৰে তেন্তে তোমালোকৰ এনেকুৱা কোনো সৈন্য বাহিনী নাই যিয়ে এই শাস্তিৰ পৰা ৰক্ষা কৰিব পাৰিব। কাফিৰসকল আছে কেৱল প্ৰৱঞ্চনাৰ মাজত। চয়তানে সিহঁতক প্ৰৱঞ্চনাত লিপ্ত কৰিছে।
የአረብኛ ቁርኣን ማብራሪያ:
اَمَّنْ هٰذَا الَّذِیْ یَرْزُقُكُمْ اِنْ اَمْسَكَ رِزْقَهٗ ۚ— بَلْ لَّجُّوْا فِیْ عُتُوٍّ وَّنُفُوْرٍ ۟
যদি আল্লাহে তেওঁৰ জীৱকা বন্ধ কৰি দিয়ে তেন্তে কোনেও তোমালোকক জীৱিকা প্ৰদান কৰিব নোৱাৰে। বৰঞ্চ প্ৰকৃত কথাটো হৈছে কাফিৰবিলাকে বিদ্বেষ আৰু অহংকাৰত পতিত হৈছে লগতে সত্যৰ পৰা দূৰত অৱস্থান কৰিছে।
የአረብኛ ቁርኣን ማብራሪያ:
اَفَمَنْ یَّمْشِیْ مُكِبًّا عَلٰی وَجْهِهٖۤ اَهْدٰۤی اَمَّنْ یَّمْشِیْ سَوِیًّا عَلٰی صِرَاطٍ مُّسْتَقِیْمٍ ۟
যি ব্যক্তি নত হৈ মুখৰ ওপৰত ভৰ দি খোজ কাঢ়ে (অৰ্থাৎ মুশ্বৰিক সকল) সিহঁতে বেছি হিদায়ত প্ৰাপ্ত, নে সেই মুমিন ব্যক্তি যিয়ে পোন হৈ সৰল পথত খোজ কাঢ়ে?
የአረብኛ ቁርኣን ማብራሪያ:
قُلْ هُوَ الَّذِیْۤ اَنْشَاَكُمْ وَجَعَلَ لَكُمُ السَّمْعَ وَالْاَبْصَارَ وَالْاَفْـِٕدَةَ ؕ— قَلِیْلًا مَّا تَشْكُرُوْنَ ۟
হে ৰাছুল, এই অস্বীকাৰকাৰী মুশ্বৰিক সকলক কৈ দিয়কঃ তেৱেঁই তোমালোকক সৃষ্টি কৰিছে আৰু শুনিবলৈ কাণ দিছে, দেখিবলৈ চকু দিছে আৰু বুজিবলৈ অন্তৰ দিছে। তথাপিও তোমালোকে আল্লাহৰ পক্ষৰ পৰা পোৱা অনুগ্ৰহ বা অৱদানবোৰৰ কৃতজ্ঞতা পালন নকৰা কিয়।
የአረብኛ ቁርኣን ማብራሪያ:
قُلْ هُوَ الَّذِیْ ذَرَاَكُمْ فِی الْاَرْضِ وَاِلَیْهِ تُحْشَرُوْنَ ۟
হে ৰাছুল, এই অস্বীকাৰকাৰী মুশ্বৰিক সকলক কৈ দিয়কঃ তেৱেই তোমালোকক পৃথিৱীত সৃষ্টি কৰিছে আৰু তাত প্ৰসাৰিত কৰিছে । তোমালোকৰ সেই মূৰ্তিবোৰে নহয় যিয়ে একোৱে সৃষ্টি কৰিব নোৱাৰে। আৰু কেৱল আল্লাহ তাআলাৰ ওচৰতেই ক্বিয়ামতৰ দিনা হিচাপ-নিকাচ আৰু পৰিণামৰ বাবে একত্ৰিত বা সমবেত কৰা হব। তোমালোকৰ মূৰ্তিবোৰৰ ওচৰত নহয়।
የአረብኛ ቁርኣን ማብራሪያ:
وَیَقُوْلُوْنَ مَتٰی هٰذَا الْوَعْدُ اِنْ كُنْتُمْ صٰدِقِیْنَ ۟
আৰু পুনৰুত্থান অস্বীকাৰকাৰী সকলে পুনৰুত্থানক বহু দূৰ বুলি ভাবি কয়ঃ কোৱাচোন এই প্ৰতিশ্ৰুতি কেতিয়া বাস্তবায়িত হ’ব যাৰ কথা তুমি (মুহাম্মদ) আৰু তোমাৰ অনুসাৰীসকলে আমাক কৈ আছা। যদি তুমি তোমাৰ এই প্ৰতিশ্ৰুতিত সত্য যে সেয়া আহিবই?
የአረብኛ ቁርኣን ማብራሪያ:
قُلْ اِنَّمَا الْعِلْمُ عِنْدَ اللّٰهِ ۪— وَاِنَّمَاۤ اَنَا نَذِیْرٌ مُّبِیْنٌ ۟
হে ৰাছুল আপুনি কৈ দিয়কঃ ক্বিয়ামতৰ জ্ঞান কেৱল আল্লাহৰ ওচৰতেই আছে। ক্বিয়ামত কেতিয়া প্ৰতিষ্ঠিত হ’ব তেওঁৰ বাহিৰে আন কোনেও নাজানে। আৰু মইতো কেৱল স্পষ্ট সতৰ্ককাৰী মাত্ৰ।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• اطلاع الله على ما تخفيه صدور عباده.
আল্লাহে বান্দাৰ অন্তৰত গোপন আৰু লুপ্ত থকা সকলো কথাই জানে।

• الكفر والمعاصي من أسباب حصول عذاب الله في الدنيا والآخرة.
কুফুৰী আৰু পাপ কৰ্ম পৃথিৱী আৰু পৰকালত আল্লাহৰ শাস্তি ভোগ কৰাৰ কাৰণ।

• الكفر بالله ظلمة وحيرة، والإيمان به نور وهداية.
আল্লাহৰ লগত কুফুৰী হল অন্ধকাৰ আৰু অশান্তি। আৰু তেওঁৰ প্ৰতি ঈমান হ’ল জ্যোতি আৰু হিদায়ত।

 
የይዘት ትርጉም ምዕራፍ: አል ሙልክ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት