Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: አል ቀለም   አንቀጽ:
اِنَّا بَلَوْنٰهُمْ كَمَا بَلَوْنَاۤ اَصْحٰبَ الْجَنَّةِ ۚ— اِذْ اَقْسَمُوْا لَیَصْرِمُنَّهَا مُصْبِحِیْنَ ۟ۙ
আমি এই মুশ্বৰিকবিলাকক ভোক আৰু অভাৱ- অনাটনৰ জৰিয়তে পৰীক্ষা কৰিছিলো যিদৰে উদ্যান অধিপতিসকলক পৰীক্ষা কৰিছিলো। যেতিয়া সিহঁতে শপত কৰিছিল যে, অৱশ্যে ৰাতিপুৱাই সিহঁতে বাগানৰ ফল আহৰণ কৰিব, যাতে কোনো দুখীয়া আৰু নিৰ্ধন ব্যক্তিক কিছু দিব নালাগে।
የአረብኛ ቁርኣን ማብራሪያ:
وَلَا یَسْتَثْنُوْنَ ۟
আৰু সিহঁতে শপত কৰোতে ইন শ্বা আল্লাহ কোৱা নাছিল।
የአረብኛ ቁርኣን ማብራሪያ:
فَطَافَ عَلَیْهَا طَآىِٕفٌ مِّنْ رَّبِّكَ وَهُمْ نَآىِٕمُوْنَ ۟
গতিকে আল্লাহ তাআলাই বাগনৰ প্ৰতি এক প্ৰৱল জুই পঠাই দিলে। যিয়ে সেইবোৰ খাই অস্তিত্বহীন কৰি পেলালে। যিহেতু বাগানৰ গৰাকীসকল শুই আছিল আৰু নিজৰ বাগান খনক জুইৰ পৰা ৰক্ষা কৰিব পৰা নাছিল।
የአረብኛ ቁርኣን ማብራሪያ:
فَاَصْبَحَتْ كَالصَّرِیْمِ ۟ۙ
এতেকে বাগান ৰাতিৰ দৰে কলা হৈ গল।
የአረብኛ ቁርኣን ማብራሪያ:
فَتَنَادَوْا مُصْبِحِیْنَ ۟ۙ
তাৰ পিছত ৰাতিপুৱা ইজনে সিজনক মাতিলে।
የአረብኛ ቁርኣን ማብራሪያ:
اَنِ اغْدُوْا عَلٰی حَرْثِكُمْ اِنْ كُنْتُمْ صٰرِمِیْنَ ۟
কবলৈ ধৰিলেঃ যদি তোমালোকে বাগানৰ ফলবোৰ গোটাব বিচৰা তেন্তে মগনীয়াৰ সকলে অহাৰ আগতে বাগানলৈ ওলাই যোৱা।
የአረብኛ ቁርኣን ማብራሪያ:
فَانْطَلَقُوْا وَهُمْ یَتَخَافَتُوْنَ ۟ۙ
গতিকে সিহঁতে তীব্ৰভাৱে নিজৰ খেতিলৈ খোজ কাঢ়িব ধৰিলে। সিহঁতে পৰস্পৰে নিম্নস্বৰে আৰু সাৱধানতাৰে কথা পাতি আছিল।
የአረብኛ ቁርኣን ማብራሪያ:
اَنْ لَّا یَدْخُلَنَّهَا الْیَوْمَ عَلَیْكُمْ مِّسْكِیْنٌ ۟ۙ
সিহঁতে পৰস্পৰে কৈ আছিলঃ আজি যাতে তোমালোকৰ ওচৰত কোনো দুখীয়া- অভাৱী প্ৰৱেশ কৰিব নোৱাৰে।
የአረብኛ ቁርኣን ማብራሪያ:
وَّغَدَوْا عَلٰی حَرْدٍ قٰدِرِیْنَ ۟
আৰু সিহঁতে ৰাতিপুৱা এই মানসেৰে যাবলৈ ধৰিছিল যে আজি এটা দানাও কাকো নিদিব।
የአረብኛ ቁርኣን ማብራሪያ:
فَلَمَّا رَاَوْهَا قَالُوْۤا اِنَّا لَضَآلُّوْنَ ۟ۙ
যেতিয়া সিহঁতে খেতি জ্বলি ছাই হোৱা দেখা পাইছিল তেতিয়া পৰস্পৰে কবলৈ ধৰিলেঃ নিশ্চয় আমি বাগানৰ ৰাস্তা পাহৰি গৈছো।
የአረብኛ ቁርኣን ማብራሪያ:
بَلْ نَحْنُ مَحْرُوْمُوْنَ ۟
বৰং বাগানৰ ফল গোটোৱাবলৈ আমাক বনঞ্চিত কৰা হৈছে। কিয়নো আমি এইটো নিৰ্ণয় কৰিছিলো যে দুখীয়া আৰু অভাৱীসকলক একোৱে নিদিও।
የአረብኛ ቁርኣን ማብራሪያ:
قَالَ اَوْسَطُهُمْ اَلَمْ اَقُلْ لَّكُمْ لَوْلَا تُسَبِّحُوْنَ ۟
সিহঁতৰ ভিতৰত সৰ্বোত্তোম ব্যক্তিয়ে কলেঃ তেতিয়া মই তোমালোকক কোৱা নাছিলো নে, যেতিয়া তোমালোকে বাগানৰ ফলসমূহৰ পৰা দুখীয়া- অভাৱী সকলক বঞ্চিত কৰাৰ যোজনা কৰি আছিলা যে তোমালোকে আল্লাহৰ পৱিত্ৰতা কিয় বৰ্ণনা নকৰা আৰু তেওঁৰ ওচৰত কিয়া তাওবাহ নকৰা?
የአረብኛ ቁርኣን ማብራሪያ:
قَالُوْا سُبْحٰنَ رَبِّنَاۤ اِنَّا كُنَّا ظٰلِمِیْنَ ۟
সকলোৱে কলেঃ আমাৰ প্ৰতিপালক পবিত্ৰ। আমি আমাৰ বাগানৰ ফলৰ পৰা দুখীয়া আৰু অভাৱীসকলক বঞ্চিত কৰাৰ পৰিকল্পনাৰ সময়ত নিশ্চয় নিজৰ ওপৰতে অন্যায় কৰিছিলো।
የአረብኛ ቁርኣን ማብራሪያ:
فَاَقْبَلَ بَعْضُهُمْ عَلٰی بَعْضٍ یَّتَلَاوَمُوْنَ ۟
তাৰ পিছত সিহঁতে এজন আনজনৰ ফালে হৈ পৰস্পৰে দোষাৰোপ কৰিবলৈ ধৰিলে।
የአረብኛ ቁርኣን ማብራሪያ:
قَالُوْا یٰوَیْلَنَاۤ اِنَّا كُنَّا طٰغِیْنَ ۟
লজ্জিত হৈ কবলৈ ধৰিলেঃ হায় আমাৰ ক্ষতি ! নিশ্চয় আমি দুখীয়া আৰু অভাৱ গ্ৰস্থ লোকক অধিকাৰৰ পৰা বঞ্চিত কৰাৰ পৰিকল্পনা কৰি সীমালংঘন কৰিছো।
የአረብኛ ቁርኣን ማብራሪያ:
عَسٰی رَبُّنَاۤ اَنْ یُّبْدِلَنَا خَیْرًا مِّنْهَاۤ اِنَّاۤ اِلٰی رَبِّنَا رٰغِبُوْنَ ۟
সম্ভৱত আমাৰ প্ৰতিপালকে আমাক বাগানৰ পৰিৱৰ্তে ইয়াতকৈ উত্তম বস্তু প্ৰদান কৰিব। নিশ্চয় আমি আমাৰ প্ৰতিপালকৰ প্ৰতি আগ্ৰহী। তেওঁৰ পৰা ক্ষমাৰ আশাবাদী আৰু তেওঁৰ পৰাই কল্যাণ বিচাৰো।
የአረብኛ ቁርኣን ማብራሪያ:
كَذٰلِكَ الْعَذَابُ ؕ— وَلَعَذَابُ الْاٰخِرَةِ اَكْبَرُ ۘ— لَوْ كَانُوْا یَعْلَمُوْنَ ۟۠
খাদ্য বস্তু বা জীৱিকাৰ পৰা বঞ্চিত কৰাৰ যি শাস্তি আমি সিহঁতক দিছো তেনেকুৱা শাস্তি আমি প্ৰত্যেক সেই ব্যক্তিক দিওঁ যিয়ে আমাৰ আদেশৰ অৱজ্ঞা কৰে। আৰু আখিৰাতৰ শাস্তি ইয়াতকৈয়ো ডাঙৰ। যদি সিহঁতে তেওঁৰ কঠোৰতা আৰু নিৰন্তৰতাৰ বিষয়ে জানিলেহেঁতেন।
የአረብኛ ቁርኣን ማብራሪያ:
اِنَّ لِلْمُتَّقِیْنَ عِنْدَ رَبِّهِمْ جَنّٰتِ النَّعِیْمِ ۟
নিশ্চয় আল্লাহৰ পৰা, তেওঁৰ আদেশ সমূহ পালন কৰি আৰু তেওঁ নিষেধকৃত বস্তুবোৰৰ পৰা বিৰত থাকি, ভয়কাৰী সকলৰ বাবে সিহঁতৰ প্ৰতিপালকৰ ওচৰত অনুগ্ৰহমূলক জান্নাত আছে। সিহঁতে তাত প্ৰত্যেক ধৰণৰ অনুগ্ৰহৰ পৰা উপকৃত হ’ব। সিহঁতৰ অনুগ্ৰহৰ ধাৰাবাহিকতা কেতিয়াও বিচ্ছিন্ন নহ’ব।
የአረብኛ ቁርኣን ማብራሪያ:
اَفَنَجْعَلُ الْمُسْلِمِیْنَ كَالْمُجْرِمِیْنَ ۟ؕ
আমি মুছলমানসকলক পৰিণামৰ ক্ষেত্ৰত মুশ্বৰিক বিলাকৰ দৰে কৰিম নেকি যিদৰে মক্কাৰ মুশ্বৰিক বিলাকে ধাৰণা কৰিছে?
የአረብኛ ቁርኣን ማብራሪያ:
مَا لَكُمْ ۫— كَیْفَ تَحْكُمُوْنَ ۟ۚ
তোমালোকৰ ( হে মুশ্বৰিক সকল ) কি হৈছে? তোমালোকে এই অন্যায়পূৰ্ণ নিৰ্ণয় কেনেকৈ লোৱা?
የአረብኛ ቁርኣን ማብራሪያ:
اَمْ لَكُمْ كِتٰبٌ فِیْهِ تَدْرُسُوْنَ ۟ۙ
তোমালোকৰ ওচৰত এনেকুৱা কোনো কিতাপ আছে নেকি যাৰ ভিতৰত তোমালোকে পঢ়া যে অনুগত্যকাৰী আৰু অবাধ্যকাৰী সমান?
የአረብኛ ቁርኣን ማብራሪያ:
اِنَّ لَكُمْ فِیْهِ لَمَا تَخَیَّرُوْنَ ۟ۚ
আৰু তোমালোকৰ বাবে আখিৰাতত সেয়াই আছে যি তোমালোকে পছন্দ কৰা।
የአረብኛ ቁርኣን ማብራሪያ:
اَمْ لَكُمْ اَیْمَانٌ عَلَیْنَا بَالِغَةٌ اِلٰی یَوْمِ الْقِیٰمَةِ ۙ— اِنَّ لَكُمْ لَمَا تَحْكُمُوْنَ ۟ۚ
তোমালোকৰ বাবে আমাৰ ওপৰত কোনো অটল অঙ্গীকাৰ আছে নেকি? যাৰ দাবী এই যে তোমোলোকৰ বাবে সেয়াই আছে যিটো তোমালোকে নিজৰ বাবে নিৰ্ণয় কৰা?
የአረብኛ ቁርኣን ማብራሪያ:
سَلْهُمْ اَیُّهُمْ بِذٰلِكَ زَعِیْمٌ ۟ۚۛ
হে ৰাছুল, এই কথা কোৱাসকলক সুধক, ইয়াৰ জিম্মাদাৰ কোন?
የአረብኛ ቁርኣን ማብራሪያ:
اَمْ لَهُمْ شُرَكَآءُ ۛۚ— فَلْیَاْتُوْا بِشُرَكَآىِٕهِمْ اِنْ كَانُوْا صٰدِقِیْنَ ۟
অথবা সিহঁতৰ বাবে আল্লাহৰ লগত বহুতো অংশীদাৰ আছে নেকি যিহঁতে পৰিণামৰ ক্ষেত্ৰত মুশ্বৰীক বিলাকক মুমিনসকলৰ সমান বুলি প্ৰতিষ্ঠিত কৰে? তেন্তে সিহঁতে সিহঁতৰ অংশীদাৰ বিলাকক উপস্থিত কৰা উচিত। যদি সিহঁতে এই দাবীত সত্যবাদী যে সিহঁতৰ অংশীদাৰ সকলে সিহঁতক পৰিণামৰ ক্ষেত্ৰত মুমিনসকলৰ সমান প্ৰতিষ্ঠিত কৰিছে।
የአረብኛ ቁርኣን ማብራሪያ:
یَوْمَ یُكْشَفُ عَنْ سَاقٍ وَّیُدْعَوْنَ اِلَی السُّجُوْدِ فَلَا یَسْتَطِیْعُوْنَ ۟ۙ
ক্বিয়ামতৰ দিনা ভয়াৱহ পৰিস্থিতি হব আৰু আমাৰ প্ৰতিপালকে তেওঁৰ ভৰিৰ কলাফুলি উন্মুচিত কৰিব আৰু মানুহক ছাজদাহ কৰিবলৈ আহ্বান কৰা হ’ব। মুমিনসকলে ছাজদাহ কৰিব আৰু কাফিৰ তথা মুনাফিক বিলাকে ছাজদাহ কৰিবলৈ অক্ষম অৱস্থাত ৰৈ যাব।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• منع حق الفقير سبب في هلاك المال.
মগনীয়াৰ আৰু নিৰ্ধনৰ অধিকাৰ খৰ্ব কৰাটো হৈছে সম্পত্তি ধংসৰ কাৰণ।

• تعجيل العقوبة في الدنيا من إرادة الخير بالعبد ليتوب ويرجع.
পৃথিৱীত বান্দাক শাস্তি দিয়া তেওঁৰ পক্ষেই ভাল। কিয়নো সম্ভৱত তেওঁ তাওবাহ কৰি লব আৰু পাপ কৰ্মৰ পৰা বিৰত থাকিব।

• لا يستوي المؤمن والكافر في الجزاء، كما لا تستوي صفاتهما.
মুমিন আৰু কাফিৰ, পৰিণামৰ দৃষ্টিকোণৰ পৰা সমান হব নোৱাৰে। এয়া তেনেকুৱাই যিদৰে দুয়ো বৈশিষ্ট্যৰ দৃষ্টিকোণৰ পৰা সমান নহয়।

 
የይዘት ትርጉም ምዕራፍ: አል ቀለም
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት