የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: ሱረቱ አል ሙዘሚል   አንቀጽ:

ছুৰা আল-মুঝ্ঝাম্মিল

ከመዕራፉ ዓላማዎች:
بيان الأسباب المعينة على القيام بأعباء الدعوة.
দাৱাতৰ গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিবলৈ প্ৰয়োজন হোৱা সহায়কাৰী উপকৰণসমূহৰ বৰ্ণনা।

یٰۤاَیُّهَا الْمُزَّمِّلُ ۟ۙ
হে বস্ত্ৰাবৃত ব্যক্তি, অৰ্থাৎ হে নবী ছাল্লাল্লাহু আলাইহি অছাল্লাম।
የአረብኛ ቁርኣን ማብራሪያ:
قُمِ الَّیْلَ اِلَّا قَلِیْلًا ۟ۙ
ৰাতিত ছালাত আদায় কৰক, তাৰ কিছু অংশৰ বাহিৰে।
የአረብኛ ቁርኣን ማብራሪያ:
نِّصْفَهٗۤ اَوِ انْقُصْ مِنْهُ قَلِیْلًا ۟ۙ
ইচ্ছা কৰিলে অৰ্দ্ধেক ৰাতিৰ পৰা ছালাত আদায় কৰক। অথবা তাতকৈ কম সময় ছালাত আদায় কৰক, তৃতীয়াংশ লৈকে।
የአረብኛ ቁርኣን ማብራሪያ:
اَوْ زِدْ عَلَیْهِ وَرَتِّلِ الْقُرْاٰنَ تَرْتِیْلًا ۟ؕ
অথবা তাতোকৈ বেছি সময় ছালাত আদায় কৰক, ৰাতিৰ দুই তৃতীয়াংশ লৈকে। লগতে কোৱা হৈছে, যেতিয়া কোৰআন পঢ়িব তেতিয়া স্পষ্টভাৱে ধীৰে ধীৰে তিলাৱত কৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
اِنَّا سَنُلْقِیْ عَلَیْكَ قَوْلًا ثَقِیْلًا ۟
হে ৰাছুল, আমি আপোনাৰ প্ৰতি কোৰআন অৱতীৰ্ণ কৰিম। এক গধুৰ বাণী। কিয়নো তাৰ ভিতৰত আছে ফৰজ বিধান, দণ্ডৰ সীমা, বিভিন্ন বিধি-বিধান আৰু শিষ্টাচাৰ আদিৰ উল্লেখ।
የአረብኛ ቁርኣን ማብራሪያ:
اِنَّ نَاشِئَةَ الَّیْلِ هِیَ اَشَدُّ وَطْاً وَّاَقْوَمُ قِیْلًا ۟ؕ
নিশ্চয় ৰাতিৰ সময় হৈছে তিলাৱাতৰ বাবে অন্তৰৰ প্ৰতি প্ৰভাৱ পেলোৱাৰ অনুকূল সময়। আৰু সঠিক কথা কোৱাত অৱকাশ প্ৰদান কৰে।
የአረብኛ ቁርኣን ማብራሪያ:
اِنَّ لَكَ فِی النَّهَارِ سَبْحًا طَوِیْلًا ۟ؕ
নিশ্চয় দিনৰ ভাগত আপোনাৰ বহুতো কাম কৰিব লগা থাকে। যাৰ কাৰণে আপুনি কোৰআন পঢ়িবলৈ অৱকাশ নাপায়। সেয়েহে ৰাতিত ছালাত আদায় কৰক।
የአረብኛ ቁርኣን ማብራሪያ:
وَاذْكُرِ اسْمَ رَبِّكَ وَتَبَتَّلْ اِلَیْهِ تَبْتِیْلًا ۟ؕ
আৰু আল্লাহক বিভিন্ন ধৰণৰ আজকাৰৰ জৰিয়তে স্মৰণ কৰক। আৰু সকলোৰে পৰা সম্পৰ্কহীন হৈ একনিষ্ঠভাৱে আল্লাহৰ হৈ যাওক। অৰ্থাৎ একমাত্ৰ আল্লাহৰেই ইবাদত কৰক।
የአረብኛ ቁርኣን ማብራሪያ:
رَبُّ الْمَشْرِقِ وَالْمَغْرِبِ لَاۤ اِلٰهَ اِلَّا هُوَ فَاتَّخِذْهُ وَكِیْلًا ۟
তেৱেঁই সূৰ্যোদয়ৰ স্থান আৰু সূৰ্য অস্ত যোৱা স্থানৰ প্ৰতিপালক। তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। সেয়েহে তেওঁকেই কাৰ্য সম্পাদনকাৰীৰূপে গ্ৰহণ কৰি সকলো কামতে তেওঁৰ প্ৰতি ভৰসা কৰক।
የአረብኛ ቁርኣን ማብራሪያ:
وَاصْبِرْ عَلٰی مَا یَقُوْلُوْنَ وَاهْجُرْهُمْ هَجْرًا جَمِیْلًا ۟
অস্বীকাৰকাৰী বিলাকৰ উপহাস তথা গালিৰ প্ৰতি ধৈৰ্য ধাৰণ কৰক। আৰু সিহঁতৰ প্ৰতি প্ৰতিশোধৰ ভাৱনাৰ পৰা মুক্ত হৈ অকলশৰীয়া হৈ থাকক।
የአረብኛ ቁርኣን ማብራሪያ:
وَذَرْنِیْ وَالْمُكَذِّبِیْنَ اُولِی النَّعْمَةِ وَمَهِّلْهُمْ قَلِیْلًا ۟
আৰু পৃথিৱীৰ বিলাসত লিপ্ত অস্বীকাৰকাৰী বিলাকক কোনো কেৰেপ নকৰিব। মোক তথা সিহঁতক নিজৰ নিজৰ অৱস্থাত এৰি দিয়ক। সিহঁতৰ বিষয়ে অলপ অপেক্ষা কৰক। সিহঁতৰ নিৰ্ধাৰিত সময় অহা লৈকে।
የአረብኛ ቁርኣን ማብራሪያ:
اِنَّ لَدَیْنَاۤ اَنْكَالًا وَّجَحِیْمًا ۟ۙ
নিশ্চয় আমাৰ ওচৰত আছে গধুৰ শিকলিসমূহ আৰু লেলিহান জুই,
የአረብኛ ቁርኣን ማብራሪያ:
وَّطَعَامًا ذَا غُصَّةٍ وَّعَذَابًا اَلِیْمًا ۟۫
আৰু আছে অতিৰিক্ত হিচাপে ডিঙিত বিন্ধা কাইটযুক্ত খাদ্য আৰু যন্ত্ৰণাদায়ক শাস্তি আছে।
የአረብኛ ቁርኣን ማብራሪያ:
یَوْمَ تَرْجُفُ الْاَرْضُ وَالْجِبَالُ وَكَانَتِ الْجِبَالُ كَثِیْبًا مَّهِیْلًا ۟
এই শাস্তি কাফিৰ বিলাকক সিদিনা দিয়া হব যিদিনাখন পৃথিৱী আৰু পৰ্বতসমূহ কঁপিবলৈ ধৰিব। আৰু পৰিস্থিতি ইমান ভয়াৱহ হব যে, পৰ্বতসমূহ বিক্ষিপ্ত বালীময় হৈ প্ৰবাহিত হব।
የአረብኛ ቁርኣን ማብራሪያ:
اِنَّاۤ اَرْسَلْنَاۤ اِلَیْكُمْ رَسُوْلًا ۙ۬— شَاهِدًا عَلَیْكُمْ كَمَاۤ اَرْسَلْنَاۤ اِلٰی فِرْعَوْنَ رَسُوْلًا ۟ؕ
নিশ্চয় আমি তোমালোকৰ প্ৰতি এজন ৰাছুল প্ৰেৰণ কৰিছো, যিয়ে ক্বিয়ামতৰ দিনা তোমালোকৰ কৰ্মসমূহৰ সাক্ষী প্ৰদান কৰিব। যেনেকৈ ফিৰআউনৰ ওচৰলৈ এজন ৰাছুল অৰ্থাৎ মুছা আলাইহিছ ছালামক প্ৰেৰণ কৰিছিলো।
የአረብኛ ቁርኣን ማብራሪያ:
فَعَصٰی فِرْعَوْنُ الرَّسُوْلَ فَاَخَذْنٰهُ اَخْذًا وَّبِیْلًا ۟
এতেকে ফিৰআউনে তাৰ প্ৰতিপালকে প্ৰেৰণ কৰা ৰাছুলক অমান্য কৰিলে। ফলত আমি তাক কঠোৰ শাস্তি প্ৰদান কৰি সাগৰত ডুবাই দিলো।আৰু পৰকালত প্ৰদান কৰিম অগ্নিৰ শাস্তি। গতিকে তোমালোকে নিজৰ ৰাছুলক অমান্য নকৰিবা। অন্যথা তোমালোকেও তেনেকুৱাই শাস্তিৰ সন্মুখীন হব লাগিব।
የአረብኛ ቁርኣን ማብራሪያ:
فَكَیْفَ تَتَّقُوْنَ اِنْ كَفَرْتُمْ یَوْمًا یَّجْعَلُ الْوِلْدَانَ شِیْبَا ۟
এতেকে যদি তোমালোকে আল্লাহৰ সৈতে কুফুৰী কৰা আৰু ৰাছুলক অস্বীকাৰ কৰা তেন্তে সেই কঠোৰ আৰু সুদীৰ্ঘ দিনৰ পৰা কেনেকৈ নিজকে ৰক্ষা কৰিবা। যাৰ ভয়াৱহতা আৰু কঠোৰতাৰ ফলত শিশু সকলৰো চুলি পকি যাব।
የአረብኛ ቁርኣን ማብራሪያ:
١لسَّمَآءُ مُنْفَطِرٌ بِهٖ ؕ— كَانَ وَعْدُهٗ مَفْعُوْلًا ۟
সিদিনাৰ ভয়াৱহতাৰ ফলত আকাশ ফাঁটি যাব আৰু আল্লাহৰ প্ৰতিশ্ৰুতি যিকোনো উপায়ে বাস্তবায়িত হ'ব।
የአረብኛ ቁርኣን ማብራሪያ:
اِنَّ هٰذِهٖ تَذْكِرَةٌ ۚ— فَمَنْ شَآءَ اتَّخَذَ اِلٰی رَبِّهٖ سَبِیْلًا ۟۠
নিশ্চয় এই উপদেশ, যাৰ ভিতৰত ক্বিয়ামতৰ দিনৰ ভয়াৱহতাৰ উল্লেখ আছে, এক স্মৃতি, যাৰ পৰা মুমিনসকলে উপকৃত হয়। গতিকে যিয়ে নিজ প্ৰতিপালকলৈ পৌঁছাৰ পথ অৱলম্বন কৰিব বিচাৰে সি অৱলম্বন কৰা উচিত।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• أهمية قيام الليل وتلاوة القرآن وذكر الله والصبر للداعية إلى الله.
দাঈ সকলৰ বাবে ৰাতিত জাগি ছালাত আদায় কৰা, কোৰআন তিলাৱত কৰা, আল্লাহৰ যিকিৰ-আজকাৰ কৰা আৰু ধৈৰ্য ধাৰণ কৰাৰ মহত্ব।

• فراغ القلب في الليل له أثر في الحفظ والفهم.
ৰাতিত অন্তৰখন সুস্থ আৰু মুকলি থাকে। সেয়ে এই সময়ত মুখস্থ কৰা, কোনো বিষয় বুজা বা হৃদয়ঙ্গম কৰিবলৈ ভাল প্ৰভাৱ পৰে।

• تحمّل التكاليف يقتضي تربية صارمة.
চৰীয়তৰ আদেশ-নিষেধ পালনৰ বাবে সঠিক প্ৰশিক্ষণৰ প্ৰয়োজন হয়।

• الترف والتوسع في التنعم يصدّ عن سبيل الله.
অত্যাধিক সচ্চলতা আৰু অনুগ্ৰহৰ প্ৰাচুৰ্যতাই মানুহক আল্লাহৰ পথৰ পৰা বিৰত ৰাখে।

اِنَّ رَبَّكَ یَعْلَمُ اَنَّكَ تَقُوْمُ اَدْنٰی مِنْ  الَّیْلِ وَنِصْفَهٗ وَثُلُثَهٗ وَطَآىِٕفَةٌ مِّنَ الَّذِیْنَ مَعَكَ ؕ— وَاللّٰهُ یُقَدِّرُ الَّیْلَ وَالنَّهَارَ ؕ— عَلِمَ اَنْ لَّنْ تُحْصُوْهُ فَتَابَ عَلَیْكُمْ فَاقْرَءُوْا مَا تَیَسَّرَ مِنَ الْقُرْاٰنِ ؕ— عَلِمَ اَنْ سَیَكُوْنُ مِنْكُمْ مَّرْضٰی ۙ— وَاٰخَرُوْنَ یَضْرِبُوْنَ فِی الْاَرْضِ یَبْتَغُوْنَ مِنْ فَضْلِ اللّٰهِ ۙ— وَاٰخَرُوْنَ یُقَاتِلُوْنَ فِیْ سَبِیْلِ اللّٰهِ ۖؗ— فَاقْرَءُوْا مَا تَیَسَّرَ مِنْهُ ۙ— وَاَقِیْمُوا الصَّلٰوةَ وَاٰتُوا الزَّكٰوةَ وَاَقْرِضُوا اللّٰهَ قَرْضًا حَسَنًا ؕ— وَمَا تُقَدِّمُوْا لِاَنْفُسِكُمْ مِّنْ خَیْرٍ تَجِدُوْهُ عِنْدَ اللّٰهِ هُوَ خَیْرًا وَّاَعْظَمَ اَجْرًا ؕ— وَاسْتَغْفِرُوا اللّٰهَ ؕ— اِنَّ اللّٰهَ غَفُوْرٌ رَّحِیْمٌ ۟۠
হে ৰাছুল, নিশ্চয় আপোনাৰ প্ৰতিপালকে জানে যে, আপুনি কেতিয়াবা ৰাতিৰ দুই তৃতীয়াংশতকৈ কিছু কম সময়ত ছালাতত থিয় হৈ থাকে, কেতিয়াবা অৰ্ধ ৰাতিত, আৰু কেতিয়াবা এক তৃতীয়াংশত। আৰু মুমিনসকলৰ এটা দলেও আপোনাৰ সৈতে ছালাতত থিয় হয়। আৰু আল্লাহ তাআলাই দিন ৰাতি নিৰ্ধাৰণ কৰে আৰু তাৰ সময় গণনা কৰি ৰাখে। তেওঁ জানে যে আপুনি ৰাতিৰ সঠিক সময়ৰ হিচাপ ৰাখিব নোৱাৰে। সেয়েহে উদ্দেশ্য পালন কৰিবলৈ বেছি সময় ছালাতত থিয় হৈ পাৰ কৰা কঠিন হয়। গতিকে আপোনাৰ প্ৰতি দয়া কৰিছে। এতিয়া ৰাতিত যিমান সময় লৈকে আপোনাৰ বাবে সহজ হয় ছালাত আদায় কৰি পাৰ কৰক। হে মুমিনসকল, তোমালোকৰ মাজত হয়তো কোনোবা বেমাৰী আছে, যাক বেমাৰে কষ্ট বা অশান্তি দি আছে, তথা আন কিছুমানে জীৱিকাৰ অনুসন্ধানত আছে, আৰু আন কিছুমানে আল্লাহৰ সন্তুষ্টি প্ৰাপ্তিৰ বাবে আৰু তেওঁৰ বাণী উচ্চ কৰাৰ বাবে কাফিৰ সকলৰ সৈতে যুদ্ধ কৰি আছে। এতেকে এই সকলৰ বাবে ৰাতিত ছালাত আদায় কৰা কঠিন হব। সেয়েহে ৰাতিত যিমানখিনি আদায় কৰিবলৈ সহজ হয় আদায় কৰি লোৱা। আৰু ফৰজ ছালাত সমূহ সম্পূৰ্ণভাৱে আদায় কৰা। আৰু নিজৰ ধন-সম্পদৰ যাকাত দিয়া আৰু নিজৰ ধনৰ পৰা কিছু অংশ আল্লাহৰ পথত ব্যয় কৰা। আৰু তুমি নিজৰ বাবে যি কল্যাণেই আগবঢ়াবা সেয়া তাতকৈ অধিক ডাঙৰ প্ৰতিফল হিচাপে পাবা। আৰু আল্লাহৰ পৰা ক্ষমা বিচাৰি থাকা। নিশ্চয় আল্লাহ তাওবাকাৰী বান্দাসকলক ক্ষমাকাৰী, সিহঁতৰ প্ৰতি দয়াৱান।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• المشقة تجلب التيسير.
কঠিনতাই সৰলতা আনে।

• وجوب الطهارة من الخَبَث الظاهر والباطن.
প্ৰকাশ্য অপ্ৰকাশ্য সকলো ধৰণৰ অপৱিত্ৰতাৰ পৰা পৱিত্ৰ হোৱা জৰুৰী।

• الإنعام على الفاجر استدراج له وليس إكرامًا.
পাপিষ্টই পোৱা অনুগ্ৰহ, সন্মান স্বৰূপ নহয় বৰং সিহঁতক ঢিল দিয়াৰ উদ্দেশ্যে দিয়া হয়।

 
የይዘት ትርጉም ምዕራፍ: ሱረቱ አል ሙዘሚል
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ - የትርጉሞች ማዉጫ

የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ ቋንቋ፡ ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት