Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: አን ናዚዓት   አንቀጽ:
اِذْهَبْ اِلٰی فِرْعَوْنَ اِنَّهٗ طَغٰی ۟ؗۖ
আল্লাহ তাআলাই তেওঁক যি কৈছিল তাৰ ভিতৰত এয়াও আছিল যে- ফিৰআউনৰ ওচৰলৈ যোৱা। সি অত্যাচাৰ আৰু অভিমানৰ চৰম সীমা অতিক্ৰম কৰিছে।
የአረብኛ ቁርኣን ማብራሪያ:
فَقُلْ هَلْ لَّكَ اِلٰۤی اَنْ تَزَكّٰی ۟ۙ
আৰু তাক কোৱা (হে ফিৰ আউন) তুমি কুফুৰী আৰু পাপৰ পৰা পৱিত্ৰ হবলৈ নিবিচৰা নেকি?
የአረብኛ ቁርኣን ማብራሪያ:
وَاَهْدِیَكَ اِلٰی رَبِّكَ فَتَخْشٰی ۟ۚ
আৰু তোমাৰ প্ৰতিপালকৰ পথ প্ৰদৰ্শন কৰো যিয়ে তোমাক সৃষ্টি কৰিছে আৰু তোমাক চোৱা-চিতা কৰিছে। এতেকে তুমি তাক ভয় কৰিবা নে? আৰু এনেকুৱা কাম কৰিবানে যিবোৰে তেওঁক সন্তুষ্টু কৰে আৰু তেওঁক অসন্তুষ্ট কৰা কামৰ পৰা বিৰত থাকিবানে?
የአረብኛ ቁርኣን ማብራሪያ:
فَاَرٰىهُ الْاٰیَةَ الْكُبْرٰی ۟ؗۖ
তাৰ পিছত মুছা (আলাইহিছ ছালামে) তেওঁৰ প্ৰতিপালক তৰফৰ পৰা ৰাছুল হোৱাৰ ডাঙৰ নিদৰ্শন দেখুৱালে। এই নিদৰ্শন হল হাত আৰু লাঠিৰ নিদৰ্শন।
የአረብኛ ቁርኣን ማብራሪያ:
فَكَذَّبَ وَعَصٰی ۟ؗۖ
তেতিয়া ফিৰআউনৰ তৰফৰ পৰা এই প্ৰতিক্ৰিয়া প্ৰকাশ পাইছিল যে, সি এই নিদৰ্শনাৱলী অস্বীকাৰ কৰিলে আৰু মুছা (আলাইহিছ ছালাম)ৰ আদেশ অৱমাননা কৰিলে।
የአረብኛ ቁርኣን ማብራሪያ:
ثُمَّ اَدْبَرَ یَسْعٰی ۟ؗۖ
তাৰ পিছত সত্যৰ বিৰোধিতা কৰি তথা আল্লাহৰ অবাধ্যতাত আগুৱাই গৈ মুছা আলাইহিচ্ছালামে লৈ অহা বাৰ্তাৰ প্ৰতি ঈমান পোষণৰ পৰা মুখ ঘূৰাই ল'লে।
የአረብኛ ቁርኣን ማብራሪያ:
فَحَشَرَ ۫— فَنَادٰی ۟ؗۖ
ইয়াৰ পিছত তাৰ সম্প্ৰদায়ক আৰু তাৰ অনুসাৰীসকলক একত্ৰিত কৰিলে যাতে মুছা আলাইহিচ্ছালামক পৰাজিত কৰিব পাৰে। আৰু এই বুলি ঘোষণা দিলে।
የአረብኛ ቁርኣን ማብራሪያ:
فَقَالَ اَنَا رَبُّكُمُ الْاَعْلٰی ۟ؗۖ
মই তোমালোকৰ পৰম প্ৰতিপালক। গতিকে মোৰ বাহিৰে তোমালোকে কাৰো অনুসৰণ কৰিব নোৱাৰিবা।
የአረብኛ ቁርኣን ማብራሪያ:
فَاَخَذَهُ اللّٰهُ نَكَالَ الْاٰخِرَةِ وَالْاُوْلٰی ۟ؕ
অৱশেষত আল্লাহ তাআলাই তাক কৰায়ত্ব কৰিলে আৰু তাক সাগৰত ডুবাই পৃথিৱীত শাস্তি বিহিলে আৰু পৰকালত তাক কঠোৰ শাস্তি দিয়া হব।
የአረብኛ ቁርኣን ማብራሪያ:
اِنَّ فِیْ ذٰلِكَ لَعِبْرَةً لِّمَنْ یَّخْشٰی ۟ؕ۠
আমি ফিৰআউনক যি শাস্তি দিছো তাৰ পৰা সেইসকল লোকে শিক্ষা গ্ৰহন কৰে যিসকলে আল্লাহক ভয় কৰে। কিয়নো তেনে লোকেই উপদেশৰ দ্বাৰা উপকৃত হয়।
የአረብኛ ቁርኣን ማብራሪያ:
ءَاَنْتُمْ اَشَدُّ خَلْقًا اَمِ السَّمَآءُ ؕ— بَنٰىهَا ۟۫
হে পুনৰ জীৱন অস্বীকাৰকাৰী সকল! আল্লাহ তাআলাৰ বাবে তোমালোকক সৃষ্টি কৰা কঠিন নে আকাশ সৃষ্টি কৰাটো তেওঁৰ ওচৰত বেছি কঠিন, যিটোক আল্লাহে সৃষ্টি কৰিছে?
የአረብኛ ቁርኣን ማብራሪያ:
رَفَعَ سَمْكَهَا فَسَوّٰىهَا ۟ۙ
ওপৰ পৃষ্ঠ উচ্চ বনাইছে আৰু তাক সমানকৈ বনাইছে যাৰ ভিতৰত কোনো ছিদ্ৰ, ফাট, ত্ৰুটি নাই।
የአረብኛ ቁርኣን ማብራሪያ:
وَاَغْطَشَ لَیْلَهَا وَاَخْرَجَ ضُحٰىهَا ۪۟
আৰু যেতিয়া সূৰ্য মাৰ যায় তেতিয়া তেৱেঁই ৰাতিক অন্ধকাৰ বনায়। আৰু সূৰ্য উদয় হলে তেৱেঁই পোহৰ প্ৰকট কৰে।
የአረብኛ ቁርኣን ማብራሪያ:
وَالْاَرْضَ بَعْدَ ذٰلِكَ دَحٰىهَا ۟ؕ
আকাশ সৃষ্টিৰ পিছত পৃথিৱীখনক প্ৰসাৰিত কৰিছে আৰু ইয়াৰ ভিতৰত ৰাখিছে ইয়াৰ উপকাৰসমূহ।
የአረብኛ ቁርኣን ማብራሪያ:
اَخْرَجَ مِنْهَا مَآءَهَا وَمَرْعٰىهَا ۪۟
আৰু তাৰ পৰা স্ৰোত ৰূপে বৈ যোৱা পানী উলিয়াইছে। আৰু এনেকুৱা ঘাঁহ উলিয়াইছে যিবোৰ জীৱ-জন্তুৱে খাব পাৰে।
የአረብኛ ቁርኣን ማብራሪያ:
وَالْجِبَالَ اَرْسٰىهَا ۟ۙ
আৰু পৰ্বতবোৰক পৃথিৱীৰ ওপৰত মজবুত কৈ থিয় কৰিছে।
የአረብኛ ቁርኣን ማብራሪያ:
مَتَاعًا لَّكُمْ وَلِاَنْعَامِكُمْ ۟ؕ
(হে মানৱ) এইবোৰ তোমালোকৰ আৰু তোমালোকৰ জীৱ-জন্তুৰ বাবে জীৱনোপকৰণ। এতেকে সেই সত্তা যিজনে এই সকলোবোৰ বস্তু সৃষ্টি কৰিছে, তেওঁ তোমালোকক পুনৰ সৃষ্টি কৰিবলৈ অক্ষম নহয়।
የአረብኛ ቁርኣን ማብራሪያ:
فَاِذَا جَآءَتِ الطَّآمَّةُ الْكُبْرٰی ۟ؗۖ
যেতিয়া দ্বিতীয় বাৰ শিঙাত ফুঁ দিয়া হব, যাৰ ভাগৰতাই সকলো বস্তুক আৱৰি ধৰিব আৰু ক্বিয়ামত প্ৰতিষ্ঠিত হব।
የአረብኛ ቁርኣን ማብራሪያ:
یَوْمَ یَتَذَكَّرُ الْاِنْسَانُ مَا سَعٰی ۟ۙ
যিদিনাখন ক্বিয়ামত প্ৰতিষ্ঠিত হব, সেইদিনা মানুহে নিজ নিজ কৰ্ম স্মৰণ কৰিব, ভালেই হওঁক বা বেয়া।
የአረብኛ ቁርኣን ማብራሪያ:
وَبُرِّزَتِ الْجَحِیْمُ لِمَنْ یَّرٰی ۟
আৰু জাহান্নামক আনা হব আৰু তাক দৰ্শনকাৰীৰ চকুৰ আগত আনি দিয়া হব।
የአረብኛ ቁርኣን ማብራሪያ:
فَاَمَّا مَنْ طَغٰی ۟ۙ
এতেকে যিসকলে পথভ্ৰষ্টতাৰ সীমা অতিক্ৰম কৰিছে।
የአረብኛ ቁርኣን ማብራሪያ:
وَاٰثَرَ الْحَیٰوةَ الدُّنْیَا ۟ۙ
আৰু পৃথিৱীৰ ক্ষণস্থায়ী জীৱনক পৰকালৰ চিৰস্থায়ী জীৱনৰ ওপৰত অগ্ৰধিকাৰ দিছে।
የአረብኛ ቁርኣን ማብራሪያ:
فَاِنَّ الْجَحِیْمَ هِیَ الْمَاْوٰی ۟ؕ
জাহান্নামেই হব সিহঁতৰ ঠিকনা, যত সিহঁতে থাকিব।
የአረብኛ ቁርኣን ማብራሪያ:
وَاَمَّا مَنْ خَافَ مَقَامَ رَبِّهٖ وَنَهَی النَّفْسَ عَنِ الْهَوٰی ۟ۙ
আৰু যিয়ে নিজ প্ৰতিপালকৰ আগত থিয় হবলৈ ভয় কৰে আৰু আল্লাহ তাআলাই হাৰাম কৰা মন পছন্দ বস্তুৰ পৰা নিজকে বিৰত ৰাখে। তেওঁলোকৰ ঠিকনা হব জান্নাত, যত তেওঁলোকে বসবাস কৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
فَاِنَّ الْجَنَّةَ هِیَ الْمَاْوٰی ۟ؕ
আৰু যিয়ে নিজ প্ৰতিপালকৰ আগত থিয় হবলৈ ভয় কৰে আৰু আল্লাহ তাআলাই হাৰাম কৰা মন পছন্দ বস্তুৰ পৰা নিজকে বিৰত ৰাখে। তেওঁলোকৰ ঠিকনা হব জান্নাত, যত তেওঁলোকে বসবাস কৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
یَسْـَٔلُوْنَكَ عَنِ السَّاعَةِ اَیَّانَ مُرْسٰىهَا ۟ؕ
হে ৰাছুল! পুনৰ জীৱন অস্বীকাৰ কাৰী সকলে আপোনাক সোধে যে, ক্বিয়ামত কেতিয়া হব?
የአረብኛ ቁርኣን ማብራሪያ:
فِیْمَ اَنْتَ مِنْ ذِكْرٰىهَا ۟ؕ
এই বিষয়ে সিহঁতক কব পৰা আপোনাৰ জ্ঞান নাই। আৰু এয়া আপোনাৰ দায়িত্বও নহয়। আপোনাৰ কৰ্তব্য কেৱল ইয়াৰ বাবে প্ৰস্তুতি লোৱা।
የአረብኛ ቁርኣን ማብራሪያ:
اِلٰی رَبِّكَ مُنْتَهٰىهَا ۟ؕ
ক্বিয়ামতৰ জ্ঞান কেৱল তোমাৰ প্ৰতিপালকৰ ওচৰত আছে, তাৰ বাহিৰে আন কাৰো ওচৰত নাই।
የአረብኛ ቁርኣን ማብራሪያ:
اِنَّمَاۤ اَنْتَ مُنْذِرُ مَنْ یَّخْشٰىهَا ۟ؕ
আপুনি কেৱল সেই ব্যক্তিৰ বাবে সতৰ্ককাৰী যিয়ে ক্বিয়ামতক ভয় কৰে, কিয়নো কেৱল সেই ব্যক্তিয়েই আপোনাৰ সাৱধান বাণীৰ পৰা উপকৃত হব।
የአረብኛ ቁርኣን ማብራሪያ:
كَاَنَّهُمْ یَوْمَ یَرَوْنَهَا لَمْ یَلْبَثُوْۤا اِلَّا عَشِیَّةً اَوْ ضُحٰىهَا ۟۠
যিদিনাখন সিহঁতে ক্বিয়ামতক নিজ চকুৰে দেখা পাব, সিদিনা সিহঁতে এনেকুৱা অনুভৱ কৰিব যেনিবা সিহঁতে পৃথিৱীত এটা সন্ধিয়া বা এটা প্ৰভাতহে কটাইছে।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• وجوب الرفق عند خطاب المدعوّ.
কাকো ধৰ্মৰ ফালে আহ্বান কৰাৰ সময়ত তাৰ লগত সৰলতাৰ সৈতে কথা কোৱা জৰুৰী।

• الخوف من الله وكفّ النفس عن الهوى من أسباب دخول الجنة.
আল্লাহৰ ভয় আৰু প্ৰবৃত্তিৰ অনুসৰণৰ পৰা বিৰত থকাটো জান্নাতত প্ৰৱেশৰ অন্যতম কাৰণ।

• علم الساعة من الغيب الذي لا يعلمه إلا الله.
ক্বিয়ামত কেতিয়া সংঘটিত হব, এয়া গায়েব বা অদৃশ্যৰ কথা, আল্লাহৰ বাহিৰে আন কোনেও নাজানে।

• بيان الله لتفاصيل خلق السماء والأرض.
আল্লাহ তাআলাৰ আকাশ আৰু পৃথিৱীৰ সৃষ্টি সম্পৰ্কে বিৱৰণ।

 
የይዘት ትርጉም ምዕራፍ: አን ናዚዓት
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት