የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (67) ምዕራፍ: ሱረቱ አል-አንፋል
مَا كَانَ لِنَبِیٍّ اَنْ یَّكُوْنَ لَهٗۤ اَسْرٰی حَتّٰی یُثْخِنَ فِی الْاَرْضِ ؕ— تُرِیْدُوْنَ عَرَضَ الدُّنْیَا ۖۗ— وَاللّٰهُ یُرِیْدُ الْاٰخِرَةَ ؕ— وَاللّٰهُ عَزِیْزٌ حَكِیْمٌ ۟
যুদ্ধৰত কাফিৰসকলৰ অধিকাংশক হত্যা নকৰালৈকে সিহঁতক বন্দী বনোৱা কোনো নবীৰ বাবে উচিত নহয়। এইটো এই কাৰণে যাতে সিহঁতৰ অন্তৰত ভয় প্ৰৱেশ কৰে আৰু পুনৰ যুদ্ধ কৰাৰ সাহস কৰিব নোৱাৰে। হে মুমিনসকল! তোমালোকে বদৰৰ ময়দানৰ পৰা বন্দী কৰা শত্ৰুসকলৰ পৰা মুক্তিপণ লব বিচৰা, অথচ আল্লাহে আখিৰাত বিচাৰে, এইটো পাবলৈ হলে ইছলামক সহায় কৰিব লাগিব আৰু ইয়াক শক্তিশালী কৰিব লাগিব। আৰু আল্লাহ সত্ত্বাগত তথা বৈশিষ্ট্যগত ভাৱে মহাপৰাক্ৰমশালী, প্ৰভাৱশালী। তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ ভাগ্য নিৰ্ধাৰণত আৰু চৰীয়ত প্ৰণয়নত মহাপ্ৰজ্ঞাৱান।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• في الآيات وَعْدٌ من الله لعباده المؤمنين بالكفاية والنصرة على الأعداء.
উক্ত আয়াতসমূহত আল্লাহে মুমিন বান্দাসকলৰ লগত প্ৰতিশ্ৰুতি কৰিছে যে, তেৱেঁই মুমিনসকলৰ বাবে যথেষ্ট, আৰু শত্ৰুসকলৰ বিৰুদ্ধে বিজয় প্ৰদান কৰিব।

• الثبات أمام العدو فرض على المسلمين لا اختيار لهم فيه، ما لم يحدث ما يُرَخِّص لهم بخلافه.
যুদ্ধৰ ময়দানত শত্ৰুৰ লগত দৃঢ় মুকাবিলা কৰা মুছলিমসকলৰ বাবে অনিবাৰ্য। এই ক্ষেত্ৰত কোনো অৱকাশ দিয়া নহয়। এয়া সুকীয়া কথা যে, যদি কোনো এনেকুৱা পৰিস্থিতি সৃষ্টি হয়, যাৰ ফলত ময়দান ত্যাগ কৰাটো উত্তম।

• الله يحب لعباده معالي الأمور، ويكره منهم سَفْسَافَها، ولذلك حثهم على طلب ثواب الآخرة الباقي والدائم.
আল্লাহে বান্দাসকলৰ বাবে উত্তম বস্তু পছন্দ কৰে আৰু নিকৃষ্ট বস্তু অপছন্দ কৰে। সেই কাৰণেই তেওঁলোকক আখিৰাতৰ চিৰস্থায়ী প্ৰতিদান প্ৰাৰ্থনা কৰাৰ বাবে উৎসাহিত কৰে।

• مفاداة الأسرى أو المنّ عليهم بإطلاق سراحهم لا يكون إلا بعد توافر الغلبة والسلطان على الأعداء، وإظهار هيبة الدولة في وجه الآخرين.
কয়েদীসকলৰ পৰা মুক্তিপণ লৈ অথবা সিহঁতৰ প্ৰতি সহানুভূতি দেখুৱাই তেতিয়াহে মুক্তি দিয়া উচিত, যেতিয়া শত্ৰুসকল পৰিপূৰ্ণৰূপে পৰাজিত হ'ব আৰু সিহঁতৰ ওপৰত প্ৰভূত্ব প্ৰতিষ্ঠা হ'ব, লগতে আন আন লোকসকলৰ অন্তৰত ইছলামী ৰাষ্ট্ৰৰ ভয় সোমাই পৰিব।

 
የይዘት ትርጉም አንቀጽ: (67) ምዕራፍ: ሱረቱ አል-አንፋል
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ - የትርጉሞች ማዉጫ

የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ ቋንቋ፡ ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት