የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
71 : 8

وَاِنْ یُّرِیْدُوْا خِیَانَتَكَ فَقَدْ خَانُوا اللّٰهَ مِنْ قَبْلُ فَاَمْكَنَ مِنْهُمْ ؕ— وَاللّٰهُ عَلِیْمٌ حَكِیْمٌ ۟

হে মুহাম্মদ! ইহঁতে যদি পাকে প্ৰকাৰে আপোনাৰ লগত বিশ্বাসঘাতকতা কৰিব বিচাৰে, তেন্তে জানি থওঁক! ইয়াৰ পূৰ্বেও সিহঁতে আল্লাহৰ লগত বিশ্বাসঘাতকতা কৰিছে। আৰু আল্লাহে আপোনাক সিহঁতৰ বিৰুদ্ধে সহায় কৰিছে। এতেকে সিহঁতৰ বহুতো লোক নিহত হৈছে আৰু বহুতো লোক বন্দী হৈ আহিছে। ইয়াৰ পিছতো যদি সিহঁতে পুনৰ এনেকুৱা আচৰণ কৰে তেন্তে সিহঁতে এনেকুৱা শাস্তিৰেই অপেক্ষা কৰা উচিত। অৱশ্যে আল্লাহ তেওঁৰ সৃষ্টিসকলৰ বিষয়ে আৰু সিহঁতৰ কল্যাণ সম্পৰ্কে সম্যক অৱগত। আৰু তেওঁ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত মহাপ্ৰজ্ঞাৱান। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• يجب على المؤمنين ترغيب الأسرى في الإيمان.
মুমিনসকলে কয়েদীসকলক ঈমানৰ প্ৰতি উৎসাহিত কৰা উচিত। info

• تضمنت الآيات بشارة للمؤمنين باستمرار النصر على المشركين ما داموا آخذين بأسباب النصر المادية والمعنوية.
উক্ত আয়াতবোৰত মুমিনসকলক এই কথাৰ শিক্ষা দিয়া হৈছে যে, তেওঁলোকে যেতিয়ালৈকে আল্লাহৰ সহায় লাভৰ উপায়সমূহ মজবুত ভাৱে ধাৰণ কৰি থাকিব, তেতিয়ালৈকে তেওঁলোকে আল্লাহৰ সহায় পাই থাকিব। info

• إن المسلمين إذا لم يكونوا يدًا واحدة على أهل الكفر لم تظهر شوكتهم، وحدث بذلك فساد كبير.
যেতিয়ালৈকে মুছলিমসকলে কাফিৰসকলৰ বিৰুদ্ধে একত্ৰিত নহ'ব, তেতিয়ালৈকে তেওঁলোকৰ শক্তি প্ৰকাশ নাপাব, এনেকুৱা নহ'লে মহা বিপৰ্যয় সৃষ্টি হ'ব। info

• فضيلة الوفاء بالعهود والمواثيق في شرعة الإسلام، وإن عارض ذلك مصلحة بعض المسلمين.
ইছলামত সন্ধি তথা প্ৰতিশ্ৰুতি পূৰণৰ মহত্ব, যদিও কিছুমান মুছলিমৰ ক্ষেত্ৰত অসুবিধা নহওঁক কিয়। info