Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: አል ኢንፊጣር   አንቀጽ:

আল-ইনফিতাৰ

ከመዕራፉ ዓላማዎች:
تحذير الإنسان من الاغترار ونسيان يوم القيامة.
প্ৰৱঞ্চনাৰ পৰা মানুহক সতৰ্ক কৰা হৈছে, লগতে কিয়ামতক পাহৰি যোৱাৰ পৰা সতৰ্ক কৰা হৈছে।

اِذَا السَّمَآءُ انْفَطَرَتْ ۟ۙ
যেতিয়া আকাশখন ফাঁটি যাব, যাতে তাৰ পৰা ফিৰিস্তাসকল নামি আহে।
የአረብኛ ቁርኣን ማብራሪያ:
وَاِذَا الْكَوَاكِبُ انْتَثَرَتْ ۟ۙ
আৰু যেতিয়া নক্ষত্ৰবোৰ বিক্ষিপ্তভাৱে খহি পৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
وَاِذَا الْبِحَارُ فُجِّرَتْ ۟ۙ
আৰু যেতিয়া সাগৰসমূহক এটাক আন এটাৰ বাবে খুলি দিয়া হব। আৰু সেইবোৰ পৰস্পৰে মিলিত হব।
የአረብኛ ቁርኣን ማብራሪያ:
وَاِذَا الْقُبُوْرُ بُعْثِرَتْ ۟ۙ
আৰু যেতিয়া কবৰবোৰৰ মাটি ওলোটাই দিয়া হব, তাৰ ভিতৰত থকা মৃত ব্যক্তিক পুনৰ্জীৱিত কৰাৰ বাবে।
የአረብኛ ቁርኣን ማብራሪያ:
عَلِمَتْ نَفْسٌ مَّا قَدَّمَتْ وَاَخَّرَتْ ۟ؕ
তেতিয়া প্ৰত্যেক ব্যক্তিয়ে জানিব পাৰিব যে, তেওঁ কোনটো কাম কৰিছে আৰু কোনটো পিছফালে এৰি আহিছে অৰ্থাৎ কৰা নাই।
የአረብኛ ቁርኣን ማብራሪያ:
یٰۤاَیُّهَا الْاِنْسَانُ مَا غَرَّكَ بِرَبِّكَ الْكَرِیْمِ ۟ۙ
হে নিজ প্ৰতিপালকক অস্বীকাৰকাৰী সকল! কিহে তোমালোকক তোমালোকৰ প্ৰতিপালকৰ আদেশৰ অমান্য কৰিবলৈ উদগনি দিছে। যিহেতু তেওঁ তোমালোকক সুযোগ দিছে আৰু নিজ অনুগ্ৰহৰে শাস্তি প্ৰদানত খৰখেদা কৰা নাই।
የአረብኛ ቁርኣን ማብራሪያ:
الَّذِیْ خَلَقَكَ فَسَوّٰىكَ فَعَدَلَكَ ۟ۙ
যিয়ে তোমাক অনস্থিত্বৰ পৰা অস্থিত্বলৈ আনিছে আৰু সঠিক অংগযুক্ত সন্তুলিত শৰীৰ প্ৰদান কৰিছে।
የአረብኛ ቁርኣን ማብራሪያ:
فِیْۤ اَیِّ صُوْرَةٍ مَّا شَآءَ رَكَّبَكَ ۟ؕ
আৰু যি ৰূপত তোমাক সৃষ্টি কৰিবলৈ ইচ্ছা কৰিছে সেই ৰূপতে সৃষ্টি কৰিছে। আৰু তোমাৰ প্ৰতি অনুগ্ৰহ কৰিছে যে, তোমাক গাধা, বান্দৰ আৰু কুকুৰ আদিৰ ৰূপত সৃষ্টি কৰা নাই।
የአረብኛ ቁርኣን ማብራሪያ:
كَلَّا بَلْ تُكَذِّبُوْنَ بِالدِّیْنِ ۟ۙ
হে প্ৰৱঞ্চিত সকল! ঘটনা তেনেকুৱা নহয় যিদৰে তোমালোকে বুজিছা। সত্যতা হৈছে এই যে, তোমালোকে প্ৰতিদান দিৱসক অস্বীকাৰ কৰা আৰু তাৰ বাবে কোনো প্ৰস্তুতি নকৰা।
የአረብኛ ቁርኣን ማብራሪያ:
وَاِنَّ عَلَیْكُمْ لَحٰفِظِیْنَ ۟ۙ
তোমালোকৰ প্ৰতি এনেকুৱা ফিৰিস্তা নিযুক্ত আছে যিসকলে তোমালোকৰ আমলসমূহ লিখি থাকে।
የአረብኛ ቁርኣን ማብራሪያ:
كِرَامًا كٰتِبِیْنَ ۟ۙ
আল্লাহৰ ওচৰত তেওঁলোক সন্মানিত, তোমালোকৰ আমল লিখি থাকে।
የአረብኛ ቁርኣን ማብራሪያ:
یَعْلَمُوْنَ مَا تَفْعَلُوْنَ ۟
তেওঁলোকে তোমালোকৰ প্ৰত্যেক কৰ্মৰ বিষয়ে অৱগত আৰু সেয়া লিখি লয়।
የአረብኛ ቁርኣን ማብራሪያ:
اِنَّ الْاَبْرَارَ لَفِیْ نَعِیْمٍ ۟ۙ
নিশ্চয় অধিক অধিক ভাল কৰ্মকাৰী আৰু আনুগত্যকাৰী সকলে ক্বিয়ামতৰ দিনা এনেকুৱা নিয়ামতৰ মাজত থাকিব যিটো হব চিৰস্থায়ী।
የአረብኛ ቁርኣን ማብራሪያ:
وَاِنَّ الْفُجَّارَ لَفِیْ جَحِیْمٍ ۟ۙ
আৰু দূৰাচাৰী লোকসকল এনেকুৱা জুইৰ মাজত থাকিব যিটো হব অত্যন্ত উত্তপ্ত।
የአረብኛ ቁርኣን ማብራሪያ:
یَّصْلَوْنَهَا یَوْمَ الدِّیْنِ ۟
সিহঁতে প্ৰতিদান দিৱসত তাৰ ভিতৰত প্ৰৱেশ কৰিব আৰু তাৰ উত্তাপৰ সন্মুখীন হব।
የአረብኛ ቁርኣን ማብራሪያ:
وَمَا هُمْ عَنْهَا بِغَآىِٕبِیْنَ ۟ؕ
আৰু তেওঁলোকে তাৰ পৰা কেতিয়াওঁ অদৃশ্য হব নোৱাৰে। বৰঞ্চ তাৰ ভিতৰতে থাকিব।
የአረብኛ ቁርኣን ማብራሪያ:
وَمَاۤ اَدْرٰىكَ مَا یَوْمُ الدِّیْنِ ۟ۙ
হে ৰাছুল ! আপোনাক কিহে জনাব যে প্ৰতিদান দিৱস কি?
የአረብኛ ቁርኣን ማብራሪያ:
ثُمَّ مَاۤ اَدْرٰىكَ مَا یَوْمُ الدِّیْنِ ۟ؕ
আকৌ কৈছো, কিহে তোমাক জনাব প্ৰতিদান দিৱস কি?
የአረብኛ ቁርኣን ማብራሪያ:
یَوْمَ لَا تَمْلِكُ نَفْسٌ لِّنَفْسٍ شَیْـًٔا ؕ— وَالْاَمْرُ یَوْمَىِٕذٍ لِّلّٰهِ ۟۠
সিদিনাখন কোনেও কাৰো উপকাৰ কৰিব নোৱাৰিব আৰু সেই দিনা সকলো ক্ষমতা কেৱল আল্লাহৰ হাতত থাকিব। তেওঁ যি ইচ্ছা কৰিব সেইটোৱে কৰিব। আন কাৰো হাতত এনেকুৱা কোনো ক্ষমতা নাথাকিব।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• التحذير من الغرور المانع من اتباع الحق.
সত্যৰ অনুসৰণত হেঙাৰ দিয়া অভিমানৰ পৰা সতৰ্ক কৰা হৈছে।

• الجشع من الأخلاق الذميمة في التجار ولا يسلم منه إلا من يخاف الله.
লালসা হৈছে ব্যৱসায়ী সকলৰ এক অৱগুণ। আৰু ইয়াৰ পৰা তেৱেঁই সুৰক্ষিত থাকিব পাৰে যিয়ে আল্লাহক ভয় কৰে।

• تذكر هول القيامة من أعظم الروادع عن المعصية.
ক্বিয়ামতৰ ভয়াৱহ অৱস্থা স্মৰণ কৰা হৈছে পাপ কামৰ পৰা বিৰত থকাৰ এক প্ৰমুখ কাৰণ।

 
የይዘት ትርጉም ምዕራፍ: አል ኢንፊጣር
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት