Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: አጥ ጣሪቅ   አንቀጽ:

আত-ত্ব-ৰিক্ব

ከመዕራፉ ዓላማዎች:
بيان قدرة الله وإحاطته في خلق الإنسان وإعادته.
আল্লাহৰ ক্ষমতাৰ বৰ্ণনা যে, তেওঁ সকলোকে পৰিবেষ্টন কৰি আছে, লগতে এই কথাৰ বৰ্ণনা যে, তেৱেঁই মানৱ সৃষ্টি কৰিছে আৰু তেৱেঁই পুনৰুত্থিত কৰিব।

وَالسَّمَآءِ وَالطَّارِقِ ۟ۙ
আল্লাহ তাআলাই আকাশৰ শপত কৰিছে তথা ৰাতিত দেখা দিয়া তৰাৰ শপত কৰিছে।
የአረብኛ ቁርኣን ማብራሪያ:
وَمَاۤ اَدْرٰىكَ مَا الطَّارِقُ ۟ۙ
হে ৰাছুল! আপুনি এই মহত্বপূৰ্ণ তৰাৰ বিষয়ে কি জানে?
የአረብኛ ቁርኣን ማብራሪያ:
النَّجْمُ الثَّاقِبُ ۟ۙ
এইটো সেই তৰা যিটো নিজৰ তীব্ৰ কিৰণেৰে আকাশ আলোকিত কৰে।
የአረብኛ ቁርኣን ማብራሪያ:
اِنْ كُلُّ نَفْسٍ لَّمَّا عَلَیْهَا حَافِظٌ ۟ؕ
প্ৰত্যক প্ৰাণীৰ ওপৰত আল্লাহ তাআলাই এজনকৈ ফিৰিস্তা নিযুক্তি দিছে, যিয়ে তাৰ কৰ্মবোৰ পৰ্যবেক্ষণ কৰি থাকে। যাতে ক্বিয়ামতৰ দিনা তাৰ হিচাপ- নিকাচ হব পাৰে।
የአረብኛ ቁርኣን ማብራሪያ:
فَلْیَنْظُرِ الْاِنْسَانُ مِمَّ خُلِقَ ۟ؕ
মানুহে চিন্তা কৰা উচিত যে, আল্লাহ তাআলাই তেওঁলোকক কি বস্তুৰে সৃষ্টি কৰিছে। যাতে সিহঁতৰ আগত আল্লাহৰ ক্ষমতা প্ৰকাশ কৰিব পাৰে আৰু মানুহৰ দূৰ্বলতা স্পষ্ট হৈ যায়।
የአረብኛ ቁርኣን ማብራሪያ:
خُلِقَ مِنْ مَّآءٍ دَافِقٍ ۟ۙ
আল্লাহ তাআলাই মানুহক এনেকুৱা পানীৰে সৃষ্টি কৰিছে, যি পানী নিৰ্গত হৈ গৰ্ভাশয়ত প্ৰৱেশ কৰে।
የአረብኛ ቁርኣን ማብራሪያ:
یَّخْرُجُ مِنْ بَیْنِ الصُّلْبِ وَالتَّرَآىِٕبِ ۟ؕ
এই পানী নিৰ্গত হয় মেৰুদণ্ড আৰু বুকুৰ হাড়ৰ মাজৰ পৰা।
የአረብኛ ቁርኣን ማብራሪያ:
اِنَّهٗ عَلٰی رَجْعِهٖ لَقَادِرٌ ۟ؕ
যদি আল্লাহ তাআলাই মানুহক এই তুচ্ছ পানীৰ দ্বাৰা সৃষ্টি কৰিব পাৰে তেন্তে তাৰ মৃত্যুৰ পিছত হিচাপ- নিকাচৰ বাবে তাক পুনৰ জীৱিত কৰি উত্থিত কৰাৰো ক্ষমতা ৰাখে।
የአረብኛ ቁርኣን ማብራሪያ:
یَوْمَ تُبْلَی السَّرَآىِٕرُ ۟ۙ
যিদিনাখন মনৰ ভেদ পৰ্যবেক্ষণ কৰা হব সিদিনা অন্তৰৰ ভিতৰত থকা গোপন নিয়ত আৰু আস্থা বা আক্বীদাহবোৰ প্ৰকাশ কৰা হব আৰু এনেদৰে সৎ আৰু অসৎ চিনাক্ত হৈ যাব।
የአረብኛ ቁርኣን ማብራሪያ:
فَمَا لَهٗ مِنْ قُوَّةٍ وَّلَا نَاصِرٍ ۟ؕ
সিদিনা মানুহৰ ওচৰত কোনো শক্তি নাথাকিব যাৰ দ্বাৰা তেওঁ আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা পাব পাৰিব আৰু কোনো সহায়কাৰীও নাথাকিব, যিয়ে তাৰ সহায় কৰিব পাৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
وَالسَّمَآءِ ذَاتِ الرَّجْعِ ۟ۙ
আল্লাহ তাআলাই বৰষুণযুক্ত আকাশৰ শপত কৰিছে, কিয়নো বৰষুণ আকাশৰ পৰাই বাৰে বাৰে বৰ্ষণ হয়।
የአረብኛ ቁርኣን ማብራሪያ:
وَالْاَرْضِ ذَاتِ الصَّدْعِ ۟ۙ
আৰু পৃথিৱীৰ শপত কৰিছে যিটো ফাট মেলে আৰু তাৰ পৰা বনলতা, ফল আৰু গছ-বৃক্ষ গজে।
የአረብኛ ቁርኣን ማብራሪያ:
اِنَّهٗ لَقَوْلٌ فَصْلٌ ۟ۙ
অৱশ্যে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি অৱতীৰ্ণ হোৱা কোৰআন এনেকুৱা বাণী যিয়ে হক আৰু বাতিল তথা সঁচা আৰু মিছাৰ মাজত পাৰ্থক্য কৰি দিয়ে।
የአረብኛ ቁርኣን ማብራሪያ:
وَّمَا هُوَ بِالْهَزْلِ ۟ؕ
এয়া কোনো খেল- ধেমালি আৰু অযথা গল্প নহয় বৰঞ্চ বাস্তৱিকতা আৰু সত্য।
የአረብኛ ቁርኣን ማብራሪያ:
اِنَّهُمْ یَكِیْدُوْنَ كَیْدًا ۟ۙ
নিশ্চিতৰূপে ৰাছুলে লৈ অহা চৰীয়তক অস্বীকাৰকাৰী সকলে তেওঁৰ বিৰুদ্ধে ভীষণ ষড়যন্ত্ৰ কৰে, যাতে তেওঁৰ দাৱাত বন্ধ হয় আৰু এই চৰীয়তক বিনাশ কৰিব পাৰে।
የአረብኛ ቁርኣን ማብራሪያ:
وَّاَكِیْدُ كَیْدًا ۟ۚۖ
ময়ো ইছলাম প্ৰকাশ কৰিবলৈ আৰু মিথ্যাক বিতাড়িত কৰিবলৈ কৌশল কৰিছো।
የአረብኛ ቁርኣን ማብራሪያ:
فَمَهِّلِ الْكٰفِرِیْنَ اَمْهِلْهُمْ رُوَیْدًا ۟۠
হে ৰাছুল ! এতেকে এই কাফিৰসকলক কিছু সময় অৱকাশ দিয়ক আৰু সিহঁতৰ বাবে শীঘ্ৰে শাস্তি আৰু ধ্বংস নিবিচাৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• تحفظ الملائكة الإنسان وأعماله خيرها وشرها ليحاسب عليها.
ফিৰিস্তা সকলে মানুহক আৰু মানুহৰ ভাল-বেয়া কৰ্মবোৰক সংৰক্ষণ কৰে, যাতে তাৰ হিচাপ-নিকাচ লোৱা হয়।

• ضعف كيد الكفار إذا قوبل بكيد الله سبحانه.
আল্লাহৰ কৌশলৰ আগত কাফিৰৰ ষড়যন্ত্ৰবোৰ অতি দূৰ্বল।

• خشية الله تبعث على الاتعاظ.
আল্লাহৰ ভয়ে উপদেশ গ্ৰহণত উদ্বুদ্ধ কৰে।

 
የይዘት ትርጉም ምዕራፍ: አጥ ጣሪቅ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት