Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (7) ምዕራፍ: አት-ተውባህ
كَیْفَ یَكُوْنُ لِلْمُشْرِكِیْنَ عَهْدٌ عِنْدَ اللّٰهِ وَعِنْدَ رَسُوْلِهٖۤ اِلَّا الَّذِیْنَ عٰهَدْتُّمْ عِنْدَ الْمَسْجِدِ الْحَرَامِ ۚ— فَمَا اسْتَقَامُوْا لَكُمْ فَاسْتَقِیْمُوْا لَهُمْ ؕ— اِنَّ اللّٰهَ یُحِبُّ الْمُتَّقِیْنَ ۟
আল্লাহ আৰু তেওঁৰ ৰাছুলৰ ওচৰত মুশ্বৰিকসকলৰ কোনো সন্ধি তথা আশ্ৰয় প্ৰতিশ্ৰুতি এতিয়া বাহাল থকা উচিত নহয়, কেৱল সেইসকল মুশ্বৰিকৰ বাহিৰে, যিসকলৰ লগত হে মুছলিমসকল তোমালোকে সন্মানিত কাবা ঘৰৰ ওচৰত হুদাইবিয়্যাৰ সন্ধি কৰিছিলা। এতেকে যেতিয়ালৈকে তোমালোকৰ মাজত থকা এই সন্ধিৰ ওপৰত অবিচল থাকিব আৰু ভঙ্গ নকৰিব, তেতিয়ালৈকে তোমালোকেও সেই প্ৰতিশ্ৰুতি মতে কাম কৰিবা আৰু বচন ভঙ্গ নকৰিবা। নিশ্চয় আল্লাহে সেইসকল মুত্তাক্বীক ভাল পায়, যিসকলে আল্লাহৰ আদেশ পালন কৰি তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকে।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• دلَّت الآيات على أن قتال المشركين الناكثين العهد كان لأسباب كثيرة، أهمها: نقضهم العهد.
উক্ত আয়াতবোৰে প্ৰমাণ কৰে যে, প্ৰতিশ্ৰুতি ভঙ্গকাৰী মুশ্বৰিকসকলৰ লগত যুদ্ধ কৰাৰ বহুতো কাৰণ আছিল, তাৰে অন্যতম কাৰণ হৈছে, বিশ্বাসঘাতকতা কৰা, প্ৰতিশ্ৰুতি ভঙ্গ কৰা।

• في الآيات دليل على أن من امتنع من أداء الصلاة أو الزكاة فإنه يُقاتَل حتى يؤديهما، كما فعل أبو بكر رضي الله عنه.
উক্ত আয়াতবোৰত এই কথাৰ প্ৰমাণ পোৱা যায় যে, যিয়ে ছালাত আদায় তথা যাকাত প্ৰদানক অস্বীকাৰ কৰিব, তাৰ লগত সেই সময় লৈকে যুদ্ধ কৰা হ'ব যেতিয়ালৈকে সি এই দুটাক মানি নলয়। যেনেঃ আবু বকৰ ৰাদ্বিয়াল্লাহু আনহুৱে কৰিছিল।

• استدل بعض العلماء بقوله تعالى:﴿وَطَعَنُوا فِي دِينِكُمْ﴾ على وجوب قتل كل من طعن في الدّين عامدًا مستهزئًا به.
কিছুমান বিদ্যানসকলে এই আয়াতৰ দ্বাৰা (সিহঁতে তোমালোকৰ দ্বীন সম্পৰ্কে কটুক্তি কৰে) প্ৰমাণ দিছে যে, যি ব্যক্তিয়ে জানি বুজি উপলুঙাসূচক বাক্যৰে ইছলামৰ নিন্দা কৰিব, তাক হত্যা কৰা ওৱাজিব।

• في الآيات دلالة على أن المؤمن الذي يخشى الله وحده يجب أن يكون أشجع الناس وأجرأهم على القتال.
উক্ত আয়াতবোৰত এই কথাৰো প্ৰমাণ পোৱা যায় যে, যিজন মুমিনে কেৱল আল্লাহক ভয় কৰে, তেওঁ যুদ্ধৰ ময়দানত আটাইতকৈ বেছি বাহাদুৰী দেখুৱা উচিত।

 
የይዘት ትርጉም አንቀጽ: (7) ምዕራፍ: አት-ተውባህ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት