የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: ሱረቱ አል በለድ   አንቀጽ:

ছুৰা আল-বালাদ

ከመዕራፉ ዓላማዎች:
بيان افتقار الإنسان وكبده وسبل نجاته.
মানুহৰ প্ৰয়োজন সম্পৰ্কে, সিহঁতৰ অন্তৰ সম্পৰ্কে আৰু সিহঁতৰ মুক্তিৰ পথ সম্পৰ্কে বৰ্ণনা।

لَاۤ اُقْسِمُ بِهٰذَا الْبَلَدِ ۟ۙ
আল্লাহ তাআলাই সন্মানিত মক্কা নগৰৰ শপত কৰিছে।
የአረብኛ ቁርኣን ማብራሪያ:
وَاَنْتَ حِلٌّۢ بِهٰذَا الْبَلَدِ ۟ۙ
আৰু হে ৰাছুল! আপোনাৰ বাবে এই নগৰত হত্যাকাৰীক হত্যা কৰা আৰু গ্ৰেফতাৰ কৰিবলগীয়া ব্যক্তিক গ্ৰেফতাৰ কৰিবলৈ বৈধ কৰা হৈছে।
የአረብኛ ቁርኣን ማብራሪያ:
وَوَالِدٍ وَّمَا وَلَدَ ۟ۙ
আল্লাহে মানৱ জাতিৰ পিতা আৰু তাৰ বংশৰ পৰা জন্ম লাভ কৰা সন্তানৰ শপত কৰিছে।
የአረብኛ ቁርኣን ማብራሪያ:
لَقَدْ خَلَقْنَا الْاِنْسَانَ فِیْ كَبَدٍ ۟ؕ
আমি মানুহক ক্লান্ত আৰু কঠিনতাৰে আৱদ্ধ কৰি সৃষ্টি কৰিছো। সেয়ে সিহঁতে পৃথিৱীত সদায় কঠিনতাৰ সন্মুখীন হৈ থাকে।
የአረብኛ ቁርኣን ማብራሪያ:
اَیَحْسَبُ اَنْ لَّنْ یَّقْدِرَ عَلَیْهِ اَحَدٌ ۟ۘ
মানুহে ভাৱিছে নেকি যে, যদি সিহঁতে পাপ কৰে তেন্তে তাৰ ওপৰত কোনো ক্ষমতা নচলিব আৰু কোনেও তাক শাস্তি প্ৰদান নকৰিব, যদিও তাৰ প্ৰতিপালক হয়, যিজনে তাক সৃষ্টি কৰিছে?
የአረብኛ ቁርኣን ማብራሪያ:
یَقُوْلُ اَهْلَكْتُ مَالًا لُّبَدًا ۟ؕ
সি কয় যে, মই বহুতো ধন খৰচ কৰিছোঁ, ইখনৰ পিছত ইখন।
የአረብኛ ቁርኣን ማብራሪያ:
اَیَحْسَبُ اَنْ لَّمْ یَرَهٗۤ اَحَدٌ ۟ؕ
খৰচ কৰাৰ ক্ষেত্ৰত গৰ্বকাৰী ব্যক্তিয়ে ভাবিছে নেকি যে, আল্লাহ তাআলাই তাক দেখা নাই, আৰু সি ভাৱিছে নেকি যে, তাৰ সম্পদৰ হিচাপ লোৱা নহব, সেয়া কৰ পৰা অৰ্জন কৰিছে আৰু কত খৰচ কৰিছে?
የአረብኛ ቁርኣን ማብራሪያ:
اَلَمْ نَجْعَلْ لَّهٗ عَیْنَیْنِ ۟ۙ
দেখিবলৈ আমি তাক দুটা চকু দিয়া নাইনে?
የአረብኛ ቁርኣን ማብራሪያ:
وَلِسَانًا وَّشَفَتَیْنِ ۟ۙ
আৰু কথা কবলৈ এখন জিভা আৰু দুটা ওঠঁ দিয়া নাইনে?
የአረብኛ ቁርኣን ማብራሪያ:
وَهَدَیْنٰهُ النَّجْدَیْنِ ۟ۚ
আৰু আমি তাক সত্য আৰু অসত্য পথৰ পৰিচয় দিয়া নাইনে?
የአረብኛ ቁርኣን ማብራሪያ:
فَلَا اقْتَحَمَ الْعَقَبَةَ ۟ؗۖ
সি এই কথাৰ অপেক্ষাত আছে যে, সেই দুৰ্গম গিৰিপথ পাৰ কৰিব যিটো তাক জান্নাতৰ পৰা পৃথক কৰে।
የአረብኛ ቁርኣን ማብራሪያ:
وَمَاۤ اَدْرٰىكَ مَا الْعَقَبَةُ ۟ؕ
আৰু হে ৰাছুল! আপোনাক কিহে জনাব যে, দুৰ্গম গিৰিপথ কি যিটো সি জান্নাতত প্ৰৱেশ কৰিবলৈ পাৰ হব লাগিব?
የአረብኛ ቁርኣን ማብራሪያ:
فَكُّ رَقَبَةٍ ۟ۙ
সেয়া হৈছে দাসমুক্তি পুৰুষ হওঁক বা মহিলা।
የአረብኛ ቁርኣን ማብራሪያ:
اَوْ اِطْعٰمٌ فِیْ یَوْمٍ ذِیْ مَسْغَبَةٍ ۟ۙ
এয়া এক এনেকুৱা দুৰ্ভিক্ষৰ দিন যেতিয়া খাদ্য পোৱা কঠিন হয়।
የአረብኛ ቁርኣን ማብራሪያ:
یَّتِیْمًا ذَا مَقْرَبَةٍ ۟ۙ
এনেকুৱা দৰিদ্ৰ শিশু, যিয়ে তাৰ পিতৃৰ ছাঁৰ পৰা বঞ্চিত হৈছে আৰু কিন্তু তাৰ আত্মীয় আছে।
የአረብኛ ቁርኣን ማብራሪያ:
اَوْ مِسْكِیْنًا ذَا مَتْرَبَةٍ ۟ؕ
অথবা এনেকুৱা দৰিদ্ৰ যিয়ে কোনো বস্তুৰ গৰাকী নহয়।
የአረብኛ ቁርኣን ማብራሪያ:
ثُمَّ كَانَ مِنَ الَّذِیْنَ اٰمَنُوْا وَتَوَاصَوْا بِالصَّبْرِ وَتَوَاصَوْا بِالْمَرْحَمَةِ ۟ؕ
তাৰ পিছত সি এনেকুৱা লোকৰ অন্তৰ্ভুক্ত হব যিয়ে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু এজনে আনজক সত্কৰ্মৰ প্ৰতি অটুট থাকিবলৈ আৰু পাপ কামৰ পৰা বিৰত থাকিবলৈ আৰু বিপদৰ সময়ত ধৈৰ্য ধাৰণ কৰিবলৈ গুৰুত্ব প্ৰদান কৰে তথা এজনে আনজনক আল্লাহৰ বান্দাৰ প্ৰতি দয়া কৰিবলৈ গুৰুত্ব প্ৰদান কৰে।
የአረብኛ ቁርኣን ማብራሪያ:
اُولٰٓىِٕكَ اَصْحٰبُ الْمَیْمَنَةِ ۟ؕ
এই বৈশিষ্ট্যসমূহৰ অধিকাৰী ব্যক্তি সকলেই সোঁ ফালৰ গৰাকী।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• عتق الرقاب، وإطعام المحتاجين في وقت الشدة، والإيمان بالله، والتواصي بالصبر والرحمة: من أسباب دخول الجنة.
দাস মুক্ত কৰা অভাৱৰ সময়ত দুখীয়াক খাদ্য দান কৰা, আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা আৰু এজনে আনজনক ধৈৰ্য ধাৰণ তথা দয়া কৰাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰা, জান্নাতত প্ৰৱেশৰ মাধ্যম।

• من دلائل النبوة إخباره أن مكة ستكون حلالًا له ساعة من نهار.
এয়া নবীৰ নবুওৱতৰ এটা নিদৰ্শন আছিল যে, তেখেতে কৈছিল যে, মক্কাক এদিন কিছু সময়ৰ বাবে তেখেতৰ হকে বৈধ কৰা হব।

• لما ضيق الله طرق الرق وسع طرق العتق، فجعل الإعتاق من القربات والكفارات.
যেতিয়া আল্লাহ তাআলাই দাসত্বৰ পথ সংকীৰ্ণ কৰি দিছে, লগতে দাসমুক্তিৰ পথ চাৰিওফালৰ পৰা খুলি দিয়া হৈছে। বৰং দাসমুক্তিক নেকি আৰু পাপ মোচনৰ মাধ্যম কৰা হৈছে।

وَالَّذِیْنَ كَفَرُوْا بِاٰیٰتِنَا هُمْ اَصْحٰبُ الْمَشْـَٔمَةِ ۟ؕ
আৰু যিসকলে ৰাছুলৰ প্ৰতি অৱতীৰ্ণ আয়াতবোৰ অস্বীকাৰ কৰে সিহঁতেই বাওঁ হাতৰ গৰাকী।
የአረብኛ ቁርኣን ማብራሪያ:
عَلَیْهِمْ نَارٌ مُّؤْصَدَةٌ ۟۠
এনেকুৱা লোকেই আৱদ্ধ অগ্নিৰে পৰিবেষ্টিত হব, যাৰ শাস্তি কেৱল সিহঁতকেই দিয়া হব।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• أهمية تزكية النفس وتطهيرها.
আত্মা পৱিত্ৰ কৰাৰ মহত্ব।

• المتعاونون على المعصية شركاء في الإثم.
পাপ কৰ্মৰ প্ৰতি সহায়- সহযোগ কৰা ব্যক্তিও পাপ কৰ্মৰ সমানেই অংশীদাৰ।

• الذنوب سبب للعقوبات الدنيوية.
পাৰ্থিৱ শাস্তিৰ এটা কাৰণ হৈছে পাপ।

• كلٌّ ميسر لما خلق له فمنهم مطيع ومنهم عاصٍ.
প্ৰত্যেক ব্যক্তিৰ কাৰণে সেই কাম সহজ কৰি দিয়া হয়, যাৰ কাৰণে তাক সৃষ্টি কৰা হৈছে।

 
የይዘት ትርጉም ምዕራፍ: ሱረቱ አል በለድ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ - የትርጉሞች ማዉጫ

የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ ቋንቋ፡ ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት