Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: አል-በይናህ   አንቀጽ:

আল-বায়্যিনাহ

ከመዕራፉ ዓላማዎች:
بيان كمال الرسالة المحمدية ووضوحها.
এই কথাৰ বৰ্ণনা যে, মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ৰিছালত সম্পূৰ্ণ আৰু স্পষ্ট।

لَمْ یَكُنِ الَّذِیْنَ كَفَرُوْا مِنْ اَهْلِ الْكِتٰبِ وَالْمُشْرِكِیْنَ مُنْفَكِّیْنَ حَتّٰی تَاْتِیَهُمُ الْبَیِّنَةُ ۟ۙ
স্পষ্ট আৰু পৰিপূৰ্ণ প্ৰমাণ নহালৈকে ইহুদী, খৃষ্টান আৰু মুশ্বৰিকসকলে কুফুৰীৰ প্ৰতি নিজৰ ঐক্যতাৰ পৰা বিৰত থকা নাছিল।
የአረብኛ ቁርኣን ማብራሪያ:
رَسُوْلٌ مِّنَ اللّٰهِ یَتْلُوْا صُحُفًا مُّطَهَّرَةً ۟ۙ
এইটো স্পষ্ট প্ৰমাণ আৰু মুক্ত তথা পৰিপূৰ্ণ প্ৰমাণ যে, আল্লাহৰ প্ৰেৰিত এজন ৰাছুল পৱিত্ৰ ছহিফা বা পত্ৰবোৰ পঢ়ি শুনাব, যাক কেৱল আল্লাহৰ পৱিত্ৰ বান্দাইহে স্পৰ্শ কৰে।
የአረብኛ ቁርኣን ማብራሪያ:
فِیْهَا كُتُبٌ قَیِّمَةٌ ۟ؕ
যি ছহিফাবোৰত সত্য খবৰ আৰু উচিত আদেশ থাকে, যিয়ে মানুহক সেই পথ প্ৰদৰ্শন কৰে যাৰ ভিতৰত তেওঁলোকৰ সংশোধন আৰু হিদায়ত থাকে।
የአረብኛ ቁርኣን ማብራሪያ:
وَمَا تَفَرَّقَ الَّذِیْنَ اُوْتُوا الْكِتٰبَ اِلَّا مِنْ بَعْدِ مَا جَآءَتْهُمُ الْبَیِّنَةُ ۟ؕ
আৰু ইহুদী, যিহঁতক তাওৰাত দিয়া হৈছিল। আৰু খৃষ্টান, যিহঁতক ইঞ্জিল দিয়া হৈছিল। ইয়াৰ পিছতো সিহঁতৰ মাজত বিভেদ সৃষ্টি হৈছিল যে, সিহঁতলৈ আল্লাহৰ ৰাছুল আহিছে। গতিকে কিছুমান লোকে ঈমান আনিছে আৰু কিছুমানে নবীৰ সত্যতাৰ বিষয়ে অৱগত হোৱাৰ পিছতো কুফুৰীৰ পথত পৰিচালিত হৈছিল।
የአረብኛ ቁርኣን ማብራሪያ:
وَمَاۤ اُمِرُوْۤا اِلَّا لِیَعْبُدُوا اللّٰهَ مُخْلِصِیْنَ لَهُ الدِّیْنَ ۙ۬— حُنَفَآءَ وَیُقِیْمُوا الصَّلٰوةَ وَیُؤْتُوا الزَّكٰوةَ وَذٰلِكَ دِیْنُ الْقَیِّمَةِ ۟ؕ
ইহুদী আৰু খৃষ্টানসকলৰ অপৰাধ আৰু বিদ্বেষ এই কথাৰ পৰা স্পষ্ট হয় যে, সিহঁতক এই কোৰআনত সেইবোৰ কথাৰ আদেশ দিয়া হৈছে যিবোৰৰ আদেশ সিহঁতৰ উভয় কিতাপত দিয়া হৈছিল। যেনে- কেৱল এক আল্লাহৰ ইবাদত কৰা, শ্বিৰ্কৰ পৰা বিৰত থকা, ছালাত আদায় কৰা আৰু যাকাত প্ৰদান কৰা। সেয়েহে সিহঁতক যি আদেশ দিয়া হৈছিল, সেয়া প্ৰত্যক্ষ ধৰ্মৰ অংশ। যাৰ ভিতৰত কোনো বক্ৰতা নাই।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• فضل ليلة القدر على سائر ليالي العام.
বছৰৰ ভিতৰত সকলো ৰাতিতকৈ লাইলাতুল ক্বদৰৰ ফজিলত অধিক বেছি।

• الإخلاص في العبادة من شروط قَبولها.
ইবাদত স্বীকৃতিৰ যোগ্য হবলৈ হলে, সেয়া কেৱল এক আল্লাহৰ কাৰণে কৰা জৰুৰী।

• اتفاق الشرائع في الأصول مَدعاة لقبول الرسالة.
সকলো চৰীয়তৰ মৌলিক কথাৰ সমানতাই এই কথা প্ৰমাণ কৰে যে, নবীৰ কথা মানি লব লাগে।

اِنَّ الَّذِیْنَ كَفَرُوْا مِنْ اَهْلِ الْكِتٰبِ وَالْمُشْرِكِیْنَ فِیْ نَارِ جَهَنَّمَ خٰلِدِیْنَ فِیْهَا ؕ— اُولٰٓىِٕكَ هُمْ شَرُّ الْبَرِیَّةِ ۟ؕ
নিশ্চয় ( ইহুদী, খৃষ্টান আৰু মুশ্বৰিকসকলৰ পৰা) যিসকলে অস্বীকাৰ কৰিছে, সিহঁতে ক্বিয়ামতৰ দিনা জাহান্নামত প্ৰৱেশ কৰিব তাৰ ভিতৰত স্থায়ীভাৱে অৱস্থান কৰিব। কিয়নো সিহঁতে আল্লাহ আৰু তাৰ ৰাছুলক অস্বীকাৰ কৰিছে।
የአረብኛ ቁርኣን ማብራሪያ:
اِنَّ الَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ ۙ— اُولٰٓىِٕكَ هُمْ خَیْرُ الْبَرِیَّةِ ۟ؕ
যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু সত্কৰ্ম কৰিছে, তেওঁলোকেই উত্তম সৃষ্টি।
የአረብኛ ቁርኣን ማብራሪያ:
جَزَآؤُهُمْ عِنْدَ رَبِّهِمْ جَنّٰتُ عَدْنٍ تَجْرِیْ مِنْ تَحْتِهَا الْاَنْهٰرُ خٰلِدِیْنَ فِیْهَاۤ اَبَدًا ؕ— رَضِیَ اللّٰهُ عَنْهُمْ وَرَضُوْا عَنْهُ ؕ— ذٰلِكَ لِمَنْ خَشِیَ رَبَّهٗ ۟۠
তেওঁলোকৰ প্ৰতিদান তেওঁলোকৰ পৱিত্ৰ আৰু উচ্চ প্ৰতিপালকৰ ওচৰত আছে, এনেকুৱা জান্নাত যাৰ অট্টালিকা আৰু গছবোৰৰ তলত নদীসমূহ প্ৰবাহিত হব। তেওঁলোকে তাত চিৰকাল থাকিব। তেওঁলোকৰ ঈমান আৰু ইবাদতৰ কাৰণে আল্লাহ তেওঁলোকৰ প্ৰতি সন্তুষ্ট হব আৰু তেওঁলোকে আল্লাহৰ অসীম কৃপাৰ কাৰণে তাৰ প্ৰতি সন্তুষ্ট হব। যিয়ে তাৰ প্ৰতিপালকক ভয় কৰে আৰু তেওঁৰ আদেশ পালন কৰে আৰু তেওঁৰ নিষিদ্ধ কথাৰ পৰা বিৰত থাকে।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• خشية الله سبب في رضاه عن عبده.
কাফিৰ আটাইতকৈ নিকৃষ্ট আৰু মুমিন আটাইতকৈ উত্কৃষ্ট সৃষ্টি।

• شهادة الأرض على أعمال بني آدم.
আল্লাহৰ ভয়, বান্দাৰ সন্তুষ্টি লাভৰ মাধ্যম।

• الكفار شرّ الخليقة، والمؤمنون خيرها.
পৃথিৱীয়ে মানুহৰ কৰ্মৰ সাক্ষী দিব।

 
የይዘት ትርጉም ምዕራፍ: አል-በይናህ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት