Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የአሳሚኛ ትርጉም - በረፊቁል ኢስላም ሐቢቡ ራሕማን * - የትርጉሞች ማዉጫ

PDF XML CSV Excel API
Please review the Terms and Policies

የይዘት ትርጉም ምዕራፍ: ሁድ   አንቀጽ:
اُولٰٓىِٕكَ لَمْ یَكُوْنُوْا مُعْجِزِیْنَ فِی الْاَرْضِ وَمَا كَانَ لَهُمْ مِّنْ دُوْنِ اللّٰهِ مِنْ اَوْلِیَآءَ ۘ— یُضٰعَفُ لَهُمُ الْعَذَابُ ؕ— مَا كَانُوْا یَسْتَطِیْعُوْنَ السَّمْعَ وَمَا كَانُوْا یُبْصِرُوْنَ ۟
পৃথিৱীত আল্লাহক ব্যৰ্থ কৰাৰ ক্ষমতা সিহঁতৰ নাছিল আৰু আল্লাহৰ বাহিৰে সিহঁতৰ কোনো সহায়কাৰীও নাছিল; সিহঁতৰ শাস্তি দ্বিগুণ কৰা হ’ব; সিহঁতৰ শুনিবলৈও সামৰ্থ নাছিল আৰু দেখিবলৈও নাছিল।
የአረብኛ ቁርኣን ማብራሪያ:
اُولٰٓىِٕكَ الَّذِیْنَ خَسِرُوْۤا اَنْفُسَهُمْ وَضَلَّ عَنْهُمْ مَّا كَانُوْا یَفْتَرُوْنَ ۟
ইহঁতেই হৈছে সেইসকল লোক যিসকলে নিজেই নিজৰ ক্ষতি সাধন কৰিছে আৰু সিহঁতে যিবোৰ মিছা (উপাস্যক) কল্পনা কৰিছিল সেইবোৰ সিহঁতৰ পৰা উধাও হৈ গৈছে।
የአረብኛ ቁርኣን ማብራሪያ:
لَا جَرَمَ اَنَّهُمْ فِی الْاٰخِرَةِ هُمُ الْاَخْسَرُوْنَ ۟
এইটো সুনিশ্চিত যে, নিঃসন্দেহে সিহঁতেই আখিৰাতত সৰ্বাধিক ক্ষতিগ্ৰস্ত হ’ব।
የአረብኛ ቁርኣን ማብራሪያ:
اِنَّ الَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ وَاَخْبَتُوْۤا اِلٰی رَبِّهِمْ ۙ— اُولٰٓىِٕكَ اَصْحٰبُ الْجَنَّةِ ۚ— هُمْ فِیْهَا خٰلِدُوْنَ ۟
নিশ্চয় যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে লগতে নিজ প্ৰতিপালকৰ প্ৰতি বিনীত হৈছে; তেওঁলোকেই হ’ব জান্নাতৰ অধিবাসী, তাত তেওঁলোক চিৰকাল থাকিব।
የአረብኛ ቁርኣን ማብራሪያ:
مَثَلُ الْفَرِیْقَیْنِ كَالْاَعْمٰی وَالْاَصَمِّ وَالْبَصِیْرِ وَالسَّمِیْعِ ؕ— هَلْ یَسْتَوِیٰنِ مَثَلًا ؕ— اَفَلَا تَذَكَّرُوْنَ ۟۠
দুয়ো দলৰ উদাহৰণ হৈছে এনেকুৱা, এজন হৈছে অন্ধ আৰু বধিৰ, আৰু আনজন হৈছে দৃষ্টি আৰু শ্ৰৱণশক্তিসম্পন্ন। তুলনাত এই দুয়োজন ব্যক্তি সমান হ’ব পাৰেনে? (কেতিয়াও নহয়) তথাপিও তোমালোকে শিক্ষা গ্ৰহণ নকৰিবানে?
የአረብኛ ቁርኣን ማብራሪያ:
وَلَقَدْ اَرْسَلْنَا نُوْحًا اِلٰی قَوْمِهٖۤ ؗ— اِنِّیْ لَكُمْ نَذِیْرٌ مُّبِیْنٌ ۟ۙ
নিশ্চয় আমি নূহক তেওঁৰ সম্প্ৰদায়ৰ ওচৰলৈ পঠিয়াইছিলোঁ। (তেওঁ কৈছিল,) ‘নিশ্চয় মই হৈছোঁ তোমালোকৰ বাবে প্ৰকাশ্য সতৰ্ককাৰী’।
የአረብኛ ቁርኣን ማብራሪያ:
اَنْ لَّا تَعْبُدُوْۤا اِلَّا اللّٰهَ ؕ— اِنِّیْۤ اَخَافُ عَلَیْكُمْ عَذَابَ یَوْمٍ اَلِیْمٍ ۟
তোমালোকে আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা, নিশ্চয় মই তোমালোকৰ বাবে এটা যন্ত্ৰণাদায়ক দিৱসৰ শাস্তিৰ আশংকা কৰিছোঁ।
የአረብኛ ቁርኣን ማብራሪያ:
فَقَالَ الْمَلَاُ الَّذِیْنَ كَفَرُوْا مِنْ قَوْمِهٖ مَا نَرٰىكَ اِلَّا بَشَرًا مِّثْلَنَا وَمَا نَرٰىكَ اتَّبَعَكَ اِلَّا الَّذِیْنَ هُمْ اَرَاذِلُنَا بَادِیَ الرَّاْیِ ۚ— وَمَا نَرٰی لَكُمْ عَلَیْنَا مِنْ فَضْلٍۢ بَلْ نَظُنُّكُمْ كٰذِبِیْنَ ۟
তাৰ পিছত তেওঁৰ সম্প্ৰদায়ৰ কাফিৰ নেতাসকলে ক’লে, ‘আমিতো তোমাক এজন আমাৰ নিচিনাই মানুহ বুলিহে দেখি আছোঁ, লগতে আমি দেখি আছোঁ তোমাক কেৱল সেইসকল লোকেই অনুসৰণ কৰে, বাহ্যিক দৃষ্টিত যিসকল আমাৰ মাজত অধম আৰু আমাৰ ওপৰত তোমালোকৰ কোনো শ্ৰেষ্ঠত্ব আমি দেখা পোৱা নাই, বৰং আমি তোমালোকক মিছলীয়া বুলি গণ্য কৰোঁ’।
የአረብኛ ቁርኣን ማብራሪያ:
قَالَ یٰقَوْمِ اَرَءَیْتُمْ اِنْ كُنْتُ عَلٰی بَیِّنَةٍ مِّنْ رَّبِّیْ وَاٰتٰىنِیْ رَحْمَةً مِّنْ عِنْدِهٖ فَعُمِّیَتْ عَلَیْكُمْ ؕ— اَنُلْزِمُكُمُوْهَا وَاَنْتُمْ لَهَا كٰرِهُوْنَ ۟
তেওঁ ক’লে, ‘হে মোৰ সম্প্ৰদায়! কোৱাচোন তোমালোকে, যদি মই মোৰ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত প্ৰমাণৰ ওপৰত প্ৰতিষ্ঠিত থাকোঁ আৰু তেওঁ যদি মোক তেওঁৰ তৰফৰ পৰা অনুগ্ৰহ (নবুওৱত) দান কৰি থাকে, আৰু সেইটো যদি তোমালোকৰ চকুত নপৰে, তেন্তে মই তোমালোকক সেইটো মানিবলৈ বাধ্য কৰিম নেকি, অথচ তোমালোকে সেইটোক অপছন্দ কৰা’?
የአረብኛ ቁርኣን ማብራሪያ:
 
የይዘት ትርጉም ምዕራፍ: ሁድ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የአሳሚኛ ትርጉም - በረፊቁል ኢስላም ሐቢቡ ራሕማን - የትርጉሞች ማዉጫ

በረፊቁል ኢስላም ሐቢቡ ራሕማን ተተረጎመ

መዝጋት