Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የአሳሚኛ ትርጉም - በረፊቁል ኢስላም ሐቢቡ ራሕማን * - የትርጉሞች ማዉጫ

PDF XML CSV Excel API
Please review the Terms and Policies

የይዘት ትርጉም ምዕራፍ: አል ጃሲያህ   አንቀጽ:
اَفَرَءَیْتَ مَنِ اتَّخَذَ اِلٰهَهٗ هَوٰىهُ وَاَضَلَّهُ اللّٰهُ عَلٰی عِلْمٍ وَّخَتَمَ عَلٰی سَمْعِهٖ وَقَلْبِهٖ وَجَعَلَ عَلٰی بَصَرِهٖ غِشٰوَةً ؕ— فَمَنْ یَّهْدِیْهِ مِنْ بَعْدِ اللّٰهِ ؕ— اَفَلَا تَذَكَّرُوْنَ ۟
এতেকে তুমি সেইজন ব্যক্তিৰ পিনে লক্ষ্য কৰিছানে, যিয়ে নিজৰ কামনা-বাসনাক নিজৰ ইলাহ কৰি লৈছে? আৰু তাৰ ওচৰত জ্ঞান অহাৰ পিছতো আল্লাহে তাক বিভ্ৰান্ত কৰিছে, লগতে আল্লাহে তাৰ কাণ আৰু হৃদয়ত মোহৰ মাৰি দিছে। তেৱেঁই তাৰ চকুৰ ওপৰত ৰাখি দিছে আৱৰণ। এতেকে আল্লাহৰ পিছত কোনে তাক হিদায়ত দিব? তথাপিও তোমালোকে উপদেশ গ্ৰহণ নকৰিবানে?
የአረብኛ ቁርኣን ማብራሪያ:
وَقَالُوْا مَا هِیَ اِلَّا حَیَاتُنَا الدُّنْیَا نَمُوْتُ وَنَحْیَا وَمَا یُهْلِكُنَاۤ اِلَّا الدَّهْرُ ۚ— وَمَا لَهُمْ بِذٰلِكَ مِنْ عِلْمٍ ۚ— اِنْ هُمْ اِلَّا یَظُنُّوْنَ ۟
আৰু সিহঁতে কয়, ‘পাৰ্থিৱ জীৱনেই হৈছে আমাৰ একমাত্ৰ জীৱন, আমাৰ জীৱন-মৰণ ইয়াতেই। আমাক কেৱল কালচক্ৰইহে ধ্বংস কৰে’। প্ৰকৃততে সিহঁতৰ এই বিষয়ে কোনো জ্ঞান নাই, সিহঁতে কেৱল ধাৰণাহে কৰে।
የአረብኛ ቁርኣን ማብራሪያ:
وَاِذَا تُتْلٰی عَلَیْهِمْ اٰیٰتُنَا بَیِّنٰتٍ مَّا كَانَ حُجَّتَهُمْ اِلَّاۤ اَنْ قَالُوا ائْتُوْا بِاٰبَآىِٕنَاۤ اِنْ كُنْتُمْ صٰدِقِیْنَ ۟
আৰু সিহঁতৰ ওচৰত যেতিয়া আমাৰ সুস্পষ্ট আয়াতসমূহ তিলাৱত কৰা হয় তেতিয়া সিহঁতৰ কোনো যুক্তি নাথাকে, কেৱল এই কথাৰ বাহিৰে যে, যদি তোমালোকে সত্যবাদী হোৱা তেন্তে আমাৰ পিতৃ-পুৰুষসকলক লৈ আহা।
የአረብኛ ቁርኣን ማብራሪያ:
قُلِ اللّٰهُ یُحْیِیْكُمْ ثُمَّ یُمِیْتُكُمْ ثُمَّ یَجْمَعُكُمْ اِلٰی یَوْمِ الْقِیٰمَةِ لَا رَیْبَ فِیْهِ وَلٰكِنَّ اَكْثَرَ النَّاسِ لَا یَعْلَمُوْنَ ۟۠
কোৱা, আল্লাহেই তোমালোকক জীৱন দান কৰে আৰু তাৰ পিছত তেৱেঁই তোমালোকৰ মৃত্যু ঘটায়। তেৱেঁই তোমালোকক কিয়ামতৰ দিনা একত্ৰিত কৰিব, ইয়াত কোনো সন্দেহ নাই। কিন্তু সৰহভাগ মানুহেই সেয়া নাজানে।
የአረብኛ ቁርኣን ማብራሪያ:
وَلِلّٰهِ مُلْكُ السَّمٰوٰتِ وَالْاَرْضِ ؕ— وَیَوْمَ تَقُوْمُ السَّاعَةُ یَوْمَىِٕذٍ یَّخْسَرُ الْمُبْطِلُوْنَ ۟
আকাশসমূহ আৰু পৃথিৱীৰ ৰাজত্ব কেৱল আল্লাহৰেই; আৰু যিদিনা কিয়ামত সংঘটিত হ’ব সেইদিনা বাতিলপন্থীসকল ক্ষতিগ্ৰস্ত হ’ব।
የአረብኛ ቁርኣን ማብራሪያ:
وَتَرٰی كُلَّ اُمَّةٍ جَاثِیَةً ۫ؕ— كُلُّ اُمَّةٍ تُدْعٰۤی اِلٰی كِتٰبِهَا ؕ— اَلْیَوْمَ تُجْزَوْنَ مَا كُنْتُمْ تَعْمَلُوْنَ ۟
আৰু তুমি প্ৰত্যেক জাতিকে দেখিবা ভয়তে নতজানু হৈ আছে; প্ৰত্যেক জাতিকেই তাৰ কিতাবৰ প্ৰতি আহ্বান কৰা হ’ব, (আৰু কোৱা হ’ব) ‘আজি তোমালোকক কেৱল সেইটোৰেই প্ৰতিফল দিয়া হ’ব যিটো তোমালোকে আমল কৰিছিলা’।
የአረብኛ ቁርኣን ማብራሪያ:
هٰذَا كِتٰبُنَا یَنْطِقُ عَلَیْكُمْ بِالْحَقِّ ؕ— اِنَّا كُنَّا نَسْتَنْسِخُ مَا كُنْتُمْ تَعْمَلُوْنَ ۟
‘এইটো হৈছে আমাৰ লিখনি, এইটোৱে তোমালোকৰ বিষয়ে সঁচা কথা দাঙি ধৰিব। নিশ্চয় তোমালোকে যি আমল কৰিছিলা সেয়া আমি লিখি ৰাখিছিলোঁ’।
የአረብኛ ቁርኣን ማብራሪያ:
فَاَمَّا الَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ فَیُدْخِلُهُمْ رَبُّهُمْ فِیْ رَحْمَتِهٖ ؕ— ذٰلِكَ هُوَ الْفَوْزُ الْمُبِیْنُ ۟
এতেকে যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে পৰিণামত তেওঁলোকৰ প্ৰতিপালকে তেওঁলোকক তেওঁৰ ৰহমতত প্ৰৱেশ কৰাব। এইটোৱেই হৈছে সুস্পষ্ট সফলতা।
የአረብኛ ቁርኣን ማብራሪያ:
وَاَمَّا الَّذِیْنَ كَفَرُوْا ۫— اَفَلَمْ تَكُنْ اٰیٰتِیْ تُتْلٰی عَلَیْكُمْ فَاسْتَكْبَرْتُمْ وَكُنْتُمْ قَوْمًا مُّجْرِمِیْنَ ۟
আনহাতে যিসকলে কুফৰী কৰিছে (সিহঁতক কোৱা হ’ব) ‘তোমালোকৰ ওচৰত আমাৰ আয়াতসমূহ পাঠ কৰা হোৱা নাছিলনে? তথাপিও তোমালোকে অহংকাৰ কৰিছিলা, আৰু তোমালোক আছিলা এটা অপৰাধী সম্প্ৰদায়’।
የአረብኛ ቁርኣን ማብራሪያ:
وَاِذَا قِیْلَ اِنَّ وَعْدَ اللّٰهِ حَقٌّ وَّالسَّاعَةُ لَا رَیْبَ فِیْهَا قُلْتُمْ مَّا نَدْرِیْ مَا السَّاعَةُ ۙ— اِنْ نَّظُنُّ اِلَّا ظَنًّا وَّمَا نَحْنُ بِمُسْتَیْقِنِیْنَ ۟
আৰু যেতিয়া কোৱা হৈছিল, ‘নিশ্চয় আল্লাহৰ প্ৰতিশ্ৰুতি সত্য; আৰু কিয়ামত (সংঘটিত হ’ব) ইয়াত কোনো সন্দেহ নাই’; তেতিয়া তোমালোকে কৈছিলা, ‘কিয়ামত কি আমি একো নাজানো; আমি ইয়াক এটা ধাৰণা বুলিহে ভাবোঁ আৰু এই বিষয়ে আমি নিশ্চিত নহয়’।
የአረብኛ ቁርኣን ማብራሪያ:
 
የይዘት ትርጉም ምዕራፍ: አል ጃሲያህ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የአሳሚኛ ትርጉም - በረፊቁል ኢስላም ሐቢቡ ራሕማን - የትርጉሞች ማዉጫ

በረፊቁል ኢስላም ሐቢቡ ራሕማን ተተረጎመ

መዝጋት