Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የአሳሚኛ ትርጉም - በረፊቁል ኢስላም ሐቢቡ ራሕማን * - የትርጉሞች ማዉጫ

PDF XML CSV Excel API
Please review the Terms and Policies

የይዘት ትርጉም ምዕራፍ: አል ሐዲድ   አንቀጽ:
یَوْمَ تَرَی الْمُؤْمِنِیْنَ وَالْمُؤْمِنٰتِ یَسْعٰی نُوْرُهُمْ بَیْنَ اَیْدِیْهِمْ وَبِاَیْمَانِهِمْ بُشْرٰىكُمُ الْیَوْمَ جَنّٰتٌ تَجْرِیْ مِنْ تَحْتِهَا الْاَنْهٰرُ خٰلِدِیْنَ فِیْهَا ؕ— ذٰلِكَ هُوَ الْفَوْزُ الْعَظِیْمُ ۟ۚ
সেইদিনা তুমি মুমিন নৰ-নাৰীসকলক দেখিবলৈ পাবা যে, তেওঁলোকৰ সন্মুখত আৰু সোঁফালে তেওঁলোকৰ নূৰ দৌৰি আছে। (কোৱা হ’ব) ‘আজি তোমালোকৰ বাবে সুসংবাদ হৈছে জান্নাত, যাৰ তলত নদীসমূহ প্ৰবাহিত, তাত তোমালোক চিৰস্থায়ী হ’বা, এইটোৱেই হৈছে মহাসফলতা’।
የአረብኛ ቁርኣን ማብራሪያ:
یَوْمَ یَقُوْلُ الْمُنٰفِقُوْنَ وَالْمُنٰفِقٰتُ لِلَّذِیْنَ اٰمَنُوا انْظُرُوْنَا نَقْتَبِسْ مِنْ نُّوْرِكُمْ ۚ— قِیْلَ ارْجِعُوْا وَرَآءَكُمْ فَالْتَمِسُوْا نُوْرًا ؕ— فَضُرِبَ بَیْنَهُمْ بِسُوْرٍ لَّهٗ بَابٌ ؕ— بَاطِنُهٗ فِیْهِ الرَّحْمَةُ وَظَاهِرُهٗ مِنْ قِبَلِهِ الْعَذَابُ ۟ؕ
সেইদিনা মুনাফিক পুৰুষ আৰু মুনাফিকা নাৰীসকলে ঈমান্দাৰসকলক ক’ব, ‘তোমালোকে আমাৰ বাবে অলপ অপেক্ষা কৰা, যাতে তোমালোকৰ নূৰৰ পৰা আমি অলপ গ্ৰহণ কৰিব পাৰোঁ’। কোৱা হ’ব, ‘তোমালোকে নিজৰ পিছফালে উভতি যোৱা আৰু নূৰৰ সন্ধান কৰাগৈ’। তাৰ পিছত উভয়ৰ মাজত স্থাপন হ’ব এটা প্ৰাচীৰ, য’ত এটা দুৱাৰ থাকিব, যাৰ ভিতৰ ভাগত থাকিব ৰহমত আৰু বাহিৰত থাকিব শাস্তি।
የአረብኛ ቁርኣን ማብራሪያ:
یُنَادُوْنَهُمْ اَلَمْ نَكُنْ مَّعَكُمْ ؕ— قَالُوْا بَلٰی وَلٰكِنَّكُمْ فَتَنْتُمْ اَنْفُسَكُمْ وَتَرَبَّصْتُمْ وَارْتَبْتُمْ وَغَرَّتْكُمُ الْاَمَانِیُّ حَتّٰی جَآءَ اَمْرُ اللّٰهِ وَغَرَّكُمْ بِاللّٰهِ الْغَرُوْرُ ۟
মুনাফিকসকলে মুমিনসকলক মাতি ক’ব, ‘আমি তোমালোকৰ লগত নাছিলোঁনে? তেওঁলোকে ক’ব, ‘হয়, কিন্তু তোমালোকে নিজেই নিজক বিপদগ্ৰস্ত কৰিছা আৰু তোমালোকে প্ৰতীক্ষা কৰিছিলা আৰু সন্দেহ কৰিছিলা আৰু মিছা আকাংক্ষাই তোমালোকক প্ৰতাৰিত কৰি ৰাখিছিল, আৰু অৱশেষত আল্লাহৰ নিৰ্দেশ আহি গ’ল, আৰু (অন্তিম সময়লৈকে) মহাপ্ৰতাৰকে তোমালোকক আল্লাহ সম্পৰ্কে প্ৰতাৰিত কৰিছিল’।
የአረብኛ ቁርኣን ማብራሪያ:
فَالْیَوْمَ لَا یُؤْخَذُ مِنْكُمْ فِدْیَةٌ وَّلَا مِنَ الَّذِیْنَ كَفَرُوْا ؕ— مَاْوٰىكُمُ النَّارُ ؕ— هِیَ مَوْلٰىكُمْ ؕ— وَبِئْسَ الْمَصِیْرُ ۟
‘এতেকে আজি তোমালোকৰ পৰা কোনো মুক্তিপণ গ্ৰহণ কৰা নহ’ব আৰু যিসকলে কুফৰী কৰিছিল সিহঁতৰ পৰাও নহয়। জাহান্নামেই হৈছে তোমালোকৰ আবাসস্থল, এইটোৱেই তোমালোকৰ উপযুক্ত স্থান; আৰু কিমান যে নিকৃষ্ট এই প্ৰত্যাবৰ্তনস্থল!
የአረብኛ ቁርኣን ማብራሪያ:
اَلَمْ یَاْنِ لِلَّذِیْنَ اٰمَنُوْۤا اَنْ تَخْشَعَ قُلُوْبُهُمْ لِذِكْرِ اللّٰهِ وَمَا نَزَلَ مِنَ الْحَقِّ ۙ— وَلَا یَكُوْنُوْا كَالَّذِیْنَ اُوْتُوا الْكِتٰبَ مِنْ قَبْلُ فَطَالَ عَلَیْهِمُ الْاَمَدُ فَقَسَتْ قُلُوْبُهُمْ ؕ— وَكَثِیْرٌ مِّنْهُمْ فٰسِقُوْنَ ۟
আল্লাহৰ স্মৰণত আৰু যি সত্য অৱতীৰ্ণ হৈছে তাৰ ফলস্বৰূপে মুমিনসকলৰ অন্তৰ এতিয়াও কোমল (বিনীত) হোৱাৰ সময় হোৱা নাইনে? আৰু তেওঁলোকে যেন সিহঁতৰ দৰে নহয়, যিসকলক ইয়াৰ আগত কিতাব দিয়া হৈছিল-- তাৰ পিছত বহু কাল অতিবাহিত হোৱাৰ পিছত সিহঁতৰ অন্তৰসমূহ কঠোৰ হৈ পৰিছিল; আৰু সিহঁতৰ অধিকাংশই আছিল ফাছিক্ব।
የአረብኛ ቁርኣን ማብራሪያ:
اِعْلَمُوْۤا اَنَّ اللّٰهَ یُحْیِ الْاَرْضَ بَعْدَ مَوْتِهَا ؕ— قَدْ بَیَّنَّا لَكُمُ الْاٰیٰتِ لَعَلَّكُمْ تَعْقِلُوْنَ ۟
জানি থোৱা যে, আল্লাহেই ভূমিক তাৰ মৃত্যুৰ পিছত পুনৰ্জীৱিত কৰে। আমি নিদৰ্শনসমূহ তোমালোকৰ বাবে সুস্পষ্টভাৱে বৰ্ণনা কৰিছোঁ যাতে তোমালোকে বুজিব পাৰা।
የአረብኛ ቁርኣን ማብራሪያ:
اِنَّ الْمُصَّدِّقِیْنَ وَالْمُصَّدِّقٰتِ وَاَقْرَضُوا اللّٰهَ قَرْضًا حَسَنًا یُّضٰعَفُ لَهُمْ وَلَهُمْ اَجْرٌ كَرِیْمٌ ۟
নিশ্চয় দানশীল পুৰুষ আৰু দানশীলা নাৰী আৰু যিসকলে আল্লাহক উত্তম ঋণ দিয়ে, তেওঁলোকক (ইয়াৰ বিনিময়ত) বহু গুণ বৃদ্ধি কৰি (প্ৰতিদান) দিয়া হ’ব আৰু তেওঁলোকৰ বাবে আছে সন্মানজনক পুৰস্কাৰ।
የአረብኛ ቁርኣን ማብራሪያ:
 
የይዘት ትርጉም ምዕራፍ: አል ሐዲድ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የአሳሚኛ ትርጉም - በረፊቁል ኢስላም ሐቢቡ ራሕማን - የትርጉሞች ማዉጫ

በረፊቁል ኢስላም ሐቢቡ ራሕማን ተተረጎመ

መዝጋት