ترجمة معاني القرآن الكريم - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - فهرس التراجم


ترجمة معاني آية: (19) سورة: الرعد
اَفَمَنْ یَّعْلَمُ اَنَّمَاۤ اُنْزِلَ اِلَیْكَ مِنْ رَّبِّكَ الْحَقُّ كَمَنْ هُوَ اَعْمٰی ؕ— اِنَّمَا یَتَذَكَّرُ اُولُوا الْاَلْبَابِ ۟ۙ
হে ৰাছুল! যি ব্যক্তিয়ে আপোনাৰ প্ৰতি আল্লাহে অৱতীৰ্ণ কৰা তথ্যক সত্য বুলি স্বীকাৰ কৰে, যি তথ্যত কোনো সন্দেহ নাই, অৰ্থাৎ আল্লাহৰ আহ্বানত সঁহাৰি দিয়া মুমিন ব্যক্তিক, সেই ব্যক্তিৰ লগত তুলনা কৰা মুঠেও ঠিক নহয় যিজন হৈছে অন্ধ তথা আল্লাহৰ আহ্বানত সঁহাৰি নিদিয়া আল্লাহক অস্বীকাৰকাৰী, এই দুয়ো প্ৰকাৰ ব্যক্তি কেতিয়াও সমান হ'ব নোৱাৰে। দৰাচলতে ইয়াৰ দ্বাৰা কেৱল বিবেকৱান লোকসকলেহে শিক্ষা তথা পাঠ গ্ৰহণ কৰে।
التفاسير العربية:
من فوائد الآيات في هذه الصفحة:
• الترغيب في جملة من فضائل الأخلاق الموجبة للجنة، ومنها: حسن الصلة، وخشية الله تعالى، والوفاء بالعهود، والصبر والإنفاق، ومقابلة السيئة بالحسنة والتحذير من ضدها.
কিছুমান উৎকৃষ্ট সদ্ব্যৱহাৰৰ বৰ্ণনা যিবোৰৰ দ্বাৰা জান্নাত পোৱা যায়। যেনে- আত্মীয়-স্বজনৰ লগত সদ্ব্যৱহাৰ কৰা, অন্তৰত আল্লাহৰ ভয় পোষণ কৰা, প্ৰতিশ্ৰুতি পূৰণ কৰা, ধৈৰ্য ধাৰণ কৰা, ব্যয় কৰা, বেয়া কৰ্মক ভাল কৰ্মৰ জৰিয়তে প্ৰতিহত কৰা, লগতে এইবোৰ কাৰ্যৰ পৰিপন্থী কাৰ্যৰ পৰা সাৱধান থকা।

• أن مقاليد الرزق بيد الله سبحانه وتعالى، وأن توسعة الله تعالى أو تضييقه في رزق عبدٍ ما لا ينبغي أن يكون موجبًا لفرح أو حزن، فهو ليس دليلًا على رضا الله أو سخطه على ذلك العبد.
জীৱিকাৰ চাবিপাত আল্লাহৰ হাতত। জীৱিকাৰ প্ৰশস্ততা অথবা সংকীৰ্ণতা বান্দাৰ বাবে আনন্দ তথা দুখৰ কাৰণ নহয়। এয়া বান্দাৰ ওপৰত আল্লাহৰ সন্তুষ্টি তথা অসন্তুষ্টিৰো প্ৰতীক নহয়।

• أن الهداية ليست بالضرورة مربوطة بإنزال الآيات والمعجزات التي اقترح المشركون إظهارها.
হিদায়ত আৱশ্যকৰূপে নিদৰ্শন তথা অলৌকিকতা অৱতীৰ্ণৰ সৈতে সম্পৃক্ত নহয়, যিটোৰ প্ৰস্তাৱ মুশ্বৰিকসকলে দিছে।

• من آثار القرآن على العبد المؤمن أنه يورثه طمأنينة في القلب.
মুমিন বান্দাৰ ওপৰত কোৰআনৰ অন্যতম প্ৰভাৱ হৈছে, কোৰআনে তেওঁলোকৰ অন্তৰত প্ৰশান্তি বিস্তাৰ কৰে।

 
ترجمة معاني آية: (19) سورة: الرعد
فهرس السور رقم الصفحة
 
ترجمة معاني القرآن الكريم - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - فهرس التراجم

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

إغلاق