ترجمة معاني القرآن الكريم - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - فهرس التراجم


ترجمة معاني آية: (58) سورة: الكهف
وَرَبُّكَ الْغَفُوْرُ ذُو الرَّحْمَةِ ؕ— لَوْ یُؤَاخِذُهُمْ بِمَا كَسَبُوْا لَعَجَّلَ لَهُمُ الْعَذَابَ ؕ— بَلْ لَّهُمْ مَّوْعِدٌ لَّنْ یَّجِدُوْا مِنْ دُوْنِهٖ مَوْىِٕلًا ۟
যাতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে অস্বীকাৰকাৰীসকলক শাস্তি প্ৰদানৰ ক্ষেত্ৰত খৰধৰ নকৰে, সেইকাৰণে আল্লাহে কৈছেঃ হে ৰাছুল! আপোনাৰ প্ৰতিপালক তেওঁৰ তাওবাকাৰী বান্দাসকলৰ প্ৰতি অতি ক্ষমাশীল। তেওঁ অতি দয়ালু, তেওঁৰ দয়া প্ৰত্যেক বস্তুকে আৱৰি আছে। এইটোও তেওঁৰ দয়া যে, তেওঁ পাপিষ্ঠসকলক অৱকাশ দিয়ে যাতে সিহঁতে তাওবা কৰে। যদি আল্লাহে এই অৱজ্ঞাকাৰীসকলক শাস্তি দিব বিচাৰিলেহেঁতেন তেন্তে অৱশ্যে এই পৃথিৱীতেই সিহঁতক শাস্তি প্ৰদান কৰিলেহেঁতেন। কিন্তু তেওঁ অতি সহনশীল তথা দয়ালু। তেওঁ সিহঁতৰ পৰা শাস্তিক পিচুৱাই দিছে যাতে সিহঁতে তাওবা কৰে। বৰং সিহঁতৰ বাবে স্থান আৰু সময় নিৰ্ধাৰণ কৰিছে, য’ত সিহঁতক কুফৰী আৰু অৱজ্ঞাৰ শাস্তি দিয়া হ’ব, যদি সিহঁতে তাওবা নকৰে। তেওঁৰ বাহিৰে সিহঁতৰ কোনো সুৰক্ষা প্ৰদানকাৰী নাই, য’ত সিহঁতে আশ্ৰয় লব পাৰিব।
التفاسير العربية:
من فوائد الآيات في هذه الصفحة:
• عظمة القرآن وجلالته وعمومه؛ لأن فيه كل طريق موصل إلى العلوم النافعة، والسعادة الأبدية، وكل طريق يعصم من الشر.
কোৰআনৰ মহানতা, শ্ৰেষ্ঠতা আৰু সমাৱেশৰ বৰ্ণনা, কিয়নো ইয়াৰ মাজত লাভদায়ক জ্ঞান-বিজ্ঞান আৰু উভয় জগতৰ সৌভাগ্যশালী জীৱনৰ পথ দেখুওৱা হৈছে আৰু প্ৰত্যেক বেয়া কৰ্মৰ পৰা সুৰক্ষা লাভ কৰাৰ উপায় বৰ্ণনা কৰা হৈছে।

• من حكمة الله ورحمته أن تقييضه المبطلين المجادلين الحق بالباطل من أعظم الأسباب إلى وضوح الحق، وتبيُّن الباطل وفساده.
এয়া এক প্ৰকাৰ আল্লাহৰ দয়া তথা হিকমত যে, তেওঁ এনেকুৱা কিছুমান লোকক সৃষ্টি কৰিছে যিসকলে অসত্যৰ সহায় লৈ বাক-বিতণ্ডাৰ জৰিয়তে সত্যক পৰাজিত কৰিব বিচাৰে, দৰাচলতে এইসকল লোকেই সত্যক স্পষ্ট কৰাত তথা অসত্যৰ বেয়া দিশবোৰ প্ৰকাশ কৰাত আটাইতকৈ বেছি সহায় কৰে।

• في الآيات من التخويف لمن ترك الحق بعد علمه أن يحال بينه وبين الحق، ولا يتمكن منه بعد ذلك، ما هو أعظم مُرَهِّب وزاجر عن ذلك.
উক্ত আয়াতবোৰত সেইসকল লোকক সতৰ্ক কৰা হৈছে, যিসকলে জানি বুজি সত্য প্ৰত্যাখ্যান কৰে, কিয়নো সিহঁতৰ আৰু সত্যৰ মাজত কোনো প্ৰাচীৰ থিয় হ'ব পাৰে, ফলত সিহঁত সত্যৰ পৰা চিৰস্থায়ীভাৱে বঞ্চিত হ'ব পাৰে। দৰাচলতে এইটোৱে হৈছে সিহঁতক অসত্যৰ প্ৰেমৰ পৰা বিৰত ৰখাৰ আটাইতকৈ প্ৰভাৱশালী উপায়।

• فضيلة العلم والرحلة في طلبه، واغتنام لقاء الفضلاء والعلماء وإن بعدت أقطارهم.
জ্ঞান তথা জ্ঞান অৰ্জন কৰিবলৈ কৰা ভ্ৰমণৰ গুৰুত্ব, জ্ঞানৱান তথা আলিম-উলামাসকলৰ লগত সাক্ষাৎ কৰি উপকৃত হোৱাৰ ফজিলত, যদিও দূৰণিয়া বাটৰ ভ্ৰমণ কৰিবলগীয়া হয়।

• الحوت يطلق على السمكة الصغيرة والكبيرة ولم يرد في القرآن لفظ السمك، وإنما ورد الحوت والنون واللحم الطري.
‘হুত’ আচলতে সৰু বৰ সকলো মাছকে কোৱা হয়। দৰাচলতে কোৰআনত ‘ছামাক’ শব্দটো ব্যৱহাৰ হোৱা নাই। বৰং ‘হুত’ ‘নূন’ আৰু ‘লাহমুন তাৰীঈ’ আদি শব্দ ব্যৱহাৰ হৈছে।

 
ترجمة معاني آية: (58) سورة: الكهف
فهرس السور رقم الصفحة
 
ترجمة معاني القرآن الكريم - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - فهرس التراجم

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

إغلاق