ترجمة معاني القرآن الكريم - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - فهرس التراجم


ترجمة معاني آية: (7) سورة: الكهف
اِنَّا جَعَلْنَا مَا عَلَی الْاَرْضِ زِیْنَةً لَّهَا لِنَبْلُوَهُمْ اَیُّهُمْ اَحْسَنُ عَمَلًا ۟
পৃথিৱীৰ বুকুত পোৱা সকলো বস্তুকে আমি ইয়াৰ সৌন্দৰ্য বনাই দিছো, যাতে আমি সিহঁতক পৰীক্ষা কৰিব পাৰো, কোনে আল্লাহক সন্তুষ্ট কৰিবলৈ সৎকৰ্ম কৰে আৰু কোনে বেয়া কৰ্ম কৰে। যাতে আমি প্ৰত্যেককে উচিত প্ৰতিদান দিব পাৰো।
التفاسير العربية:
من فوائد الآيات في هذه الصفحة:
• الداعي إلى الله عليه التبليغ والسعي بغاية ما يمكنه، مع التوكل على الله في ذلك، فإن اهتدوا فبها ونعمت، وإلا فلا يحزن ولا يأسف.
দাঈসকলৰ দায়িত্ব হৈছে আল্লাহৰ বাৰ্তা সুচাৰূপে পৌঁচাই দিয়া তথা আল্লাহৰ ওপৰত ভৰসা কৰি যথা সম্ভৱ প্ৰয়াস কৰা। যদি মানুহে সঠিক পথ মানি লয় তেন্তে বহুত ভাল কথা, অন্যথা ইয়াৰ বাবে দুখ তথা পৰিতাপ কৰা উচিত নহয়।

• في العلم بمقدار لبث أصحاب الكهف، ضبط للحساب، ومعرفة لكمال قدرة الله تعالى وحكمته ورحمته.
গুফাবাসীৰ অৱস্থানৰ সময়সীমা সম্পৰ্কীয় জ্ঞানত আছে গণনাৰ সঠিক পদ্ধতি তথা আল্লাহৰ পৰিপূৰ্ণ ক্ষমতাৰ তথা তেওঁৰ হিকমত আৰু দয়াৰ পৰিচয়।

• في الآيات دليل صريح على الفرار بالدين وهجرة الأهل والبنين والقرابات والأصدقاء والأوطان والأموال؛ خوف الفتنة.
উক্ত আয়াতসমূহত এই কথাৰ স্পষ্ট প্ৰমাণ পোৱা যায় যে, দ্বীনৰ ক্ষেত্ৰত ফিতনাৰ আশংকা হ'লে ঘৰ পৰিয়াল, সন্তান-সন্ততি, আত্মীয়-স্বজন, বন্ধু-বান্ধৱ, দেশ তথা ধন-সম্পদ ত্যাগ কৰি হিজৰত কৰাৰ অনুমতি আছে।

• ضرورة الاهتمام بتربية الشباب؛ لأنهم أزكى قلوبًا، وأنقى أفئدة، وأكثر حماسة، وعليهم تقوم نهضة الأمم.
যুৱকসকলক শিক্ষা দিয়াৰ প্ৰতি মনোযোগ দিয়াৰ প্ৰয়োজন আছে। কিয়নো তেওঁলোকৰ অন্তৰ অধিক পৱিত্ৰ তথা চাফ থাকে, লগতে তেওঁলোক অধিক উদ্যম, তেওঁলোকৰ ওপৰতেই জাতিৰ ভৱিষ্যত নিৰ্ভৰ কৰে।

 
ترجمة معاني آية: (7) سورة: الكهف
فهرس السور رقم الصفحة
 
ترجمة معاني القرآن الكريم - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - فهرس التراجم

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

إغلاق