وَاِذْ قَالَ اِبْرٰهٖمُ رَبِّ اجْعَلْ هٰذَا بَلَدًا اٰمِنًا وَّارْزُقْ اَهْلَهٗ مِنَ الثَّمَرٰتِ مَنْ اٰمَنَ مِنْهُمْ بِاللّٰهِ وَالْیَوْمِ الْاَخِرِ ؕ— قَالَ وَمَنْ كَفَرَ فَاُمَتِّعُهٗ قَلِیْلًا ثُمَّ اَضْطَرُّهٗۤ اِلٰی عَذَابِ النَّارِ ؕ— وَبِئْسَ الْمَصِیْرُ ۟
হে নবী স্মৰণ কৰক, যেতিয়া ইব্ৰাহীম আলাইহিচ ছালামে নিজ প্ৰতিপালকৰ ওচৰত দুআ কৰি কৈছিলঃ হে মোৰ প্ৰতিপালক! তুমি মক্কা চহৰখনক নিৰাপদ চহৰ বনাই দিয়া। যাতে কোনেও কাৰো ওপৰত নিৰ্যাতন নকৰে। আৰু ইয়াৰ অধিবাসীসকলক বিভিন্ন প্ৰকাৰৰ ফল-মূলৰ জীৱিকা প্ৰদান কৰা আৰু এই জীৱিকা নিৰ্দিষ্ট কৰি দিয়া সেইসকল লোকৰ বাবে যিসকলে তোমাক বিশ্বাস কৰে আৰু শেষ দিৱসৰ প্ৰতি ঈমান পোষণ কৰে। তেতিয়া আল্লাহে কৈছিলঃ যিয়ে কুফৰী কৰিব তাকো মই অলপ সময়ৰ বাবে জীৱনোপভোগ কৰিবলৈ সুযোগ প্ৰদান কৰিম। কিন্তু আখিৰাতত মই তাক জুইৰ শাস্তি ভোগ কৰিবলৈ বাধ্য কৰাম। বৰ বেয়া আৱাসস্থল, য’ত সিহঁতে কিয়ামতৰ দিনা উভতি যাব।
التفاسير: