قَدْ نَرٰی تَقَلُّبَ وَجْهِكَ فِی السَّمَآءِ ۚ— فَلَنُوَلِّیَنَّكَ قِبْلَةً تَرْضٰىهَا ۪— فَوَلِّ وَجْهَكَ شَطْرَ الْمَسْجِدِ الْحَرَامِ ؕ— وَحَیْثُ مَا كُنْتُمْ فَوَلُّوْا وُجُوْهَكُمْ شَطْرَهٗ ؕ— وَاِنَّ الَّذِیْنَ اُوْتُوا الْكِتٰبَ لَیَعْلَمُوْنَ اَنَّهُ الْحَقُّ مِنْ رَّبِّهِمْ ؕ— وَمَا اللّٰهُ بِغَافِلٍ عَمَّا یَعْمَلُوْنَ ۟
হে নবী! আমি আপোনাৰ মুখমণ্ডল আৰু দৃষ্টিক বাৰে বাৰে আকাশৰ পিনে উঠোৱা লক্ষ্য কৰিছো। আপুনি এই আশাত আছে যে, আপোনাৰ পছন্দৰ কিবলাৰ পিনে মুখ কৰি ছালাত আদায় কৰাৰ অনুমতি প্ৰাপ্ত হওঁক। এতেকে আমি অনতিপলমে বৰ্তমানৰ কিবলা বাইতুল মাক্বদিছৰ পৰিবৰ্তে আপোনাৰ পছন্দৰ কিবলা অৰ্থাৎ কাবা ঘৰৰ পিনে মুখ ঘূৰাই দিম। গতিকে এতিয়া মক্কাত অৱস্থিত পৱিত্ৰ ঘৰৰ পিনে মুখ কৰি লওঁক। হে মুছলিমসকল! তোমালোকে য’তে নাথাকা কিয়, ছালাতৰ সময়ত সেই পিনেই মুখ কৰি ছালাত আদায় কৰিবা। দৰাচলতে ইয়াহুদী আৰু খৃষ্টানসকলে এই কথা অৱগত যে, কিবলা পৰিবৰ্তনৰ আদেশ সিহঁতৰ প্ৰতিপালকৰ তৰফৰ পৰা আহিছে আৰু ইয়াৰ সত্যতাত কোনো ধৰণৰ সন্দেহৰ অৱকাশ নাই। কিয়নো সিহঁতৰ পুথিত ইয়াৰ উল্লেখ আছে। এনেকুৱা সত্যৰ পৰা পলায়নকাৰী সকলৰ কৰ্ম সম্পৰ্কে আল্লাহ অমনোযোগী নহয়। বৰং আল্লাহ সেই বিষয়ে সম্যক অৱগত আৰু সিহঁতক ইয়াৰ প্ৰতিদান দিব।
التفاسير: