external-link copy
23 : 21

لَا یُسْـَٔلُ عَمَّا یَفْعَلُ وَهُمْ یُسْـَٔلُوْنَ ۟

আল্লাহ তেওঁৰ ৰাজত্ব আৰু সিদ্ধান্তত একক, অদ্বিতীয়। তেওঁৰ কোনো ফয়চালা আৰু সিদ্ধান্তৰ বিষয়ে কোনেও তেওঁক সোধ-পোচ কৰিবলৈ সক্ষম নহয়। আনহাতে তেওঁ বান্দাসকলক সিহঁতৰ কৰ্ম সম্পৰ্কে জবাবদিহি কৰিব, তথা সিহঁতক সিহঁতৰ কৰ্মৰ প্ৰতিফল দান কৰিব। info
التفاسير: |
من فوائد الآيات في هذه الصفحة:
• الظلم سبب في الهلاك على مستوى الأفراد والجماعات.
ব্যক্তি জীৱনতেই হওঁক অথবা সামাজিক জীৱনত, অন্যায় হৈছে ধ্বংসৰ মূল কাৰণ। info

• ما خلق الله شيئًا عبثًا؛ لأنه سبحانه مُنَزَّه عن العبث.
আল্লাহে কোনো বস্তুকেই অদৰকাৰী সৃষ্টি কৰা নাই। কিয়নো অদৰকাৰী সৃষ্টি কৰাৰ পৰা তেওঁ পৱিত্ৰ। info

• غلبة الحق، ودحر الباطل سُنَّة إلهية.
সত্যক বিজয়ী কৰা আৰু অসত্যক পৰাস্ত কৰাটো আল্লাহৰ ধাৰাবাহিক নীতি। info

• إبطال عقيدة الشرك بدليل التَّمَانُع.
শ্বিৰ্কীয়া আক্বীদাক এই প্ৰমাণৰ জৰিয়তে খণ্ডন কৰা হৈছে যে, যদি একাধিক উপাস্য থাকিলহেঁতেন তেন্তে ইজনে সিজনৰ কৰ্মত হস্তক্ষেপ কৰিলেহেঁতেন, তথা বিশ্বজগতৰ পৰিচালনাত ব্যঘাত জন্মিলেহেঁতেন। info

next

سورة الأنبياء - আল-আম্বীয়া

prev