ترجمة معاني القرآن الكريم - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - فهرس التراجم


ترجمة معاني آية: (44) سورة: آل عمران
ذٰلِكَ مِنْ اَنْۢبَآءِ الْغَیْبِ نُوْحِیْهِ اِلَیْكَ ؕ— وَمَا كُنْتَ لَدَیْهِمْ اِذْ یُلْقُوْنَ اَقْلَامَهُمْ اَیُّهُمْ یَكْفُلُ مَرْیَمَ ۪— وَمَا كُنْتَ لَدَیْهِمْ اِذْ یَخْتَصِمُوْنَ ۟
জাকাৰিয়্যা আৰু মাৰইয়াম আলাইহিমাছ ছালাম সম্পৰ্কে উপৰোক্ত বৰ্ণনাসমূহ গায়েবৰ অন্তৰ্ভুক্ত, যিটো আমি -হে ৰাছুল- আপোনাৰ প্ৰতি অহী কৰিছো। আপুনি সেই ধৰ্মগুৰু আৰু নেক মানুহসকলৰ ওচৰত উপস্থিত নাছিল, যেতিয়া সিহঁতে পৰস্পৰে এই কথাত বাদানুবাদ কৰি আছিল যে, মাৰইয়ামৰ লালন-পালনৰ অধিক হকদাৰ কোন? বিবাদ ইমান ডাঙৰ হৈ গল যে, সিহঁত এই বিষয়ে লটাৰী কৰিবলৈ বাধ্য হল, আৰু নিজৰ নিজৰ কলম নিক্ষেপ কৰিলে। ফলত জাকাৰিয়্যা আলাইহিছ ছালামৰ কলমে সফলতা অৰ্জন কৰিলে।
التفاسير العربية:
من فوائد الآيات في هذه الصفحة:
• عناية الله تعالى بأوليائه، فإنه سبحانه يجنبهم السوء، ويستجيب دعاءهم.
আল্লাহে তেওঁৰ প্ৰিয় বান্দাসকলৰ প্ৰতি মনোযোগ প্ৰদান কৰে, ফলত আল্লাহে তেওঁলোকক অসত্কৰ্মৰ পৰা ৰক্ষা কৰে আৰু তেওঁলোকৰ দুআ কবুল কৰে।

• فَضْل مريم عليها السلام حيث اختارها الله على نساء العالمين، وطهَّرها من النقائص، وجعلها مباركة.
মাৰইয়াম আলাইহিছ ছালামৰ শ্ৰেষ্ঠতা। কিয়নো আল্লাহে তেওঁক পৃথিৱীৰ নাৰীসকলৰ পৰা মনোনীত কৰিছিল। ত্ৰুটিৰ পৰা পৱিত্ৰ কৰিছিল আৰু তেওঁক বৰকতময় বনাইছিল।

• كلما عظمت نعمة الله على العبد عَظُم ما يجب عليه من شكره عليها بالقنوت والركوع والسجود وسائر العبادات.
বান্দাৰ ওপৰত আল্লাহৰ নিয়ামত যিমান ডাঙৰ হয়, সেই অনুপাতে ছালাতত দীৰ্ঘ ক্বিয়াম, ৰুকু, ছাজাদাহ আৰু সকলো ধৰণৰ ইবাদতৰ জৰীয়তে তেওঁৰ কৃতজ্ঞতা জ্ঞাপন কৰা সিমানেই জৰুৰী হৈ পৰে।

• مشروعية القُرْعة عند الاختلاف فيما لا بَيِّنة عليه ولا قرينة تشير إليه.
যদি এনেকুৱা কোনো বিষয়ত মতানৈক্য হয় যাৰ কোনো প্ৰমাণ নাই অথবা এই দিশত ইঙ্গিত কৰিবলৈ কোনো সংকেত নাই তেনে অৱস্থাত লটাৰী কৰি মীমাংসা কৰিব পাৰি।

 
ترجمة معاني آية: (44) سورة: آل عمران
فهرس السور رقم الصفحة
 
ترجمة معاني القرآن الكريم - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - فهرس التراجم

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

إغلاق