যি ব্যক্তিয়ে পৃষ্ঠপ্ৰদৰ্শন কৰি পলায়ন কৰিব, কিন্তু যদি উভতি আক্ৰমণ কৰাৰ উদ্দেশ্য থাকে তেন্তে সেইটো সুকীয়া কথা, যেনে- শত্ৰু পক্ষই যাতে ভাৱে যে, তেওঁলোক পলায়ন কৰি আছে, অথচ তেওঁলোক উভতি আক্ৰমণ কৰাৰ কৌশল অৱলম্বন কৰিছে, নাইবা মুছলিমসকলৰ কোনো দলৰ সহায় গ্ৰহণৰ উদ্দেশ্য থাকে, যদি এই দুটা উদ্দেশ্য নাথাকে তেন্তে সেই ব্যক্তি আল্লাহৰ প্ৰকোপ লৈ প্ৰত্যাৱৰ্তন কৰিব আৰু তেওঁৰ ক্ৰোধৰ সন্মুখীন হ'ব। আখিৰাতত তাৰ ঠিকনা হ'ব জাহান্নাম, তাৰ ঠিকনা আৰু পৰিণাম হ'ব আটাইতকৈ নিকৃষ্ট।
التفاسير:
من فوائد الآيات في هذه الصفحة:
• في الآيات اعتناء الله العظيم بحال عباده المؤمنين، وتيسير الأسباب التي بها ثبت إيمانهم، وثبتت أقدامهم، وزال عنهم المكروه والوساوس الشيطانية.
এই আয়াতবোৰে প্ৰমাণ কৰে যে, আল্লাহে মুমিনসকলৰ প্ৰতি বিশেষ মনোযোগ প্ৰদান কৰে। লগতে তেওঁলোকৰ বাবে এনেকুৱা উপায় সহজলভ্য কৰি দিয়ে যিবোৰৰ দ্বাৰা তেওঁলোকৰ ঈমান দৃঢ় থাকিব আৰু ভৰি স্থিৰ থাকিব, লগতে চয়তানৰ কুমন্ত্ৰণা আৰু অপ্ৰিয় ঘটনা সুৰক্ষিত থাকিব।
• أن النصر بيد الله، ومن عنده سبحانه، وهو ليس بكثرة عَدَدٍ ولا عُدَدٍ مع أهمية هذا الإعداد.