Check out the new design

আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ * - অনুবাদসমূহৰ সূচীপত্ৰ


অৰ্থানুবাদ ছুৰা: আল-কাফিৰূন   আয়াত:

আল-কাফিৰূন

ছুৰাৰ উদ্দেশ্য:
البراءة من الكفر وأهله.
কুফৰ আৰু কাফিৰৰ পৰা সম্পৰ্কচ্ছেদৰ ঘোষণা।

قُلْ یٰۤاَیُّهَا الْكٰفِرُوْنَ ۟ۙ
হে ৰাছুল, কওক, হে আল্লাহক অস্বীকাৰকাৰী সকল!
আৰবী তাফছীৰসমূহ:
لَاۤ اَعْبُدُ مَا تَعْبُدُوْنَ ۟ۙ
যিবোৰ মুৰ্ত্তিক তোমালোকে পূজা কৰা, সেইবোৰক মই বৰ্তমানো পূজা নকৰো আৰু ভৱিষ্যতেও নকৰো।
আৰবী তাফছীৰসমূহ:
وَلَاۤ اَنْتُمْ عٰبِدُوْنَ مَاۤ اَعْبُدُ ۟ۚ
আৰু তোমালোকেও তেওঁৰ ইবাদত নকৰা, যাৰ ইবাদত মই কৰো। আৰু সেইজন হৈছে একমাত্ৰ আল্লাহ।
আৰবী তাফছীৰসমূহ:
وَلَاۤ اَنَا عَابِدٌ مَّا عَبَدْتُّمْ ۟ۙ
আৰু তোমালোকে যিবোৰ মূৰ্তিক পূজা কৰা, সেইবোৰৰ মই ইবাদতকাৰী নহয়।
আৰবী তাফছীৰসমূহ:
وَلَاۤ اَنْتُمْ عٰبِدُوْنَ مَاۤ اَعْبُدُ ۟ؕ
আৰু তোমালোকেও তেওঁৰ ইবাদত নকৰা, যাৰ ইবাদত মই কৰো। আৰু সেইজন হৈছে একমাত্ৰ আল্লাহ।
আৰবী তাফছীৰসমূহ:
لَكُمْ دِیْنُكُمْ وَلِیَ دِیْنِ ۟۠
তোমালোকৰ বাবে তোমালোকৰ ধৰ্ম, যিটো তোমালোকে মনগঢ়াভাৱে বনাই লৈছা আৰু মোৰ কাৰণে মোৰ ধৰ্ম, যিটো আল্লাহে মোৰ প্ৰতি অৱতীৰ্ণ কৰিছে।
আৰবী তাফছীৰসমূহ:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• المفاصلة مع الكفار.
কাফিৰ সকলৰ পৰা দূৰত্ব অৱলম্বন কৰা।

• مقابلة النعم بالشكر.
অনুগ্ৰহৰ বিনিময় স্বৰূপে কৃতজ্ঞতাৰ আৱশ্যকতা।

• سورة المسد من دلائل النبوة؛ لأنها حكمت على أبي لهب بالموت كافرًا ومات بعد عشر سنين على ذلك.
ছুৰা মাছাদ নবুওৱতৰ এটা অন্যতম প্ৰমাণ। কিয়নো এইটোৱে আবু লাহাবক কাফিৰ অৱস্থাত মৃত্যু হোৱাৰ কথা কৈছিল আৰু সি ইয়াৰ দহ বছৰ পিছত কাফিৰ অৱস্থাতেই মৃত্যু হৈছে।

• صِحَّة أنكحة الكفار.
কাফিৰৰ বিবাহ সঠিক।

 
অৰ্থানুবাদ ছুৰা: আল-কাফিৰূন
ছুৰাৰ তালিকা পৃষ্ঠা নং
 
আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ - অনুবাদসমূহৰ সূচীপত্ৰ

তাফছীৰ চেণ্টাৰ ফৰ কোৰানিক ষ্টাডিজৰ ফালৰ পৰা প্ৰচাৰিত।

বন্ধ