Check out the new design

আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ * - অনুবাদসমূহৰ সূচীপত্ৰ


অৰ্থানুবাদ ছুৰা: আল-ইখলাচ   আয়াত:

আল-ইখলাচ

ছুৰাৰ উদ্দেশ্য:
تفرد الله بالألوهية والكمال وتنزهه عن الولد والوالد والنظير.
আল্লাহ একক আৰু অদ্বিতীয় ইবাদতৰ ক্ষেত্ৰতো আৰু পৰিপূৰ্ণতাৰ ক্ষেত্ৰতো। লগতে তেওঁ পুত্ৰ, পিতা আৰু সমকক্ষ আদিৰ পৰা সম্পূৰ্ণৰূপে পৱিত্ৰ।

قُلْ هُوَ اللّٰهُ اَحَدٌ ۟ۚ
হে ৰাছুল, আপুনি কৈ দিয়ক, কেৱল একমাত্ৰ আল্লাহ তাআলাই ইবাদতৰ অধিকাৰী, তেওঁৰ বাহিৰে কোনো সত্য উপাস্য নাই।
আৰবী তাফছীৰসমূহ:
اَللّٰهُ الصَّمَدُ ۟ۚ
আল্লাহ হৈছে উচ্চ সত্ত্বা, পৰিপূৰ্ণ আৰু সৌন্দৰ্যৰ বিশেষণতাৰে বিশেষিত। যাৰ আগত সকলো সৃষ্টিয়ে নিজ নিজ প্ৰয়োজনবোৰ উত্থাপন কৰে।
আৰবী তাফছীৰসমূহ:
لَمْ یَلِدْ ۙ۬— وَلَمْ یُوْلَدْ ۟ۙ
যিয়ে কাকো জন্ম দিয়া নাই আৰু তেৱোঁ কাৰো পৰা জন্ম লোৱা নাই। এতেকে সেই পৱিত্ৰ সত্ত্বা আল্লাহৰ কোনো সন্তান নাই আৰু পিতাও নাই।
আৰবী তাফছীৰসমূহ:
وَلَمْ یَكُنْ لَّهٗ كُفُوًا اَحَدٌ ۟۠
আৰু সৃষ্টিৰ মাজত তেওঁৰ সমপৰ্যায়ৰ কোনো নাই।
আৰবী তাফছীৰসমূহ:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• إثبات صفات الكمال لله، ونفي صفات النقص عنه.
আল্লাহ পৰিপূৰ্ণ বৈশিষ্ট্যৰ অধিকাৰী এই কথা সাব্যস্ত কৰা, আৰু তেওঁ সকলো অপূৰ্ণতাৰ পৰা পৱিত্ৰ।

• ثبوت السحر، ووسيلة العلاج منه.
যাদুৰ বাস্তৱতা আৰু ইয়াৰ চিকিত্সাৰ পদ্ধতি।

• علاج الوسوسة يكون بذكر الله والتعوذ من الشيطان.
চয়তানৰ কুমন্ত্ৰণাৰ চিকিত্সা হৈছে আল্লাহৰ যিকিৰ বা স্মৰণ লগতে চয়তানৰ পৰা আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰা।

 
অৰ্থানুবাদ ছুৰা: আল-ইখলাচ
ছুৰাৰ তালিকা পৃষ্ঠা নং
 
আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ - অনুবাদসমূহৰ সূচীপত্ৰ

তাফছীৰ চেণ্টাৰ ফৰ কোৰানিক ষ্টাডিজৰ ফালৰ পৰা প্ৰচাৰিত।

বন্ধ