আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - অনুবাদসমূহৰ সূচীপত্ৰ


অৰ্থানুবাদ আয়াত: (86) ছুৰা: ছুৰা আন-নাহল
وَاِذَا رَاَ الَّذِیْنَ اَشْرَكُوْا شُرَكَآءَهُمْ قَالُوْا رَبَّنَا هٰۤؤُلَآءِ شُرَكَآؤُنَا الَّذِیْنَ كُنَّا نَدْعُوْا مِنْ دُوْنِكَ ۚ— فَاَلْقَوْا اِلَیْهِمُ الْقَوْلَ اِنَّكُمْ لَكٰذِبُوْنَ ۟ۚ
মুশ্বৰিকসকলে কিয়ামতৰ দিনা যেতিয়া সিহঁতৰ সেই উপাস্যবোৰক প্ৰত্যক্ষ কৰিব, যিবোৰক সিহঁতে আল্লাহৰ বাহিৰে পূজা পাঠ কৰিছিল, তেতিয়া সিহঁতে ক'বঃ হে আমাৰ প্ৰতিপালক! তোমাক এৰি আমি এইবোৰকে পূজা-পাঠ কৰিছিলো। এইটো এইকাৰণে ক'ব, যাতে সিহঁতৰ গুনাহৰ বোজা সেই উপাস্যবোৰৰ কান্ধত জাপি দিয়ে। ইয়াৰ পিছত আল্লাহে সিহঁতৰ উপাস্যবোৰক বাক শক্তি প্ৰদান কৰিব, ফলত উপাস্যবোৰে সিহঁতৰ দাবী খণ্ডন কৰি ক'বঃ হে মুশ্বৰিকসকল! নিশ্চয় তোমালোক আল্লাহৰ ইবাদতত অংশী স্থাপন কৰাৰ ক্ষেত্ৰত মিছলীয়া আছিলা, কাৰণ তেওঁৰ বাহিৰে উপাসনাৰ যোগ্য তেওঁৰ কোনো অংশীয়েই নাই।
আৰবী তাফছীৰসমূহ:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• دلت الآيات على جواز الانتفاع بالأصواف والأوبار والأشعار على كل حال، ومنها استخدامها في البيوت والأثاث.
উক্ত আয়াতবোৰে প্ৰমাণ কৰে যে, ঊণ, পচম আৰু চুলি আদিৰে উপকৃত হোৱা বৈধ। ঘৰ তথা সা-সামগ্ৰীত এইবোৰ ব্যৱহাৰ কৰা বৈধ।

• كثرة النعم من الأسباب الجالبة من العباد مزيد الشكر، والثناء بها على الله تعالى.
অধিক নিয়ামত লাভ কৰিবলৈ অধিক কৃতজ্ঞ হোৱা উচিত, লগতে আল্লাহৰ অধিক প্ৰশংসা কৰা উচিত।

• الشهيد الذي يشهد على كل أمة هو أزكى الشهداء وأعدلهم، وهم الرسل الذين إذا شهدوا تمّ الحكم على أقوامهم.
সেইজন সাক্ষী আটাইতকৈ উত্তম আৰু ন্যায়প্ৰিয়, যিয়ে প্ৰত্যেক সম্প্ৰদায়ৰ সাক্ষী হিচাপে উপস্থিত হ'ব। সেয়া হৈছে ৰাছুলসকলৰ দল, যেতিয়া তেওঁলোকে সাক্ষ্যদান কৰিব, তেতিয়া সেইমতেই উম্মতসমূহৰ মাজত ফয়চালা দিয়া হ'ব।

• في قوله تعالى: ﴿وَسَرَابِيلَ تَقِيكُم بِأْسَكُمْ﴾ دليل على اتخاذ العباد عدّة الجهاد؛ ليستعينوا بها على قتال الأعداء.
﴿وَسَرَابِيلَ تَقِيكُم بِأْسَكُمْ﴾ তোমালোকক এনেকুৱা বস্ত্ৰ প্ৰদান কৰা হৈছে, যিবোৰে তোমালোকক যুদ্ধত প্ৰাণ ৰক্ষা কৰে। আল্লাহ তাআলাৰ এই বাণীত যুদ্ধৰ বাবে প্ৰস্তুত থাকিবলৈ যাৱতীয় বস্তু মজুত ৰখাৰ প্ৰমাণ পোৱা যায়। যাতে শত্ৰুৰ লগত যুদ্ধৰ সময়ত ব্যৱহাৰ কৰা যায়।

 
অৰ্থানুবাদ আয়াত: (86) ছুৰা: ছুৰা আন-নাহল
ছুৰাৰ তালিকা পৃষ্ঠা নং
 
আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - অনুবাদসমূহৰ সূচীপত্ৰ

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

বন্ধ