Check out the new design

আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ * - অনুবাদসমূহৰ সূচীপত্ৰ


অৰ্থানুবাদ আয়াত: (111) ছুৰা: আল-ইছৰা
وَقُلِ الْحَمْدُ لِلّٰهِ الَّذِیْ لَمْ یَتَّخِذْ وَلَدًا وَّلَمْ یَكُنْ لَّهٗ شَرِیْكٌ فِی الْمُلْكِ وَلَمْ یَكُنْ لَّهٗ وَلِیٌّ مِّنَ الذُّلِّ وَكَبِّرْهُ تَكْبِیْرًا ۟۠
হে ৰাছুল! আপুনি কৈ দিয়কঃ সকলো প্ৰকাৰৰ প্ৰশংসা আল্লাহৰ বাবে যিজন সকলো ধৰণৰ প্ৰশংসাৰ যোগ্য। তেওঁ সন্তানৰ পৰা পৱিত্ৰ তথা অংশীদাৰৰ পৰা পৱিত্ৰ। এতেকে তেওঁৰ ৰাজত্বত তেওঁৰ কোনো অংশীদাৰ নাই। তেওঁক তুচ্ছ-তাচ্ছিল্য আৰু অপমানে কেতিয়াও চুব নোৱাৰে। সেয়ে তেওঁৰ কোনো সহায়কৰ প্ৰয়োজন নাই, যিয়ে তেওঁক সমৰ্থন কৰিব। আপুনি তেওঁৰ বেছি বেছি মহিমা গুণ গান কৰক। তেওঁৰ সৈতে সন্তানৰ বিষয় সম্পৃক্ত নকৰিব, তথা তেওঁৰ ৰাজত্বত অংশীদাৰ বিশ্বাস নকৰিব, লগতে কোনো সহায়ক থকা বুলিও সম্পৃক্ত নকৰিব।
আৰবী তাফছীৰসমূহ:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• أنزل الله القرآن متضمنًا الحق والعدل والشريعة والحكم الأمثل .
সত্য, ন্যায়, চৰীয়ত আৰু আদৰ্শ নিৰ্ণয় সহকাৰে আল্লাহে এই কোৰআন অৱতীৰ্ণ কৰিছে।

• جواز البكاء في الصلاة من خوف الله تعالى.
ছালাতত আল্লাহৰ ভয়ত কন্দা কটাৰ বৈধতা।

• الدعاء أو القراءة في الصلاة يكون بطريقة متوسطة بين الجهر والإسرار.
ছালাতত দুআ আৰু তিলাৱত কৰাৰ সময়ত মধ্যম পন্থা অৱলম্বন কৰা উচিত, অতি উচ্চস্বৰেও নহয়, অতি নিম্নস্বৰেও নহয়।

• القرآن الكريم قد اشتمل على كل عمل صالح موصل لما تستبشر به النفوس وتفرح به الأرواح.
পৱিত্ৰ কোৰআনত প্ৰত্যেক এনেকুৱা সৎকৰ্মৰ শিক্ষা আছে, যাৰ ফলত উত্তম প্ৰতিদান পোৱা যায়, এনেকুৱা প্ৰতিদান যাৰ দ্বাৰা আত্মাই সন্তুষ্টি লাভ কৰে আৰু অন্তৰে আনন্দ লাভ কৰে।

 
অৰ্থানুবাদ আয়াত: (111) ছুৰা: আল-ইছৰা
ছুৰাৰ তালিকা পৃষ্ঠা নং
 
আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ - অনুবাদসমূহৰ সূচীপত্ৰ

তাফছীৰ চেণ্টাৰ ফৰ কোৰানিক ষ্টাডিজৰ ফালৰ পৰা প্ৰচাৰিত।

বন্ধ