Check out the new design

আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ * - অনুবাদসমূহৰ সূচীপত্ৰ


অৰ্থানুবাদ আয়াত: (30) ছুৰা: আল-কাহাফ
اِنَّ الَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ اِنَّا لَا نُضِیْعُ اَجْرَ مَنْ اَحْسَنَ عَمَلًا ۟ۚ
নিঃসন্দেহে যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, তেওঁলোকৰ বাবে আছে মহাপ্ৰতিদান। এয়া নিশ্চিত যে, আমি কোনো উৎকৃষ্ট নেক আমলকাৰীৰ আমল কেতিয়াও বিনষ্ট নকৰোঁ। বৰং তেওঁলোকক কোনো ধৰণৰ হ্ৰাস নকৰাকৈ পৰিপূৰ্ণ প্ৰতিদান দান কৰোঁ।
আৰবী তাফছীৰসমূহ:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• فضيلة صحبة الأخيار، ومجاهدة النفس على صحبتهم ومخالطتهم وإن كانوا فقراء؛ فإن في صحبتهم من الفوائد ما لا يُحْصَى.
পূণ্যৱান লোকসকলৰ সংস্পৰ্শত থকাৰ গুৰুত্ব, তথা মনৰ সকলো প্ৰকাৰ বাধা নেউচি তেওঁলোকৰ সঙ্গ অৱলম্বন কৰা উচিত, যদিও তেওঁলোক দৰিদ্ৰ হয়। কিয়নো তেওঁলোকৰ লগত থকাৰ অগণন উপকাৰ আছে।

• كثرة الذكر مع حضور القلب سبب للبركة في الأعمار والأوقات.
সৎ মানসেৰে বেছি বেছি জিকৰ আজকাৰ কৰিলে আয়ু আৰু সময়ত বৰকত হয়।

• قاعدتا الثواب وأساس النجاة: الإيمان مع العمل الصالح؛ لأن الله رتب عليهما الثواب في الدنيا والآخرة.
ছোৱাব আৰু মুক্তি লাভৰ মূল নীতি হৈছে, ঈমানৰ লগতে সৎকৰ্ম কৰা। কিয়নো আল্লাহে পৃথিৱী আৰু আখিৰাতত এই দুটা বিষয়ৰ ওপৰতে ভিত্তি কৰি প্ৰতিদান দিয়াৰ কথা ঘোষণা কৰিছে।

 
অৰ্থানুবাদ আয়াত: (30) ছুৰা: আল-কাহাফ
ছুৰাৰ তালিকা পৃষ্ঠা নং
 
আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ - অনুবাদসমূহৰ সূচীপত্ৰ

তাফছীৰ চেণ্টাৰ ফৰ কোৰানিক ষ্টাডিজৰ ফালৰ পৰা প্ৰচাৰিত।

বন্ধ