Check out the new design

আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ * - অনুবাদসমূহৰ সূচীপত্ৰ


অৰ্থানুবাদ আয়াত: (98) ছুৰা: আল-কাহাফ
قَالَ هٰذَا رَحْمَةٌ مِّنْ رَّبِّیْ ۚ— فَاِذَا جَآءَ وَعْدُ رَبِّیْ جَعَلَهٗ دَكَّآءَ ۚ— وَكَانَ وَعْدُ رَبِّیْ حَقًّا ۟ؕ
জুল-কাৰ্ণাইনে ক'লেঃ এই বান্ধটো হৈছে মোৰ প্ৰতিপালকৰ এক প্ৰকাৰ দয়া। যিটো প্ৰাচীৰে ইয়াজুজ আৰু মাজুজৰ পৃথিৱীত কৰা উপদ্ৰৱ প্ৰতিৰোধ কৰিব। কিন্তু যেতিয়া সেই সময় আহি পৰিব, কিয়ামতৰ পূৰ্বে সিহঁতৰ ওলোৱাৰ যিটো সময় আল্লাহে নিৰ্ধাৰণ কৰি ৰাখিছে, তেতিয়া আল্লাহে সেই প্ৰাচীৰ ধ্বংস কৰি দিব। সেই প্ৰাচীৰ ধ্বংস কৰি মাটিত মিহলোৱা আৰু ইয়াজুজ মাজুজ ওলোৱাৰ ক্ষেত্ৰত আল্লাহৰ যি প্ৰতিশ্ৰুতি সেয়া অটল তথা দৃঢ়, যিটো ভঙ্গ হোৱাৰ কোনো প্ৰশ্নই নাহে।
আৰবী তাফছীৰসমূহ:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• إثبات البعث والحشر بجمع الجن والإنس في ساحات القيامة بالنفخة الثانية في الصور.
দ্বিতীয় বাৰ শিঙাত ফুঁ দিয়াৰ পিছত মানৱ আৰু জিন জাতিক পুনৰুত্থিত কৰি কিয়ামতৰ ময়দানত একত্ৰিত কৰাৰ প্ৰমাণ পোৱা গ'ল।

• أن أشد الناس خسارة يوم القيامة هم الذين ضل سعيهم في الدنيا، وهم يظنون أنهم يحسنون صنعًا في عبادة من سوى الله.
কিয়ামতৰ দিনা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত লোক হব সেইসকল, যিসকলৰ পৃথিৱীত কৰা গোটেই আমল অথলে গৈছে। যদিও সিহঁতে ধাৰণা কৰিছিল যে, আল্লাহৰ বাহিৰে সিহঁতে আনৰ উপাসনা কৰি ভাল কাম কৰি আছে।

• لا يمكن حصر كلمات الله تعالى وعلمه وحكمته وأسراره، ولو كانت البحار والمحيطات وأمثالها دون تحديد حبرًا يكتب به.
আল্লাহৰ মহান বাণী, তেওঁৰ জ্ঞান, তেওঁৰ হিকমত আৰু ৰহস্যবোৰ লিখি শেষ কৰা সম্ভৱ নহয়। যদিও সেইবোৰ লিখিবলৈ সাগৰ তথা মহাসাগৰবোৰক চিয়াঁহী বনোৱা নহওক কিয়।

 
অৰ্থানুবাদ আয়াত: (98) ছুৰা: আল-কাহাফ
ছুৰাৰ তালিকা পৃষ্ঠা নং
 
আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ - অনুবাদসমূহৰ সূচীপত্ৰ

তাফছীৰ চেণ্টাৰ ফৰ কোৰানিক ষ্টাডিজৰ ফালৰ পৰা প্ৰচাৰিত।

বন্ধ