আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - অনুবাদসমূহৰ সূচীপত্ৰ


অৰ্থানুবাদ আয়াত: (33) ছুৰা: ছুৰা মাৰয়াম
وَالسَّلٰمُ عَلَیَّ یَوْمَ وُلِدْتُّ وَیَوْمَ اَمُوْتُ وَیَوْمَ اُبْعَثُ حَیًّا ۟
তথা মোক চয়তানৰ আৰু তাৰ সহায়কৰ পৰা সুৰক্ষা প্ৰদান কৰা হৈছে, যিদিনা মই জন্ম গ্ৰহণ কৰিছোঁ আৰু যিদিনা মই মৃত্যুবৰণ কৰিম আৰু কিয়ামতৰ দিনা যেতিয়া মোক পুনৰুত্থিত কৰা হ'ব। এই তিনিটা কঠিন সন্ধিক্ষণত চয়তানে মোক প্ৰভাৱিত কৰিব নোৱাৰিব।
আৰবী তাফছীৰসমূহ:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• في أمر مريم بالسكوت عن الكلام دليل على فضيلة الصمت في بعض المواطن .
মৰিয়মৰ কথা কোৱাৰ পৰা বিৰত থকা বিষয়টোৱে প্ৰমাণ কৰে যে, কেতিয়াবা কেতিয়াবা মৌনতা অৱলম্বন কৰাটোৱে আৱশ্যক বা উত্তম।

• نذر الصمت كان جائزًا في شرع من قبلنا، أما في شرعنا فقد دلت السنة على منعه.
মৌনতাৰ মান্নত আমাৰ পূৰ্বৰ চৰীয়তসমূহত যদিও বৈধ আছিল, কিন্তু আমাৰ এই চৰীয়তত নিষিদ্ধ কৰা হৈছে এইটো হাদীছৰ দ্বাৰা প্ৰমাণিত।

• أن ما أخبر به القرآن عن كيفية خلق عيسى هو الحق القاطع الذي لا شك فيه، وكل ما عداه من تقولات باطل لا يليق بالرسل.
ঈছা আলাইহিচ্ছালামৰ সৃষ্টি যি বিৱৰণ কোৰআনে বৰ্ণনা কৰিছে, সেইটোৱেই বাস্তৱ সত্য, যি বিষয়ে সন্দেহৰ কোনো অৱকাশ নাই। ইয়াৰ বাহিৰে যি যি কোৱা হয় সেই সকলোবোৰ অসত্য আৰু সেয়া ৰাছুলৰ মৰ্যাদাৰ পক্ষে অনুপোযুক্ত।

• في الدنيا يكون الكافر أصم وأعمى عن الحق، ولكنه سيبصر ويسمع في الآخرة إذا رأى العذاب، ولن ينفعه ذلك.
পৃথিৱীত কাফিৰে সত্য সঠিকভাৱে শুনাৰ আৰু দেখাৰ পৰা বঞ্চিত থাকে। কিন্তু আখিৰাতত যেতিয়া শাস্তি তাৰ সন্মুখত থাকিব তেতিয়া সত্য শুনিবও পাৰিব আৰু দেখিবও পাৰিব, কিন্তু তেতিয়া সেইটো কোনো কামত নাহিব।

 
অৰ্থানুবাদ আয়াত: (33) ছুৰা: ছুৰা মাৰয়াম
ছুৰাৰ তালিকা পৃষ্ঠা নং
 
আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - অনুবাদসমূহৰ সূচীপত্ৰ

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

বন্ধ