Check out the new design

আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ * - অনুবাদসমূহৰ সূচীপত্ৰ


অৰ্থানুবাদ আয়াত: (58) ছুৰা: মাৰয়াম
اُولٰٓىِٕكَ الَّذِیْنَ اَنْعَمَ اللّٰهُ عَلَیْهِمْ مِّنَ النَّبِیّٖنَ مِنْ ذُرِّیَّةِ اٰدَمَ ۗ— وَمِمَّنْ حَمَلْنَا مَعَ نُوْحٍ ؗ— وَّمِنْ ذُرِّیَّةِ اِبْرٰهِیْمَ وَاِسْرَآءِیْلَ ؗ— وَمِمَّنْ هَدَیْنَا وَاجْتَبَیْنَا ؕ— اِذَا تُتْلٰی عَلَیْهِمْ اٰیٰتُ الرَّحْمٰنِ خَرُّوْا سُجَّدًا وَّبُكِیًّا ۟
এই ছুৰাত যিসকলৰ নাম উল্লেখ কৰা হৈছে, যাকাৰিয়্যা আলাইহিচ্ছালামৰ পৰা আৰম্ভ কৰি ইদ্ৰীছ আলাইহিচ্ছালাম লৈকে, তেওঁলোকেই হৈছে সেইসকল লোক, যিসকলৰ প্ৰতি আল্লাহে নবুওৱত প্ৰদান কৰি অনুগ্ৰহ কৰিছে। তেওঁলোক হৈছে আদম আলাইহিচ্ছালামৰ সন্তান, আৰু সেইসকল লোকৰ সন্তান যিসকলে নূহৰ সৈতে নাঁৱত আৰোহণ কৰিছিল, তথা তেওঁলোকৰ মাজৰ কিছুমান হৈছে ইব্ৰাহীম আৰু ইয়াকূবৰ সন্তান। আৰু সেইসকল লোকৰ মাজৰ পৰাও আছিল যিসকলক আমি ইছলাম গ্ৰহণ কৰাৰ তাওফীক প্ৰদান কৰিছিলোঁ। আমি তেওঁলোকক মনোনীত কৰিছিলোঁ আৰু নবী বনাইছিলোঁ। এওঁলোকে যেতিয়া আল্লাহৰ আয়াত তিলাৱত কৰা শুনিছিল তেতিয়া ভয়তে কান্দি কান্দি ছাজদাত পৰিছিল।
আৰবী তাফছীৰসমূহ:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• حاجة الداعية دومًا إلى أنصار يساعدونه في دعوته.
ধৰ্ম প্ৰচাৰকসকলৰ বাবে সদায় এনেকুৱা লোকৰ আৱশ্যক হয়, যিসকলে তেওঁক ধৰ্ম প্ৰচাৰ কাৰ্যত সহায় কৰিব।

• إثبات صفة الكلام لله تعالى.
এই কথাৰ স্পষ্ট প্ৰমাণ যে, মহান আল্লাহে কথা কয়।

• صدق الوعد محمود، وهو من خلق النبيين والمرسلين، وضده وهو الخُلْف مذموم.
প্ৰতিশ্ৰুতি পূৰণ কৰাটো হৈছে প্ৰশংসনীয় বিষয় তথা নবী আৰু ৰাছুলসকলৰ বৈশিষ্ট্য। পক্ষান্তৰে প্ৰতিশ্ৰুতি ভঙ্গ কৰাটো হৈছে নিন্দনীয় বিষয়।

• إن الملائكة رسل الله بالوحي لا تنزل على أحد من الأنبياء والرسل من البشر إلا بأمر الله.
নিশ্চয় ফিৰিস্তাসকল হৈছে আল্লাহৰ বাৰ্তাবাহক। নবী আৰু ৰাছুলসকলৰ ওচৰত তেওঁলোকে আল্লাহৰ আদেশ অনুযায়ী অৱতৰণ কৰে।

 
অৰ্থানুবাদ আয়াত: (58) ছুৰা: মাৰয়াম
ছুৰাৰ তালিকা পৃষ্ঠা নং
 
আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ - অনুবাদসমূহৰ সূচীপত্ৰ

তাফছীৰ চেণ্টাৰ ফৰ কোৰানিক ষ্টাডিজৰ ফালৰ পৰা প্ৰচাৰিত।

বন্ধ