Check out the new design

আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ * - অনুবাদসমূহৰ সূচীপত্ৰ


অৰ্থানুবাদ আয়াত: (186) ছুৰা: আল-বাক্বাৰাহ
وَاِذَا سَاَلَكَ عِبَادِیْ عَنِّیْ فَاِنِّیْ قَرِیْبٌ ؕ— اُجِیْبُ دَعْوَةَ الدَّاعِ اِذَا دَعَانِ فَلْیَسْتَجِیْبُوْا لِیْ وَلْیُؤْمِنُوْا بِیْ لَعَلَّهُمْ یَرْشُدُوْنَ ۟
হে নবী! যেতিয়া মোৰ বান্দাই আপোনাক মোৰ নৈকট্য আৰু দুআ কবুল হোৱাৰ বিষয়ে সোধে, তেতিয়া সিহঁতক কৈ দিয়ক যে, মই অতি ওচৰত, সিহঁতৰ অৱস্থা সম্পৰ্কে মই জ্ঞাত আৰু সিহঁতৰ দুআ মই শ্ৰৱণ কৰো। সেয়ে সিহঁতৰ বাবে কোনো মাধ্যমৰ প্ৰয়োজন নাই আৰু উচ্চস্বৰে যিকিৰ কৰাৰো আৱশ্যকতা নাই। নিৰ্ভেজালভাৱে দুআকাৰীৰ মই দুআ কবুল কৰো। সেয়ে সিহঁতে কেৱল মোৰেই আদেশ পালন কৰা উচিত আৰু ঈমানৰ ওপৰত অবিচল থকা উচিত। কিয়নো এইটো মোৰ ওচৰত কৰা প্ৰাৰ্থনা গ্ৰহণযোগ্য হোৱাৰ উত্তম উপায়। যাতে সিহঁতে পাৰ্থিৱ আৰু আখিৰাতৰ কৰ্মত সঠিক পথ লাভ কৰিব পাৰে।
আৰবী তাফছীৰসমূহ:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• فَضَّلَ الله شهر رمضان بجعله شهر الصوم وبإنزال القرآن فيه، فهو شهر القرآن؛ ولهذا كان النبي صلى الله عليه وسلم يتدارس القرآن مع جبريل في رمضان، ويجتهد فيه ما لا يجتهد في غيره.
আল্লাহে ৰমজান মাহত কোৰআন অৱতীৰ্ণ কৰি এই মাহক গুৰুত্ব প্ৰদান কৰিছে। সেয়ে এইটো হৈছেঃ কোৰআনৰ মাহ। এই মাহতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জিব্ৰীল আলাইহিচ্ছালামৰ লগত কোৰআন পঢ়া শুনা কৰিছিল। লগতে আন মাহতকৈ এই মাহত অধিক ইবাদত কৰিছিল।

• شريعة الإسلام قامت في أصولها وفروعها على التيسير ورفع الحرج، فما جعل الله علينا في الدين من حرج.
সম্পূৰ্ণ ইছলামী চৰীয়ত সহজ-সৰল আৰু অসুবিধা দূৰীকৰণৰ ওপৰত প্ৰতিষ্ঠিত। এতেকে আল্লাহে দ্বীনৰ ক্ষেত্ৰত কোনো অসুবিধা ৰখা নাই।

• قُرْب الله تعالى من عباده، وإحاطته بهم، وعلمه التام بأحوالهم؛ ولهذا فهو يسمع دعاءهم ويجيب سؤالهم.
আল্লাহ বান্দাসকলৰ নিচেই ওচৰত, তেওঁ সিহঁতক পৰিবেষ্টন কৰি আছে, তেওঁ সিহঁতৰ সকলো অৱস্থা সম্পৰ্কে জ্ঞাত। সেয়ে তেওঁ সিহঁতৰ দুআ শ্ৰৱণ কৰে আৰু সিহঁতৰ প্ৰয়োজন পূৰণ কৰে।

 
অৰ্থানুবাদ আয়াত: (186) ছুৰা: আল-বাক্বাৰাহ
ছুৰাৰ তালিকা পৃষ্ঠা নং
 
আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ - অনুবাদসমূহৰ সূচীপত্ৰ

তাফছীৰ চেণ্টাৰ ফৰ কোৰানিক ষ্টাডিজৰ ফালৰ পৰা প্ৰচাৰিত।

বন্ধ