Check out the new design

আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ * - অনুবাদসমূহৰ সূচীপত্ৰ


অৰ্থানুবাদ আয়াত: (54) ছুৰা: আল-বাক্বাৰাহ
وَاِذْ قَالَ مُوْسٰی لِقَوْمِهٖ یٰقَوْمِ اِنَّكُمْ ظَلَمْتُمْ اَنْفُسَكُمْ بِاتِّخَاذِكُمُ الْعِجْلَ فَتُوْبُوْۤا اِلٰی بَارِىِٕكُمْ فَاقْتُلُوْۤا اَنْفُسَكُمْ ؕ— ذٰلِكُمْ خَیْرٌ لَّكُمْ عِنْدَ بَارِىِٕكُمْ ؕ— فَتَابَ عَلَیْكُمْ ؕ— اِنَّهٗ هُوَ التَّوَّابُ الرَّحِیْمُ ۟
লগতে এই অনুগ্ৰহটোও স্মৰণ কৰা যে, তেৱেঁই তোমালোকক দামুৰিৰ পূজা-পাঠ এৰিবলৈ তাওবা কৰাৰ তাওফীক দান কৰিছিল। যেতিয়া মূছা আলাইহিছ ছালামে কৈছিলঃ তোমালোকে দামুৰিক উপাস্য হিচাপে লৈ তাৰ উপাসনা কৰি নিজৰ ওপৰতে অন্যায় কৰিছা। এতেকে তাওবা কৰা আৰু সৃষ্টিকৰ্তাৰ পিনে উভতি যোৱা। এই তাওবাৰ পদ্ধতি হৈছে তোমালোকে ইজনে সিজনক বধ কৰা। কুফৰৰ গভীৰতাত পতিত হৈ চিৰস্থায়ী জাহান্নামী হোৱাতকৈ এনেকুৱা তাওবাই তোমালোকৰ বাবে উত্তম। এতেকে যেতিয়া তোমালোকে আল্লাহৰ সহায় আৰু তাওফীকত এই তাওবা সম্পন্ন কৰিছিলা তেতিয়া আল্লাহে তোমালোকৰ সেই তাওবা কবুল কৰিছিল। কিয়নো আল্লাহ অধিক তাওবা কবুলকাৰী আৰু বান্দাৰ প্ৰতি পৰম দয়ালু।
আৰবী তাফছীৰসমূহ:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• عِظَمُ نعم الله وكثرتها على بني إسرائيل، ومع هذا لم تزدهم إلا تكبُّرًا وعنادًا.
আল্লাহ তাআলাই বনী ইছৰাইলক বৰ ডাঙৰ ডাঙৰ নিয়ামত দান কৰিছিল। ইয়াৰ পিছতো সিহঁতৰ অভিমান আৰু অবাধ্যতা বৃদ্ধিহে পাইছিল।

• سَعَةُ حِلم الله تعالى ورحمته بعباده، وإن عظمت ذنوبهم.
বান্দাৰ প্ৰতি আল্লাহৰ ৰহমত আৰু দয়াৰ ব্যাপকতা যদিও সিহঁতৰ গুনাহৰ পৰিমাণ বেছি নহওঁক কিয়।

• الوحي هو الفَيْصَلُ بين الحق والباطل.
অহীয়েই হৈছে সত্য আৰু অসত্যৰ মাজত নিৰ্ণায়ক।

 
অৰ্থানুবাদ আয়াত: (54) ছুৰা: আল-বাক্বাৰাহ
ছুৰাৰ তালিকা পৃষ্ঠা নং
 
আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ - অনুবাদসমূহৰ সূচীপত্ৰ

তাফছীৰ চেণ্টাৰ ফৰ কোৰানিক ষ্টাডিজৰ ফালৰ পৰা প্ৰচাৰিত।

বন্ধ