Check out the new design

আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ * - অনুবাদসমূহৰ সূচীপত্ৰ


অৰ্থানুবাদ আয়াত: (7) ছুৰা: আল-বাক্বাৰাহ
خَتَمَ اللّٰهُ عَلٰی قُلُوْبِهِمْ وَعَلٰی سَمْعِهِمْ ؕ— وَعَلٰۤی اَبْصَارِهِمْ غِشَاوَةٌ ؗ— وَّلَهُمْ عَذَابٌ عَظِیْمٌ ۟۠
কাৰণ আল্লাহে সিহঁতৰ অন্তৰত মোহৰ মাৰি দিছে। আৰু সিহঁতৰ অন্তৰত থকা বাতিল ধাৰণাসহ সিহঁতৰ অন্তৰ বন্ধ কৰি দিছে। সিহঁতৰ কাণত মোহৰ মাৰি দিছে, সেয়ে সিহঁতে সত্য গ্ৰহণ তথা অনুসৰণৰ উদ্দেশ্যে শুনিব নোৱাৰে। আৰু সিহঁতৰ চকুৰ ওপৰত দিয়া আছে আৱৰণ, এতেকে সত্য স্পষ্ট হোৱাৰ পিছতো সিহঁতে সেয়া দেখিব নোৱাৰে; আৰু সিহঁতৰ বাবে আখিৰাতত আছে কষ্টদায়ক মহাশাস্তি।
আৰবী তাফছীৰসমূহ:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• أن من طبع الله على قلوبهم بسبب عنادهم وتكذيبهم لا تنفع معهم الآيات وإن عظمت.
যিসকলৰ অন্তৰত অবাধ্যতা আৰু অস্বীকাৰ কৰাৰ ফলত মোহৰ মাৰি দিয়া হৈছে. সিহঁতৰ বাবে ডাঙৰতকৈ ডাঙৰ নিদৰ্শনো কোনো উপকাৰত নাহে।

• أن إمهال الله تعالى للظالمين المكذبين لم يكن عن غفلة أو عجز عنهم، بل ليزدادوا إثمًا، فتكون عقوبتهم أعظم.
আল্লাহৰ তৰফৰ পৰা অন্যায়কাৰী মিছলীয়াসকলৰ প্ৰতি যিটো শিথিলতা সেয়া অৱহেলা বা অপাৰগৰ বাবে নহয় বৰং এই কাৰণে যে, যাতে সিহঁতৰ গুনাহ আৰু বৃদ্ধি হয় ফলত সিহঁতে অধিক শাস্তিৰ সন্মুখীন হব।

 
অৰ্থানুবাদ আয়াত: (7) ছুৰা: আল-বাক্বাৰাহ
ছুৰাৰ তালিকা পৃষ্ঠা নং
 
আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ - অনুবাদসমূহৰ সূচীপত্ৰ

তাফছীৰ চেণ্টাৰ ফৰ কোৰানিক ষ্টাডিজৰ ফালৰ পৰা প্ৰচাৰিত।

বন্ধ