Check out the new design

আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ * - অনুবাদসমূহৰ সূচীপত্ৰ


অৰ্থানুবাদ আয়াত: (79) ছুৰা: আল-আম্বীয়া
فَفَهَّمْنٰهَا سُلَیْمٰنَ ۚ— وَكُلًّا اٰتَیْنَا حُكْمًا وَّعِلْمًا ؗ— وَّسَخَّرْنَا مَعَ دَاوٗدَ الْجِبَالَ یُسَبِّحْنَ وَالطَّیْرَ ؕ— وَكُنَّا فٰعِلِیْنَ ۟
কিন্তু বিষয়টোৰ মীমাংসা দাঊদক এৰি তেওঁৰ পুত্ৰ ছুলাইমানক ভালদৰে আমি বুজাই দিছিলোঁ। যদিও দাঊদ আৰু ছুলাইমান দুয়োকে আমি নুবুওৱত আৰু চৰীয়তৰ বিধি-বিধানৰ জ্ঞান প্ৰদান কৰিছিলোঁ। এনেকুৱা নহয় যে, কেৱল ছুলাইমানকেই প্ৰদান কৰিছিলোঁ। আৰু পৰ্বতবোৰক আমি দাঊদৰ অধীনস্থ কৰি দিছিলোঁ, সেইবোৰে তেওঁৰ সৈতে আল্লাহৰ পৱিত্ৰতা বৰ্ণনা কৰিছিল। তথা চৰাই-চিৰকটিকো আমি তেওঁৰ অধীনস্থ কৰিছিলোঁ। উত্তম বোধশক্তি, মীমাংসা কৰাৰ ক্ষমতা, জ্ঞান আৰু অধীনস্থৰ ক্ষমতা আমিয়েই তেওঁক প্ৰদান কৰিছিলোঁ।
আৰবী তাফছীৰসমূহ:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• فعل الخير والصلاة والزكاة، مما اتفقت عليه الشرائع السماوية.
সৎকৰ্ম কৰা, চালাত আদায় কৰা, যাকাত প্ৰদান কৰা আদি এনেকুৱা উপদেশ, যিবোৰ প্ৰত্যেক আচমানী গ্ৰন্থত উল্লেখ আছে।

• ارتكاب الفواحش سبب في وقوع العذاب المُسْتَأْصِل.
অশ্লীল কৰ্ম হৈছে বিনাশ বা ধ্বংসৰ অন্যতম কাৰণ।

• الصلاح سبب في الدخول في رحمة الله.
সদাচাৰিতা হৈছে আল্লাহৰ ৰহমতত প্ৰৱেশ কৰাৰ অন্যতম উপায়।

• الدعاء سبب في النجاة من الكروب.
দুআ হৈছে বিপদ-আপদৰ পৰা মুক্তি লাভ কৰাৰ উপায়।

 
অৰ্থানুবাদ আয়াত: (79) ছুৰা: আল-আম্বীয়া
ছুৰাৰ তালিকা পৃষ্ঠা নং
 
আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ - অনুবাদসমূহৰ সূচীপত্ৰ

তাফছীৰ চেণ্টাৰ ফৰ কোৰানিক ষ্টাডিজৰ ফালৰ পৰা প্ৰচাৰিত।

বন্ধ