Check out the new design

আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ * - অনুবাদসমূহৰ সূচীপত্ৰ


অৰ্থানুবাদ আয়াত: (30) ছুৰা: আল-মু'মিনূন
اِنَّ فِیْ ذٰلِكَ لَاٰیٰتٍ وَّاِنْ كُنَّا لَمُبْتَلِیْنَ ۟
উপৰোক্ত বিষয়টোৱে অৰ্থাৎ নূহ আলাইহিচ্ছালাম আৰু তেওঁৰ মুমিন সঙ্গীসকলক ৰক্ষা কৰা আৰু কাফিৰসকলক ধ্বংস কৰাৰ বিষয়টোৱে এই কথা স্পষ্টৰূপে প্ৰমাণ কৰে যে, নিশ্চয় আমি আমাৰ ৰাছুলসকলক সহায় কৰিবলৈ আৰু তেওঁলোকক অস্বীকাৰ কৰা লোকসকলক ধ্বংস কৰিবলৈ সক্ষম। দৰাচলতে আমি নূহ আলাইহিচ্ছালামক তেওঁৰ জাতিৰ মাজত প্ৰেৰণ কৰি সিহঁতক পৰীক্ষা কৰিব বিচাৰিছিলোঁ, যাতে কাফিৰৰ পৰা মুমিন আৰু গুনাহগাৰৰ পৰা আনুগত্যকাৰী স্পষ্টভাৱে প্ৰকাশ পায়।
আৰবী তাফছীৰসমূহ:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• وجوب حمد الله على النعم.
নিয়ামতৰ বাবে আল্লাহৰ কৃতজ্ঞতা স্বীকাৰ কৰা জৰুৰী।

• الترف في الدنيا من أسباب الغفلة أو الاستكبار عن الحق.
পাৰ্থিৱ জীৱনৰ সুখ-স্বাচ্ছন্দ হৈছে অমনোযোগীতা সৃষ্টি হোৱাৰ কাৰণ, তথা ই সত্যক অস্বীকাৰ কৰিবলৈ মানুহক উদ্বুদ্ব কৰে।

• عاقبة الكافر الندامة والخسران.
ক্ষতিগ্ৰস্ত আৰু অনুতাপ হৈছে কাফিৰৰ শেষ পৰিণাম।

• الظلم سبب في البعد عن رحمة الله.
অন্যায়-অত্যাচাৰ হৈছে আল্লাহৰ ৰহমতৰ পৰা আঁতৰি যোৱাৰ কাৰণ।

 
অৰ্থানুবাদ আয়াত: (30) ছুৰা: আল-মু'মিনূন
ছুৰাৰ তালিকা পৃষ্ঠা নং
 
আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ - অনুবাদসমূহৰ সূচীপত্ৰ

তাফছীৰ চেণ্টাৰ ফৰ কোৰানিক ষ্টাডিজৰ ফালৰ পৰা প্ৰচাৰিত।

বন্ধ