আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - অনুবাদসমূহৰ সূচীপত্ৰ


অৰ্থানুবাদ আয়াত: (56) ছুৰা: ছুৰা আল-ফুৰক্বান
وَمَاۤ اَرْسَلْنٰكَ اِلَّا مُبَشِّرًا وَّنَذِیْرًا ۟
হে ৰাছুল! আমি আপোনাক সেইসকল লোকৰ বাবে সুসংবাদকাৰী হিচাপে প্ৰেৰণ কৰিছোঁ, যিসকলে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰি তেওঁৰ আনুগত্য কৰে আৰু সৎকৰ্ম কৰে। আনহাতে সেইসকল লোকৰ বাবে সতৰ্ককাৰী হিচাপে প্ৰেৰণ কৰিছোঁ, যিসকলে কুফৰী আৰু পাপকৰ্মৰ জৰিয়তে তেওঁৰ অবাধ্যতা কৰে।
আৰবী তাফছীৰসমূহ:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• الداعي إلى الله لا يطلب الجزاء من الناس.
আল্লাহৰ প্ৰতি আহ্বানকাৰী ব্যক্তিয়ে কেতিয়াও মানুহৰ পৰা পাৰিশ্ৰমিক দাবী নকৰে।

• ثبوت صفة الاستواء لله بما يليق به سبحانه وتعالى.
আল্লাহৰ বাবে ইস্তিৱা বৈশিষ্ট্যৰ প্ৰমাণ। যিদৰে তেওঁৰ পৱিত্ৰ আৰু সৰ্বোচ্চ সত্ত্বাৰ বাবে উপযুক্ত।

• أن الرحمن اسم من أسماء الله لا يشاركه فيه أحد قط، دال على صفة من صفاته وهي الرحمة.
ৰহমান হৈছে আল্লাহৰ নামসমূহৰ অন্যতম এটা নাম। এই বিষয়ত কোনেও তেওঁৰ অংশীদাৰ নহয়। ইয়াৰ দ্বাৰা আল্লাহৰ এটা গুণ প্ৰমাণিত হয়, সেইটো হৈছে ৰহমত তথা দয়া।

• إعانة العبد بتعاقب الليل والنهار على تدارُكِ ما فاتَهُ من الطاعة في أحدهما.
ৰাতি আৰু দিনৰ আহ্নিক গতিৰ উদ্দেশ্য হৈছে, বান্দাসকলক সুবিধা প্ৰদান কৰা। এই দুটাৰ যিকোনো এটাত যদি বান্দাৰ কোনো নেক আমল এৰি যায়, তেন্তে সেইটো যাতে দ্বিতীয়টোত কৰি লব পাৰে।

• من صفات عباد الرحمن التواضع والحلم، وطاعة الله عند غفلة الناس، والخوف من الله، والتزام التوسط في الإنفاق وفي غيره من الأمور.
বিনম্ৰতা, সহনশীলতা, মানুহৰ অমনোযোগিতাৰ সময়ত আল্লাহৰ ইবাদত কৰা, আল্লাহক ভয় কৰা, তথা ব্যয় কৰাৰ সময়ত মধ্যম পন্থা অৱলম্বন কৰা আদি হৈছে আল্লাহৰ গুণগ্ৰাহী বান্দাসকলৰ বৈশিষ্ট্য।

 
অৰ্থানুবাদ আয়াত: (56) ছুৰা: ছুৰা আল-ফুৰক্বান
ছুৰাৰ তালিকা পৃষ্ঠা নং
 
আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - অনুবাদসমূহৰ সূচীপত্ৰ

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

বন্ধ